তেজপুৰ উন্নয়ন কৰ্তৃপক্ষৰ প্ৰাক্তন অধ্যক্ষ পৰিতোষ দে’ৰ বিয়োগ

0 13

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৬নৱেম্বৰঃ তেজপুৰৰ কটন ৰোড নিবাসী তথা তেজপুৰ নগৰ উন্নয়ন কৰ্তৃপক্ষৰ প্ৰাক্তন অধ্যক্ষ পৰিতোষ দে’(৭২)ৰ আজি পুৱা প্ৰায় ৬-৩০বজাত নিজা বাসগৃহত বিয়োগ ঘটে৷উল্লেখযোগ্য যে,এগৰাকী সমাজকৰ্মী দে’ এসময়ত এজন সুদক্ষ ফুটবল খেলুৱৈ আছিল আৰু তেওঁ শোণিতপুৰ জিলা দলৰ হৈ ভালেকেখন প্ৰতিযোগিতাতো অংশ লৈছিল৷ দৰং মহাবিদ্যালয়ৰ পৰা স্নাতক পাঠ্যক্ৰম সমাপ্ত কৰি তেওঁ ব্যক্তিগত প্ৰতিষ্ঠানত কিছুদিন জীৱিকা নিৰ্বাহ কৰাৰ পাছত ১৯৯২ত তেজপুৰ পৌৰসভাত এক নম্বৰ পৌৰখণ্ডৰ পৌৰসদস্য হিচাপে ১৯৯৬লৈ কাৰ্যনিৰ্বাহ কৰিছিল৷এক ৰাজহুৱা জীৱন অতিবাহিত কৰা দে’ই পাছত ২০১৪-২০১৯লৈকে তেজপুৰ নগৰ উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ হিচাপে সুচাৰুৰূপে কাৰ্য নিৰ্বাহ কৰিছিল৷ তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ আজীৱন সদস্য দে’ বিজেপি দলৰ এজন নিষ্ঠাবান কৰ্মী আছিল আৰু মৃত্যুৰ সময়ত তেওঁ দলটোৰ শোণিতপুৰ জিলাৰ উপ সভাপতিৰ দায়িত্বত আছিল৷বিগত কিছুদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰা দে’ৰ শাৰীৰিক অৱস্থা যোৱা তিনিমাহত অধিক অৱনতি ঘটে৷এনে অৱস্থাত আজি পুৱা কটনৰ’ডৰ বাসগৃহত তেওঁৰ বিয়োগ ঘটে৷দে’ৰ বিয়োগৰ খবৰে দলীয় কৰ্মী সকলৰ লগতে গুণমুগ্ধ সকলক ম্ৰিয়মাণ কৰি তোলে৷ পৰিবাৰ,কন্যা আৰু পুত্ৰৰ লগতে অসংখ্য গুণমুগ্ধক এৰি যোৱা দে’ৰ বিয়োগত তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস,বিধায়ক পৃথ্বিৰাজ ৰাভা,এমট্ৰনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা,তেজপুৰ পৌৰসভাৰ সভাপতি প্ৰজ্ঞানু ভট্টাচাৰ্য,প্ৰাক্তন পৌৰ সভাপতি আলাউদ্দিন আহমেদ,পুস্পা ডেকা,তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ সভাপতি জিতেন বৰঠাকুৰ,তেজপুৰ নগৰ উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ বিৰাজ নাথৰ লগতে হিৰণ্য ভূঞা, প্ৰমোদ নাথ,জয়ন্ত বৰা,দীপক শইকীয়াকে ধৰি বহু সংখ্যক বিশিষ্ট ব্যক্তিয়ে শোক প্ৰকাশ কৰিছে৷ আজি বিজেপিৰ দলীয় কৰ্মকৰ্তা সকলৰ লগতে তেজপুৰ নগৰ উন্নয়ন কৰ্তৃপক্ষ তথা বিভিন্ন অনুষ্ঠানে প্ৰয়াত দে’ৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ পাছত দে’ৰ অন্ত্যেষ্টিক্ৰিয়া মৰাভৰলীপাৰ ৰাজহুৱা শ্মশানত বহুসংখ্যক গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন কৰা হয়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More