শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৯ছেপ্টেম্বৰঃ তেজপুৰৰ বিভিন্ন স্হানত একাংশ লোকে আৱৰ্জনা পেলাই যি পৰিস্হিতিৰ উদ্ভৱ কৰি আহিছে তাৰ পৰিত্ৰাণ বিচাৰি হাঁহাকাৰ কৰিবলগীয়া হৈছে তেজপুৰ পৌৰসভাই৷উল্লেখযোগ্য যে,তেজপুৰ পৌৰসভাৰ অধীনত কৰ্মৰত বহুসংখ্যক হৰিজন থকাৰ উপৰিও সম্প্ৰতি ঘৰে ঘৰে আৱৰ্জনা সংগ্ৰহৰো ব্যৱস্থা আছে৷একেদৰে পৌৰসভাই নিজাববীয়াকৈ বিভিন্ন অঞ্চলৰ পৰা আৱৰ্জনা দৈনিক সংগ্ৰহ কৰি নিয়াৰো ব্যৱস্থা আছে৷পৌৰনেত্ৰী হিচাপে পুস্পা ডেকাৰ কাৰ্যকালত তেজপুৰ পৌৰসভাই চহৰখনক পৰিস্কাৰ চহৰ হিচাপে পুনৰ এবাৰ প্ৰতিষ্ঠা কৰি কেন্দ্ৰীয় চৰকাৰৰ পৰা বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল৷কিন্তু সম্প্ৰতি তেজপুৰ পৌৰসভাই এইক্ষেত্ৰত প্ৰদৰ্শন কৰা উদাসিনতাৰ বিপৰীতে সম্প্ৰতি তেজপুৰ পৌৰসভাৰ উপসভানেত্ৰী গৰাকীয়েই তেজপুৰ পৌৰসভাৰ মূল হৰ্তাকৰ্তা হৈ পৰা বুলি অভিযোগ উঠি আহিছে৷উল্লেখযোগ্য যে,য’তে ত’তে আৱৰ্জনা পেলোৱা একাংশ লোকৰ আলোকচিত্ৰ ৰাজহুৱা কৰা সত্বেও তেজপুৰ পৌৰসভাৰ বিভিন্ন স্হানত আৱৰ্জনা পেলাই আহিছে ভালেসংখ্যক লোকে৷প্ৰনিধানযোগ্য যে,সম্প্ৰতি তেজপুৰ পৌৰসভাই পৌৰএলেকাত সৌন্দৰ্যবৰ্দ্ধনৰ বাবে এক অস্হায়ী পৰিকল্পনা গ্ৰহণ কৰি ব্যয় কৰিছে চাৰিলাখ ৯৪হেজাৰ টকা৷চহৰখনৰ মুঠ ২০ টা স্হানত বাঁহৰে একোটা বেৰিকেড নিৰ্মাণ কৰি ইয়াত ৰং সানি তথা গছপুলি ৰোপনৰ নামত টাব আদি উলমাই তেনে স্হানত আৱৰ্জনা পেলোৱাটো নিষেধ কৰা হৈছে৷ স্বচ্ছ ভাৰত অভিযানৰে অংশ এই ব্যৱস্থা নিতান্তই অস্হায়ী হোৱাই নহয়, সম্প্ৰতি এই কৌশলো অকামিলা হৈ পৰাটো লক্ষ্যণীয়৷ উল্লেখযোগ্য যে এই কামৰ বাবে ১৬মে’ত নিবিদা আহ্বান কৰি ২৩মে’ৰ ভিতৰত নিবিদা গ্ৰহণৰ কাম সম্পন্ন কৰি পৰৱৰ্তী সময়ত ঠিকা আবন্তন দিয়া হয়৷সেই অনুসৰি তেজপুৰ পৌৰসভাৰ দুইনম্বৰ ৱাৰ্ডত ২০হেজাৰ টকাৰে এটা,পাঁচ নম্বৰ ৱাৰ্ডত ১২হেজাৰ,২২হেজাৰ,১০হেজাৰ আৰু ৪০হেজাৰ টকাৰে চাৰিটা,ছয় নম্বৰ ৱাৰ্ডত ১৮হেজাৰ টকাৰে এটা,সাত নম্বৰ ৱাৰ্ডত ১৪হেজাৰ টকাৰ এটা,আঠ নম্বৰ ৱাৰ্ডত ২০ আৰু ৩০হেজাৰ টকাৰে দুটা,১০নম্বৰ ৱাৰ্ডত ৩০হেজাৰৰে এটা,১১ত ২০হেজাৰৰে এটা,১৪ নম্বৰ ৱাৰ্ডত ৩০আৰু ২৫হেজাৰৰে দুটা,১৫ আৰু ১৬ নম্বৰ ৱাৰ্ডত একোটাত ৪০হেজাৰ টকাকৈ দুটা,১৭নম্বৰ ৱাৰ্ডত ২০হেজাৰ টকাত এটা,১৮নম্বৰত ৪০ , ২০আৰু ১৮ হেজাৰকৈ তিনিটা আৰু ১৯ নম্বৰ ৱাৰ্ডত ২৫ হেজাৰ টকাৰ বিপৰীতে এটা এনে বাহঁৰ ৰঙীন বেৰিকেড নিৰ্মাণ কৰা হয়৷বৰ্তমানেও এই কাম চলি থকাৰ বিপৰীতে ইতিমধ্যেই অধিকাংশৰে নিৰ্মাণ সমাপ্ত হোৱা এনে বেৰিকেডৰ ভালেকেইটা আকৌ পৌৰসদস্য সদস্যাৰে ককাই,ভাই আৰু স্বামীয়ে নিৰ্মাণ কৰাৰ লগতে আন একাংশ পৌৰসদস্য সদস্যাৰ ঘনিষ্ঠ লোকেই নিৰ্মাণ কৰিছে৷উল্লেখযোগ্য যে, প্ৰায় পাঁচলাখ টকা ব্যয় কৰা এই অস্হায়ী আঁচনিৰ ক্ষেত্ৰত ১৪নম্বৰ ৱাৰ্ডৰ এগৰাকী বাসিন্দাই আপত্তি দৰ্শাইছিল তেওঁৰ ঘৰৰ সন্মুখতে এই বেৰিকেড নিৰ্মাণকলৈ৷কিন্তু এই ক্ষেত্ৰত কোনো গুৰুত্ব পৌৰসভাই প্ৰদৰ্শন নকৰিলে৷আনহাতে এই বেৰিকেড নিৰ্মাণৰ পাছত এতিয়া বহু স্হানত আকৌ ইয়াৰ কাষতে বহুলোকে আৱৰ্জনা পেলাবলৈ লৈছে৷ সম্প্ৰতি লক্ষীধৰ শৰ্মা পথত থকা মৌজাদাৰ কাৰ্যালয়ৰ কাষতে নতুনকৈ আৱৰ্জনা পেলাবলৈ লোৱাৰ দৰে ৰবৰবাগান তিনিআলিৰ বেৰিকেডৰ কাষতো আৱৰ্জনা পেলোৱা আৰম্ভ কৰিছে একাংশ লোকে৷আনহাতে বহু কেইটা বেৰিকেডৰ বিপৰীতে ধাৰ্য কৰা ধনৰ পৰিমানেও সন্দেহৰ সৃষ্টি কৰিছে৷প্ৰথম অৱস্থাত বাহঁৰে নিৰ্মিত এই ৰংবিৰঙৰ অস্হায়ী বেৰিকড সমূহ কিমানদিনলৈ সুৰক্ষিতে আৰু নপছাকৈ থাকে আৰু এই স্হানৰ বিপৰীতে কাষৰে আনস্হান সমূহ কিমান আৱৰ্জনামুক্ত হৈ থাকে সেয়া সম্প্ৰতি প্ৰশ্নৰ বিষয় হৈ পৰিছে৷
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.