তেজপুৰ বিশ্ববিদ্যালয়ৰ “টপাৰ” নিলোৎপল গগৈৰ ৰহস্যজনক আত্মহনন

ছাত্ৰাবাসত শোৱাপাটীত মৃতদেহ উদ্ধাৰ 

0 42

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২২জুনঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ এটা ছাত্ৰাবাসত এজন মেধাবী ছাত্ৰৰ মৃতদেহ তেওঁৰ বন্ধ কোঠাৰ ভিতৰত উদ্ধাৰ হোৱা ঘটনাই বিশ্ববিদ্যালয়খনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।প্ৰাথমিক অৱস্থাত এই ঘটনা আত্মহত্যা বুলি আশংকা কৰা হৈছে৷ ঘটনাৰ বিৱৰণী অনুসৰি,আজি পুৱা তেজপুৰ বিশ্ববিদ্যালয়ৰ শৰাইঘাট চি ভি ৰমন হোষ্টেলৰ ৩০০৯ নম্বৰ কোঠাত শোৱাপাটীত উদ্ধাৰ হয় নিলোৎপল গগৈ (২৪) নামৰ ছাত্ৰজনৰ মৃতদেহ। পৰিৱেশ বিজ্ঞানৰ স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ আছিল নিলোৎপল গগৈ।বিভাগটোৰ “টপাৰ” ছাত্ৰজনে ছাত্ৰাবাসৰ এজনীয়া কক্ষ লাভ কৰিছিল৷ তিনিচুকীয়াৰ ডুমডুমাৰ নিলোৎপলে ইতিমধ্যে চূড়ান্ত পৰীক্ষা সমাপ্ত কৰি আজি নিজ ঘৰলৈ যোৱাৰ কথা আছিল আৰু সেইবাবেই নিলোৎপলক ঘৰলৈ নিবলৈ আজি পুৱা প্ৰায় ১০ বজাত তেওঁৰ পিতৃ আহি উপস্থিত হৈছিল তেজপুৰ বিশ্ববিদ্যালয়ত।কিন্তু বহুসময় ধৰি ছাত্ৰজনে ছাত্ৰাবাসৰ কোঠাৰ দুৱাৰ নোখোলাত সন্দেহবশত: হোষ্টেল কৰ্তৃপক্ষই কোঠাৰ দুৱাৰ ভাঙি ছাত্ৰজনক মৃত অৱস্থাত উদ্ধাৰ কৰে। ঘটনাৰ আকস্মিকতাত হতভম্ব ছাত্ৰজনৰ পিতৃয়ে এয়া হত্যাকাণ্ড বুলি দাবী কৰে৷ শোকবহ্বল পিতৃয়ে অভিযোগ কৰে যে, ছাত্ৰাবাসত চিচি কেমেৰা নাই আৰু ছাত্ৰাবাসৰ অধীক্ষক গৰাকীয়ে ছাত্ৰজনৰ মৃত্যুৰ বিষয়টো গুৰুত্ব সহকাৰে লোৱা নাই৷ তেওঁ এই সমগ্ৰ ঘটনাৰ তদন্তৰো দাবী জনায়৷ ইপিনে,পাছত আৰক্ষীসহ দণ্ডাধীশ উপস্থিত হৈ ঘটনাৰ প্ৰাথমিক তদন্তত এয়া সন্দেহজনক বিষপানৰ ঘটনা বুলি আশংকা ব্যক্ত কৰিছে। উল্লেখযোগ্য যে,ছাত্ৰজনৰ শোৱাপাটীৰ কাষত দুটা সৰু আকৃতিৰ বটল উদ্ধাৰ কৰা গৈছে আৰু ইয়াতে থকা কোনো ৰাসায়নিক দ্ৰব্য ছাত্ৰজনে পান কৰা বুলি আশংকা কৰা হৈছে৷ ইতিমধ্যে আৰক্ষীয়ে ছাত্ৰজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More