তেজপুৰ বিহগুৰিৰ বাটচ’ৰা নাট্য সমাজৰ অষ্টাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

 "কৌন্তেয় এক অভিশপ্ত মহাৰথী" প্ৰদৰ্শন

0 31
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২অক্টোবৰঃ বিগত ১৭বছৰে অৰ্থাৎ ২০০৫ ৰে পৰা অবিৰত ভাবে নাট্যচৰ্চা আৰু প্ৰসাৰৰ বাবে সেৱা আগবঢ়াই আহিছে তেজপুৰৰ বিহগুৰিস্থিত “বাটচ’ৰা নাট্য সমাজে৷ এ ভৱ সাগৰে, আতুৰ ভৈলো অপাৰ, জিৰাঙত এটি অপৰাহ্ণ, মহাপ্ৰস্থান আদিৰ দৰে উন্নত মানৰ নাট প্ৰদৰ্শনৰে সমগ্ৰ ৰাজ্যতে পৰিচিতি লাভ কৰা অনুষ্ঠানটোৱে এইবাৰ অষ্টাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত নিবেদন কৰিলে বাটচ’ৰাৰ প্ৰতিস্থাপক তথা প্ৰতিস্থিত নাট্যকাৰ-পৰিচালক গণেশ দাসৰ নাট্যৰূপ আৰু পৰিচালনাৰে “কৌন্তেয়-এক অভিশপ্ত মহাৰথী”শীৰ্ষক পূৰ্ণাংগ নাটখন৷ কালি সন্ধিয়া ৬-৩০বজাত অঞ্চলটোৰ ১৮ গৰাকীকৈ বিশিষ্ট ব্যক্তিয়ে ওঠৰ গছি বন্তি প্ৰজ্বলনেৰে শুভাৰাম্ভ কৰা  নাট্য সন্ধিয়াত মঞ্চ উদ্বোধন কৰে বিশিষ্ট নাট্যকাৰ দ্বিজেন নাথে৷ কৰ্ম কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা স্মৃতি ভৱন”ৰ মঞ্চত অভিনীত হোৱা নাটকখন মহাকাব্য মহাভাৰতৰ অন্যতম বীৰ যোদ্ধা মহাৰথী কৰ্ণৰ জীৱনকেন্দ্ৰিক সংগ্ৰাম-সংঘাত-সংঘৰ্ষ আৰু কাৰুণ্যক আধাৰ হিচাপে লৈ শক্তিশালী ৰূপত উপস্থাপন কৰাৰ প্ৰয়াস কৰা হৈছে৷ নাটখনৰ পাতনিতে মহাৰথী কৰ্ণ আৰু তেওঁৰ মানসিক জগতৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াক প্ৰতিফলিত কৰা মানস কৰ্ণ নামৰ চৰিত্ৰটোৰ কথোপ-কথনৰ জৰিয়তে কৰ্ণৰ মনোজগতত সৃষ্টি হোৱা ভাৰতীয় পৰম্পৰাৰ আৰু ৰজাঘৰীয়াৰ আভিজাত্যৰ ৰক্ষাৰ নামত তদানীন্তন সমাজত চলা শ্ৰেণী বৈষম্য, প্ৰৱঞ্চনা আৰু প্ৰতাৰণাৰ বিৰুদ্ধে যুঁজাৰু মানসিকতা আৰু প্ৰচলিত সমাজ ব্যৱস্থাৰ পৰিৱৰ্তনৰ সংগ্ৰামী মানসিকতা অতি নিখুঁতভাৱে দৰ্শকৰ সন্মুখত তুলি ধৰাত নাট্যকাৰ তথা পৰিচালক গণেশ দাস সফল হৈছে৷ পাতনিৰে পৰা অন্তিম মূহুৰ্তলৈ নাটকীয় কলা-কৌশল আৰু উৎকন্ঠাৰ জৰিয়তে দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰখা নাটখনত মহৰ্ষি পৰশুৰামৰ দ্বাৰা অভিশপ্ত কৰ্ণৰ মানসিক অন্তৰ্দ্বন্দ আৰু কাৰুণ্যৰ আৱেদনে সকলোৰে অন্তৰ স্পৰ্শ কৰিবলৈ সক্ষম হৈছে৷ নিয়ন্ত্ৰিত আৰু অৰ্থৱহ পোহৰ প্ৰক্ষেপন , আৱহ সংগীতৰ পৰিৱেশন, দৃশ্য আৰু ৰূপসজ্জাৰ নান্দনিকতাই নাটখনিক উপভোগ্য কৰি দৰ্শকক আমোদ দিবলৈ সক্ষম হৈছে৷ সকলো দিশৰ পৰাই সাৰ্থক আৰু উন্নত ব্যৱস্থাপনাৰ নাটখনত হিয়া উজাৰি অভিনয় কৰিবলৈ প্ৰয়াস কৰা ন’ ন’ প্ৰতিভাধৰ অভিনেতা-অভিনেত্ৰী অভিনেতা-অভিনেত্ৰীসকলে এই নাটকত অভিনয় কৰে৷ নাটক খনৰ নাম ভূমিকা কৰ্ণ বিপ্লৱ বৰা, দুৰ্যোধন জ্ঞানদ্বীপ, শকুণি কিশোৰ নাথ, অধিৰথ বিদ্যুত, ৰাধা চাইকিস্মিতা দাস, যুধিষ্ঠিৰ নয়ণজ্যোতি নাথ, ভীম দেৱাশীষ দেৱ নাথ, অৰ্জুন হিমাংসু নাথ, নকুল সীমান্ত নাথ, সহদেৱ জ্ঞানাংগ নাথ, বৃষালী শিখামণি সুত, দ্ৰোণ প্ৰশান্ত মহন্ত, কৃপাচাৰ্য মুকুল সুত আৰু পৰশুৰামৰ চৰিত্ৰত দ্বিপাংকৰ নাথ, দুশাসন হিমাংসু কুমাৰ নাথ, বিদুৰ বাবলু কলিতা, গান্ধাৰী পাপৰি বণিয়া, কুন্তী পাহী বৰঠাকুৰ, ভীস্ম বিজয় বৰঠাকুৰ, কৃষ্ণ দিব্যজ্যোতি নাথৰ অভিনয়ে দৰ্শকক আপ্লুত কৰে৷ তদুপৰি প্ৰশান্ত নাথৰ পোহৰ, বিতোপণ বৰা আৰু অমৃত বৰাৰ মেকআপ, ভূপেন নাথ,ৰাতুল শইকীয়া, গীতা দেৱী আৰু অমৰজ্যোতি কোচৰ আৱহ সংগীত, নিত্যদেৱ মহন্তৰ দৃশ্য সজ্জাই বাটচ’ৰা নাট্য সমাজ(বিহগুৰি)ৰ প্ৰযোজনা তথা গণেশ দাসৰ নাট্যৰূপ আৰু পৰিচালনাৰ নাটকখনৰ সফলতা আৰু গতিশিলতা প্ৰদানত বিশেষ অৰিহনা যোগাই৷ নাটকৰ ক্ষেত্ৰত পূৰ্বৰে পৰা সুনাম থকা বিহগুৰি অঞ্চলত এই নাটকখনৰ জৰিয়তে একাংশ নতুন অভিনেতা অভিনেত্ৰীৰ প্ৰয়াসে নাট্যচৰ্চাৰ ক্ষেত্ৰত অঞ্চলটোলৈ কঢ়িয়াইছে আন এক জীপাল বতৰা৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More