তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চাফাই কৰ্মীৰ প্ৰতিবাদ

তেজৰো ক’লা বজাৰ গঢ় লৈ উঠাৰ অভিযোগ

0 18

শতাব্দ প্ৰতিনিধি তেজপুৰ ,৬আগষ্ট: তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত আজি ইয়াৰ চাফাইকৰ্মীসকলে তেওঁলোকক নিয়োগকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য যে, বহিঃৰাজ্যৰ মাপোনা আৰু ডাষ্টাৰ নামৰ দুই নিয়োগকাৰী প্ৰতিষ্ঠানে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত অস্হায়ীভাৱে চাফাইকৰ্মী নিয়োগ কৰি আহিছে৷ কিন্তু ডাষ্টাৰ নামৰ বহিঃৰাজ্যৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে আজি সৰৱ হৈ পৰে চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত কৰ্মৰত চাফাইকৰ্মী সকল৷ ডাষ্টাৰৰ বিৰুদ্ধে স্বজনতোষণ চলোৱাৰ অভিযোগ উত্থাপন কৰি চাফাইকৰ্মীসকলে প্ৰকাশ কৰে যে এই প্ৰতিষ্ঠানটোৱে তেওঁলোকৰ মাহিলী বেতন প্ৰদানকে ধৰি প্ৰয়োজনীয় চাফাই সামগ্ৰী সময়মতে যোগান নধৰে৷ তদুপৰি, বিভিন্ন সময়ত কৰ্মচাৰীক দুৰ্ব্যৱহাৰ কৰাত অতিষ্ঠ হৈ চাফাইকৰ্মীসকলে আজি কৰ্মবিৰতি পালনেৰে ডাষ্টাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ এই ক্ষেত্ৰত চিকিৎসা মহাবিদ্যালয় হাস্পতাল কৰ্তৃপক্ষক ব্যৱস্হা গ্ৰহণৰ দাবী জনাই চাফাইকৰ্মী সকলে কয় যে, অন্যথা তেওঁলোকে অনিৰ্দিষ্টকাললৈ কৰ্মবিৰতি পালন কৰিবলৈ বাধ্য হ’ব৷ ইপিনে আজি চাফাই কৰ্মী সকলৰ প্ৰতিবাদৰ সময়তে একাংশ ৰোগীৰ আত্মীয়ই এইখন চিকিৎসা মহাবিদ্যালয়ত ৰোগীৰ বাবে তাৎক্ষণিক ভাবে প্ৰয়োজন হোৱা তেজৰো এক ক’লা বজাৰ গঢ়ি উঠাৰ অভিযোগ উত্থাপন কৰিছে৷ আনকি এক ইউনিট তেজৰ বিপৰীতে কেবাহেজাৰ টকা আদায় দিবলগীয়া হোৱাৰ বিষয়ে প্ৰকাশ কৰি ইয়াত এটা তেজ বিক্ৰীৰ বৃহৎ চক্ৰ গঢ় লৈ উঠা বুলি প্ৰকাশ কৰিছে একাংশ লোকে৷ তদুপৰি ইয়াৰ শৌচালয় তথা প্ৰস্ৰাবগাৰ সমূহো অতিশয় লেতেৰা বুলিও অভিযোগ কৰে বহুসংখ্যক লোকে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More