তেজপুৰ বিশ্ববিদ্যালয়ত প্ৰাক-বিহু উদযাপন 

0 26
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৯ এপ্ৰিল : অসমৰ বাপতিসাহোন ৰঙালী বিহু প্ৰাকক্ষণত তেজপুৰ বিশ্ববিদ্যালয়ে কালি দিনজোৰা কাৰ্যসূচীৰে বিশেষ অনুষ্ঠানৰ আয়োজন কৰে ৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ পৰিষদ আৰু শিক্ষাৰ্থীসকলৰ সহযোগত  শিক্ষানুষ্ঠানখনৰ প্ৰাংগনত ‘কাঞ্চনৰ ৰঙালী’ শীৰ্ষক প্ৰাক- বিহু উদযাপন কৰে ৷ ৰঙালী বিহুৰ লগত সংগতি ৰাখি উদযাপিত এই কাৰ্যসূচী   বিশ্ববিদ্যালয়ৰ সমূহীয়া ভৱনত কালি পুৱা ১০ বজাত কণী- যুঁজ প্ৰতিযোগিতাৰে  শুভাৰম্ভ কৰা হয় । ইয়াৰ পিছত টেকেলি ভঙা খেল আৰু ৰছী টনা খেলৰ অন্তত বিয়লি ৩:০০ বজাত বিশ্ববিদ্যালয়ৰ খেলপথাৰত মুকলি বিহু অনুষ্ঠিত কৰা হয়। সন্ধিয়া  ৬বজাত পুনৰ সমূহীয়া ভৱনত শিক্ষাৰ্থীসকলৰ উপস্থিতিত  নৱ- নিযুক্ত উপাচার্য এছ. এন সিঙে অনুষ্ঠানটোত সম্বোধন কৰি বক্তৃতা প্ৰদান কৰে ।  বিশ্ববিদ্যালয়ৰ ছাত্ৰ পৰিষদৰ সভাপতিয়ে বক্তব্য আগবঢ়োৱাৰ পিছত বাৰেৰহণীয়া সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান অনুষ্ঠিত হয় ৷ অনুষ্ঠানত একাংশ শিক্ষাৰ্থীয়ে  ‘মঞ্চ বিহু’ , ‘জেং বিহু’ , বাৰেৰহণীয়া নৃত্যানুষ্ঠান পৰিৱেশন কৰাৰ লগতে বিশ্ববিদ্যালয়খনৰ শ্ৰেষ্ঠ গায়িকা প্রশান্তি ৰয়ে আৰু ছাত্ৰ  ময়ূৰ জ্যোতি নাথে  গীত পৰিৱেশন কৰে ৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More