তেজপুৰৰ যুৱকৰ মৃত্যুকলৈ ৰহস্য

শ্মশানৰ পৰা মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে প্ৰেৰণ কৰিলে মৰণোত্তৰ পৰীক্ষাৰ বাবে

0 14
 শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,১০ফেব্ৰুৱাৰীঃ তেজপুৰ সদৰ থানাৰ অধিনৰ তথা বৰঘাট আৰক্ষী চকী অন্তৰ্গত বৰগুৰিৰ ৰাজহুৱা শ্মশানত এজন লোকৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ লোৱাৰ সময়তে একাংশ লোকে তেওঁৰ মৃত্যুকলৈ গভীৰ সন্দেহ ব্যক্ত কৰাত মৃতদেহ দাহৰ পৰিৱৰ্তে উঠাই অনা হ’ল শ্মশানৰ পৰা৷উল্লেখযোগ্য যে, আজি বয়লি বৰগুৰিৰ ৩৭ বছৰীয়া মলয় দাসৰ মৃতদেহ সৎকাৰৰ বাবে শ্মশানত  উপস্হিত হৈছিল পৰিয়াল-আত্মীয়সহ স্হানীয় শতাধিক লোক৷ সেই সময়তে ৰাইজে মলয়ৰ মৃতদেহত বিভিন্ন ক্ষতস্থান দেখি লোকজনক হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰে৷প্ৰণিধানযোগ্য যে, বিবাহিত  মলয়ৰ পত্নী সন্তানসহ থাকে নগাঁৱৰ চামগুৰিৰ সোণাইবিল স্হিত পিতৃ গৃহত৷ তিনিদিন পূৰ্বে মলয় তেজপুৰৰ পৰা সোণাইবিলৰ শহুৰেকৰ ঘৰলৈ গৈছিল৷ইয়াতে তেওঁ উচ্চ ৰক্ত চাপত  আক্ৰান্ত হোৱাৰ খবৰ দিয়া হয় তেজপুৰৰ পৰিয়ালৰ লোকক৷ইয়াৰ পিছতে দুদিন পূৰ্বে মলয়ক তেজপুৰৰ  মিছন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল আৰু উন্নত চিকিৎসাৰ বাবে কালি তেজপুৰৰ পৰা গুৱাহাটীৰ জিএনআৰচি ত ভৰ্তি কৰোৱা হৈছিল৷ চিকিৎসাধীন অৱস্হাতে যোৱা নিশা  মৃত্যু হয় মলয়ৰ৷ আনহাতে, মলয়ৰ পৰিয়ালৰ লোকে তেওঁৰ উচ্চ ৰক্ত চাপত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলিয়েই মানি লৈছিল৷ কিন্তু আজি বিয়লি মলয়ৰ মৃতদেহ সৎকাৰৰ বাবে নি শ্মশান পোৱাৰ পাছতেই নীতিনিয়ম পালনৰ সময়ত যুৱকজনৰ শৰীৰত ৰাইজে স্পষ্ট ৰূপত দেখিবলৈ পাই বিভিন্ন আঘাতৰ চিন৷ ইয়াৰ পিছতে ক্ষোভিত হৈ পৰে মলয়ৰ পৰিয়াল,আত্মীয় আৰু গাওঁবাসী৷ সকলোৱে মলয়ক পৰিকল্পিতভাৱে শহুৰেকৰ ঘৰত হত্যা কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰাৰ পাছতে শ্মশানত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়৷ পিছত ঘটনাস্হলীত স্হানীয় আৰক্ষী উপস্হিত হৈ মৃতদেহ উদ্ধাৰ কৰে আৰু মৰোনোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ ৰাইজে এই সমগ্ৰ ঘটনাৰ এক উচিত তদন্তৰ দাবী জনাইছে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More