তেলত ডুবাই খোৱাৰ দিন ওকলিল !

চিন্তা বঢ়াইছে ইউক্ৰেইন যুদ্ধই

0 31

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ মে’ : প্রবল স্বাস্থ্য সচেতন আৰু নির্দিষ্ট কিছু অঞ্চলৰ বাসিন্দাসকলক বাদ দিলে তেলত ভজা খাদ্য বেছি প্রিয় ভাৰতীয়সকলৰ। অসমীয়াই তাহানিৰ ‘টেঙা টুকুচাৰে’ খোৱাৰ জুতি-বুধি এৰি তেলত ডুবাই খোৱাৰ এক অপকাৰী নতুন অভ্যাস গঢ়ি লৈছে। কিন্তু পৰিসংখ্যাই কৈছে— এইবাৰ হয়তো কমকৈ হ’লেও জিভাৰ সুখ পাহৰিবলগীয়া হ’ব পাৰে দেশবাসীয়ে ! তেলত ডুবাই ভজা ফুলা লুচি কিম্বা চাহাবী ফ্রেঞ্চ ফ্রাই আদি হয়তো আৰু কিছুদিনৰ পিছৰ পৰাই খোৱাৰ সুযোগ নাপাব পাৰে ভাৰতীয়সকলে ! হাতত পৰা নির্দিষ্ট তথ্য আৰু সেইবোৰ বিশ্লেষণ কৰিয়েই এনে আশঙ্কা ব্যক্ত কৰিছে বিশেষজ্ঞসকলে। আৰু এই পৰিস্থিতিৰ বাবে মূলতঃ ইউক্রেইনৰ যুদ্ধকেই দায়ী কৰিছে তেওঁলোকে। বিশ্বত সকলোতকৈ বেছি পামতেল উৎপন্ন কৰে ইন্দোনেছিয়াই। যোৱা সপ্তাহেই তেওঁলোকে ঘোষণা কৰিছে— আপাতত কিছুদিনৰ বাবে পামতেলৰ ৰপ্তানি বন্ধ ৰাখিব দক্ষিণ-পূব এছিয়াৰ দেশলৈ। কাৰণ, নিজৰ দেশৰ ভিতৰতেই ভোজ্য তেলৰ আকাল চলিছে। ফলত দাম বাঢ়িছে হুৰা হুৰে। এই অৱস্থাত ৰপ্তানিত ৰেশ টানি দাম কমোৱাৰ সিদ্ধান্ত লৈছে দেশখনৰ চৰকাৰে। তেওঁলোকৰ বক্তব্য— এয়া এহাতে মহামাৰীৰ প্ৰভাৱ আৰু আনহাতে ইউক্রেইন যুদ্ধৰ প্ৰভাৱ। গোটেই বিশ্বতে ভোজ্য তেলৰ ৰপ্তানি কমিছে। যাৰ প্ৰভাৱ পৰিছে ইন্দোনেছিয়াপর্যন্ত। ভাৰতীয় খাদ্যত ভোজ্য তেলৰ প্রয়োজনীয়তা যে কিমান, সেয়া আৰু নতুনকৈ কোৱাৰ প্রয়োজন নাই। ভেজিটেবল অইল ব্যৱহাৰৰ ক্ষেত্রত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰতে দ্বিতীয়। যাৰ প্রায় ৫৬ শতাংশই বিদেশৰ পৰা আমদানি কৰিবলগীয়া হয়। ভাৰতলৈ এই তেল সৰবৰাহ কৰে মূলতঃ সাতখন দেশে। ইয়াৰ ভিতৰত পামতেল, চয়াবিন তেল আৰু সূর্যমুখী তেলৰ ব্যৱহাৰেই সকলোতকৈ বেছিকৈ কৰা হয়। আমদানি কৰা ভেজিটেবল অইলৰ ভিতৰত ৯০ শতাংশই আমদানি কৰি হয় ইন্দোনেছিয়া আৰু মালয়েছিয়াৰ পৰা। কিন্তু যুদ্ধৰ কাৰণে ইন্দোনেছিয়াই যদি ভোজ্য তেলৰ ৰপ্তানি বন্ধ কৰি দিয়ে, তেতিয়াহ’লে সকলোতকৈ বেছি সমস্যা হ’ব ভাৰতৰ। এয়া হ’ল পাম তেলৰ কথা। সূর্যমুখী তেলৰ দাম বেছি হ’লেও চাহিদা ব্যাপক। যাৰ অধিকাংশ ভাৰতে আমদানি কৰে ৰাছিয়া আৰু ইউক্রেইনৰ পৰা। কাৰ্যতঃ গোটেই বিশ্বলৈ পূব ইউৰোপৰ এই দুই দেশৰ পৰাই প্রায় ৮০ শতাংশ সূর্যমুখী তেল ৰপ্তানি কৰা হয়। সূত্রৰ দাবী— যুদ্ধ আৰম্ভ হোৱাৰ পিছত আগন্তুক বিত্তীয় বর্ষত সূর্যমুখী তেলৰ ৰপ্তানি কমিব প্রায় ২৫ শতাংশ। ইফালে মালয়েছিয়ায়ো পাম তেলৰ ৰপ্তানি হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে। চলিত বছৰ কেৱল ভোজ্য তেল আমদানি কৰোঁতেই ভাৰতৰ খৰচ হ’ব প্রায় ২ হাজাৰ কোটি মার্কিন ডলাৰ। যিটো দুবছৰৰ আগৰ খৰচৰ তুলনাত প্রায় দ্বিগুণ। বিশেষজ্ঞসকলৰ বক্তব্য— এই মহঙা বজাৰত কেৱল ভোজ্য তেল কিনাৰ বাবে ইমান বেছি পৰিমাণে বিদেশী মুদ্রা খৰচ কৰাটো কার্যতঃ অসম্ভৱ। ফলত চৰকাৰ বাধ্য হ’ব তেলৰ আমদানি কমাবলৈ। অর্থাৎ, প্রকাৰান্তৰে কপাল পুৰিব ভোজনপ্রেমীসকলৰ। লুচি, পুৰী, পৰঠাত অভ্যস্ত ভাৰতীয়সকলৰ লগত খোজ মিলোৱা অসমীয়াই শুকান ৰুটি আৰু কম তেলত তৈয়াৰী খাদ্য খায়েই দিন কটাবলগীয়া হ’ব ! এনে এক আশঙ্কাই কৰিছে বিশেষজ্ঞসকলে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More