তেজপুৰৰ সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি স্মৃতি বিজড়িত শতবৰ্ষ গৰকা অসমীয়া ক্লাবৰ “অন্তৰংগ নাট্য সন্ধ্যা” 

0 55
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১২ ফেব্ৰুৱাৰীঃ যিকোনো পৰিৱেশত য’তে ত’তে যে নাটক কৰিব পাৰি সেইকথা কালি নিশা প্ৰতিপন্ন কৰি তেজপুৰৰ একাংশ ৰুচীশীল দৰ্শকক  মুগ্ধ কৰি তুলিলে দীৰ্ঘদিন ধৰি ৰাজ্যখনত এক সুস্থ সাংস্কৃতিক ধাৰা অব্যাহত ৰখা গুৱাহাটীৰ নাট্য আৰু সাংস্কৃতিক অনুষ্ঠান “সূৰ্য্য” ই। উল্লেখ্য যে, সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ স্মৃতি বিজড়িত তেজপুৰৰ শতবৰ্ষ গৰকা অসমীয়া ক্লাবে চাৰিখনকৈ ছুটি নাটকেৰে কালিৰে পৰা দুদিনীয়াকৈ আয়োজন কৰা “অন্তৰংগ নাট্য সন্ধ্যা” শীৰ্ষক অনুষ্ঠানত কালি প্ৰথম দিনটোত গুৱাহাটীৰ “সূৰ্য্য” ই নিবেদন কৰে দুখনকৈ ছুটী নাট- “মুখামুখি” আৰু “স্মৃতি তাৰ সুগন্ধি পখিলা”। প্ৰথমেই পশ্চিম বংগৰ প্ৰখ্যাত গল্পকাৰ শীৰ্ষেন্দু মুখোপাধ্যায়ৰ মূল গল্পৰ আধাৰত প্ৰগতিশীল কবি-লেখক তথা বিজ্ঞানী ড০ বিপুলজ্যোতি শইকীয়াৰ অসমীয়া ৰূপান্তৰৰ “বিশিষ্ট নাট্য যোদ্ধা তথা নাট সমালোচক নয়ন প্ৰসাদ পৰিচালিত” মুখামুখি” শীৰ্ষক মননশীল অথচ হাস্য ৰসেৰে পূৰ্ণ নাটকখনত দুগৰাকী বিশিষ্ট চিকিৎসক ডাঃ জয়ন্ত দাস আৰু ডাঃ চিন্ময় চক্ৰৱৰ্তীয়ে অতি জীৱন্ত তথা মনপৰশা অভিনয় কৰি তেজপুৰৰ ৰুচীশীল দৰ্শকক আপ্লুত কৰি তোলে। আনহাতে ইয়াৰ পিছতেই বিশ্ব বিখ্যাত নাট্যকাৰ বিজয় তেণ্ডুলকাৰৰ এটি মূল গল্পৰ আধাৰত নয়ন প্ৰসাদৰ অসমীয়া নাট্যৰূপ “স্মৃতি তাৰ সুগন্ধি পখিলা” শীৰ্ষক নাটকতো ৰাজ্যখনৰIMG 20230212 WA0041 এগৰাকী জনপ্ৰিয় অভিনেতা তথা এন এছ ডিয়ান জ্যোতি নাৰায়ণ নাথ আৰু মেল’ডি পাটগিৰিয়ে মনপৰশা অভিনয় কৰি দৰ্শকক আপ্লুত কৰি তোলে। এটি বিশেষ প্ৰেমৰ কাহিনীৰ কাব্যধৰ্মী ধ্ৰুপদী শৈলীৰ মননশীল নাটকখনৰ প্ৰতিটো মুহূৰ্তই দৰ্শকক বিশেষ আমোদ দিবলৈ সক্ষম হয়। উল্লেখ্য যে, অসমীয়া ক্লাবৰ সদস্য পংকজ বৰুৱাই সকলোকে আদৰণী জনাই আৰম্ভ কৰা নাটকৰ পূৰ্বে “সূৰ্য্য” ৰ তৰফৰ পৰা নাট্যশিল্পী তথা পৰিচালক নয়ন প্ৰসাদে কোনোধৰণৰ প্ৰচেনিয়ামৰ সৃষ্টি নকৰাকৈ কেৱল অভিনয়ৰেই যিকোনো পৰিৱেশত দৰ্শকক আমনি নিদিয়াকৈ একোখন ছুটি নাটক নিবেদন কৰিব পাৰি সেইকথা আলোকপাত কৰি কয় নাটকৰ প্ৰচেনিয়াম ব্যৱহাৰ ব্ৰিটিছ সকল অসমলৈ অহাৰ পিছৰ পৰাহে আৰম্ভ হৈছে। ইয়াৰ পূৰ্বে যিকোনো লোকনাট বা লোক শিল্প মুকলি ভাৱেই পৰিৱেশিত হৈছিল। আজিকালি এখন পূৰ্ণাংগ নাটক কৰিবলৈ যিহেতু এক ডেৰ লাখ টকাৰ খৰছ হয় সেয়েহে ১৯৮৯ চনৰ পৰাই এনেদৰে যিকোনো পৰিৱেশত নাটক কৰাৰ পৰম্পৰা আৰম্ভ কৰা হৈছিল আৰু ২০১৫ চনৰ পৰা নতুন দিল্লী, আগৰতলা, মণিপুৰৰ লগতে অসমৰ যিকোনো ঠাইত এনেদৰে কম খৰছত ছুটি মননশীল নাটক কৰি দৰ্শকৰ সঁহাৰি লাভ কৰিবলে সক্ষম হৈছে বুলি মন্তব্য কৰে। নাটকৰ অন্তত সকলো কুশীলৱকে অসমীয়া ক্লাবৰ তৰফৰ পৰা এনেদৰে একোখনকৈ গামোচাৰে সন্মান জনাই সভাপতি অৰুণা দেৱী আৰু সম্পাদক অনু দেৱী মহন্তই। উল্লেখ্য যে, নাটক দুখনৰ পোহৰ পৰিকল্পনা আছিল প্ৰেম প্ৰসাদৰ আৰু সংগীত চয়ন ৰক্তোপল দিকু ভৰদ্বাজ, নেপথ্য ঘোষণা অবনী বৰা, কবিতা পাঠ মেল’ডি পাটগিৰি আৰু ব্যৱস্হাপনা আছিল দীপক চক্ৰৱৰ্তী আৰু উৎপল দত্তৰ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More