তেজপুৰ পৌৰ অঞ্চলত জৰাজীৰ্ণ পদপথঃ নলা নৰ্দমাৰ অৱস্থাই বিপৰ্যস্ত কৰিছে জনজীৱন

0 27

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৫ এপ্ৰিলঃ IMG 20230405 WA0071প্ৰাকৃতিক হোলা আৰু জান সমূহ নিঃশেষ প্ৰায় হোৱা তেজপুৰৰ জৰাজীৰ্ণ নলানৰ্দমা আৰু ফুটপাথৰ দুৰৱস্থাৰ আজিলৈকে সমাধান নহ’ল৷ আজিকোপতি সমাধান নহল। তেজপুৰ পৌৰসভা অন্তৰ্গত অঞ্চলত ব্যস্ত পথৰ কাষৰ পকী নলা নৰ্দমা সমুহো বৰ্তমান এফালৰ পৰা জৰাজীৰ্ণ হৈ পৰিছে য’দিও লোকনিৰ্মাণ বিভাগ নতুবা পৌৰসভাই এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। তেজপুৰ পৌৰসভাৰ বিভিন্ন ৱাৰ্ডৰ অৰ্দ্ধশতাধিক স্থানত জৰাজীৰ্ণ হৈ থকা পকী নলা নৰ্দমা সমুহে পৌৰ সভাখনৰ উন্নয়নৰ স্বৰূপটোকে সম্পুৰ্নৰূপে উদঙাই দিছে।উল্লেখ্য যে তেজপুৰ চহৰ অঞ্চলত জৰাজীৰ্ণ হৈ পৰা ফুটপাথ, পকী নলা নৰ্দমা আৰু ৰাষ্টাক কেন্দ্ৰ কৰি যাতায়াতৰ ক্ষেত্ৰত ৰাইজ ব্যাপক হাৰাশাস্তিৰ সন্মুখীন হৈ হবলগীয়া হৈছে। অভিযোগ মতে তেজপুৰ পৌৰ সভাখনৰ দায়িত্ব গ্ৰহন কৰাৰ ১১ মাহ পাৰ হোৱাৰ পিছতো সমস্যা সমুহ সমস্যা হৈয়ে থাকিল। ইফালে ফুটপাথ,নলা নৰ্দমাবোৰ মেৰামতি নোহোৱাৰ ফলত ত্ৰিবেনীৰ পৰা কেকোৰাপুল বেচৰকাৰী বাছ আস্থানৰ কাষলৈকে থকা ফুটপাথৰ বহু অধিক অংশ এফালৰ পৰা জহিখহি যোৱাত দুৰ্গন্ধময় পৰিবেশৰ সৃষ্টি হৈছে। আনকি জিলা সমাজকল্যান বিষয়াৰ কাৰ্যালয়ৰ সন্মুখৰ অংশতো ভঙা নলা নৰ্দমাৰ বাবে বিকত পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ লগতে ইদগাহ ময়দানৰ সমীপৰ নলাৰ অৱস্থাও তথৈবচ৷ একেদৰে ত্ৰিবেনী,কেকোৰাপুল ,বাণ থিয়েটাৰৰ সমীপত, তেজপুৰ একাডেমীৰ সন্মুখত ,পদুমপুখুৰীপাৰত ,ত্ৰিমুৰ্ত্তি উদ্যানৰ সন্মুখত ,সদৰ থানাৰ কাষত আৰু একাধিক স্থানত পদপথ,পকী নলা নৰ্দমা সমুহ জৰাজীৰ্ণ হৈ পৰিছে। ইফালে তেজপুৰ চহৰৰ মাজমজিয়াত অৱস্থিত ইণ্ডাছইণ্ড বেংকৰ সন্মুখৰ পৰা বাণ চাৰিআলি সংযোগী মুলপথৰ ৫০ মিটাৰৰো অধিক অংশ আজি পাঁচবছৰৰো অধিক কাল জৰাজীৰ্ণ হৈ থকাৰ পিছতো মেৰামতি নহ’ল । একেদৰে তেজপুৰৰ চানমাৰি ৰেলগেট এলেকাৰ লোকনিৰ্মাণ বিভাগৰ পথৰ দুয়োদিশে একাধিক অংশ জৰাজীৰ্ণ হৈ একাঁঠু পানী জমা হোৱাৰ পিছতো বিধায়ক আৰু উপায়ুক্ত গৰাকীয়ে ৰাইজৰ সমস্যাক কোনোধৰনে গুৰুত্ব দিয়া নাই । উল্লেখ্য যে, পদুমপুখুৰীৰ সমীপৰ পথৰ জৰাজীৰ্ণ পদপথৰ প্ৰকাণ্ড গাঁতৰ অংশও উন্মুক্ত হৈ আছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More