তেজপুৰ আদালতৰ উদ্যোগত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হীৰক জয়ন্তী উদযাপন

0 19

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৫ এপ্ৰিলঃ আজি তেজপুৰ মহাবিদ্যালয়ৰ সন্মিলন কক্ষত তেজপুৰ আদালতৰ উদ্যোগত ১৯৪৮ চনত স্থাপিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হীৰক জয়ন্তী উদযাপন কৰা হয়। তেজপুৰ আদালতৰ জিলা আৰু সত্ৰ ন্যায়াধীশ চত্ৰ ভূষন গগৈয়ে বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰা এই বিশেষ অনুষ্ঠানত সৰস্বতী বন্দনা পৰিবেশন কৰাৰ পাছতে তেজপুৰ আদালতৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ পম্পী চক্ৰৱৰ্তীয়ে আদৰণি ভাষনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বৰ্ণিল যাত্ৰাৰ বিষয়ে আলোকপাত কৰে৷ সভাখনত বিশিষ্ট অতিথি হিচাবে অংশ গ্ৰহন কৰি প্ৰতিৰক্ষা গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ড° ডি ভি কম্বোজে ভাষণত , গুৱাহাটী উচ্চ ন্যায়ালয়ে সফলতাৰ ৭৫ বছৰ অতিক্ৰম কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰি কয় আইন আৰু বিজ্ঞানএটা আনটোৰ পৰিপূৰক। বিজ্ঞানে মানব সমাজৰ, বিশ্বৰ হিতৰ বাবে ন ন সৃষ্টি, গৱেষণা কৰিছে আৰু ইয়াৰ অপ প্ৰয়োগ বা ব্যৱহাৰিক দিশত আইনে ৰক্ষনা বেক্ষন দিছে বুলি কৈ ড° কম্বোজে আৰু কয় যে,দেশৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত বলিষ্ঠ ভূমিকা পালন কৰি আহিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। সভাত লোকপ্ৰিয় গোপীনাথ বৰদলৈ মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ সঞ্চালক চিকিৎসক শৈলেন কুমাৰ দেউৰী, তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড°ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্য আৰু তেজপুৰ উকীল সন্থাৰ সভাপতি ইস্কে আলমৰ উপৰিও তেজপুৰ আইন মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড০ দুলুমণি নাথৰ লগতে তেজপুৰ আদালতৰ ন্যায়াধীশ, অধিবক্তা, তেজপুৰ বিশ্ববিদ্যালয়, আইন মহাবিদ্যালয় আৰু তেজপুৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থী সকল উপস্থিত থাকে ।সভাত উপস্থিত থকা তেজপুৰ বিশ্ববিদ্যালয়ৰ ড° ভট্টাচাৰ্যই দীৰ্ঘদিন ধৰি চলাই অহা গবেষণাৰ প্ৰসংগ উত্থাপন কৰি সাম্প্ৰতিক সময়ত ইয়াত প্ৰয়োগ কৰা তথ্য প্ৰযুক্তিৰ ব্যৱহাৰ আৰু বিভিন্ন সময়ত ই সঠিক পথ নেদেখুৱাৰ ফলত সমস্যাৰ সৃষ্টি কৰিব পাৰে বুলি ভাষণত উল্লেখ কৰি এনে ক্ষেত্ৰত কোন জগৰীয়া হব বুলিও প্ৰশ্ন কৰে আৰু মানবৰ দ্বাৰা পৰিচালিত আৰু মানবে নিজে পৰিচালিত হোৱা বিভিন্ন দিশ ফহিয়াই বিশ্বৰ বাবে নীতি নিয়ম একে হোৱাৰ পোষকতা কৰে। সভাখনত আন কেবাগৰাকী বক্তাই বক্তব্য ৰখাৰ উপৰি গীতে মাতে এই অনুষ্ঠান উজ্জিৱীত কৰি তোলে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More