তৰুণ উদ্যমী মাধৱ ফুকনৰ সফলতাৰ কাহিনী

মুদ্ৰা ঋণে কঢ়িওৱা আনন্দৰ আন এক বাতৰি

0 197

মুক্তাৰ আলী

তেওঁ আছিল ৰাজনীতি বিজ্ঞানৰ স্নাতক। কলেজীয়া শিক্ষা শেষ কৰি প্ৰয়োজনবোধ কৰিছিল এটা চাকৰিৰ। সেই সময়ত নিযুক্তি বন্ধ আছিল।য’তে ,ত’তে আলফা বিচৰাৰ নামত নিৰীহ যুৱকৰ ওপৰত চলিছিল আৰক্ষী , সেনাবাহিনীৰ নিৰ্মম অত্যাচাৰ।তাৰ মাজেৰেই চাকৰিৰ সন্ধানত চলিছিল গুৱাহাটী -লখিমপুৰ অহা যোৱা।বাৰীৰ শাক পাচলি বিক্ৰী কৰা দেউতাকৰ টকাকেইটা অবাবত নষ্ট হোৱাৰ অপৰাধবোধত ভূগিলেও হাৰ মনা নাছিল তেওঁ।IMG 20220806 WA0037টকা ৰেহাই কৰিবলৈ এসাজ খাই এসাজ নেখাই, কেতিয়াবা ৰেল ষ্টেচন, কেতিয়াবা হস্পিটেলত নৈশ যাপন কৰিও ঘূৰি ফুৰিছিল চাকৰিৰ সন্ধানত। কিন্তু নহ’ল চাকৰি।ঘৰৰ ল’ৰা ঘৰলৈ আহি এটা এন জি অ’ৰ কামত লাগি সপোনৰঙী আশাৰ চাকনৈয়াত পুনৰ বন্দী হৈ পাৰ কৰিলে জীৱনৰ ভালেকেইটা সোণসেৰীয়া বছৰ। এদিন আশা এৰি এন জি অ’ ৰ কামো বাদ দিলে। পুনৰ আৰম্ভ হল নতুন সন্ধান।দিন বাগৰিল যদিও উপাৰ্জনৰ পথ মুকলি নহ’ল। এদিন TATA AIG বীমা কোম্পানীৰ এজেণ্ট হৈ স্থানীয় চহৰখনৰ ইউ বি আই শাখাত ভৰি থলেহি। সেয়াই টাৰ্ণিং পইণ্ট মাধৱৰ জীৱনৰ।২০১৪ চনত পৰীক্ষাত উত্তীৰ্ণ হৈ একেটা বেংকতে ৰিকভাৰী এজেণ্ট হিচাবে কৰ্মত নিয়োজিত হয়।

মাধৱ ফুকন লখিমপুৰ জিলাৰ নাৰায়ণপুৰ নেৰীয়াপথাৰ গাঁও নিবাসী এজন যুৱ উদ্যমী ব্যৱসায়ী । মাধৱৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠান মেৰমুখৰ সাতবৰত থকাৰ উপৰি বিগত বৰ্ষৰ পৰা “আয়ুশ” নামৰ এখন বিলাসী ৰেষ্টুৰেণ্ট নাৰায়ণপুৰ মাজমজিয়াত পাঞ্জাব নেচনেল বেংকৰ কাষত চলি আছে।আয়ুশ’ মাধৱৰ সুন্দৰ ব্যৱস্থাপনাৰ এখন ৰেষ্টুৰেণ্ট য’ত থলুৱা, দেশী , বিদেশী সকলো খাদ্য সুন্দৰ আৰু পৰিমাৰ্জিতৰূপত গ্ৰহণযোগ্য মূল্যত গ্ৰাহকক প্ৰদান কৰা হয়। পৰিশীলিত ব্যৱহাৰ,পৰিচ্ছন্নতাৰ বিশেষ গুৰুত্ব প্ৰদান কৰা, আধুনিক ব্যৱস্থাপনাৰে সজ্জিত আয়ুশ এতিয়া সকলোৰে পচন্দৰ ৰেষ্টুৰা  হৈ পৰিছে। আনহাতে সমান্তৰালকৈ মাধৱে চলাই গৈছে পাঞ্জাৱ নেচনেল বেংকৰ ৰিকভাৰী এজেণ্টৰ নিজা দায়িত্বও।

মাধৱ ফুকনে কেনেকৈ বগালে সফলতাৰ জখলা? পকেটত ফুটাকড়ি এটাও নথকা মাধৱে টাটা এ আই জি’ত জীৱনৰ নতুন ইনিংচ আৰম্ভ কৰাৰ সময়তে মুদ্ৰা ঋণৰ প্ৰচলন হ’ল।এই সুবিধা গ্ৰহণ কৰি পোনতে ২৫ হেজাৰ টকা লৈ এখন সৰু দোকান আৰম্ভ কৰিলে মেৰমুখৰ সংগমস্থল সাতবৰত। নিয়মমাফিক পৰিশোধত সন্তুষ্ট হৈ বেংকে ক্ৰমাগতভাৱে মুদ্ৰা ঋণৰ পৰিমাণ বঢ়াই ৯.৫ লাখ পৰ্যন্ত বৃদ্ধি কৰিলে তেওঁৰ ঋণৰ পৰিমাণ। শেহতীয়াকৈ ৯ লাখ টকা মূলধন হাতত লৈ জন্ম দিয়া হ’ল আয়ুশৰ। আয়ুশত বৰ্তমান থলুৱা পুৰুষ-মহিলা মিলাই ৯জন শিক্ষিত যুৱক যুৱতীৰো আত্মসংস্থাপনৰ বাট মুকলি হৈছে।ক্ৰমাগতভাৱে এই সংখ্যা বৃদ্ধি পাব। মাধৱৰ সফলতাৰ আন এক ইতিবাচক দিশ হ’ল যে তেওঁ কেতিয়াও কৰ্মৰ ব্যৱধান নেৰাখে। এটা পৰিয়ালৰ দৰে সকলোৱে একেলগে কামৰ আনন্দ লয়। এই দিশটোৱে তেওঁক কৰ্মচাৰীসকলৰ ঘনিষ্ঠ আৰু অতি বিশ্বাসভাজন হোৱাত সহায় কৰাৰ লগতে নিজকে তেওঁলোকৰ মাজৰ এজন হিচাপে পৰিচয় দি কামৰ উদ্যম বৃদ্ধি কৰিব পাৰিছে বুলি জানিবলৈ দিয়ে। তেওঁৰ মতে খাদ্যৰ মানদণ্ড সঠিক নহ’লে কেৱল সুন্দৰ ব্যৱস্থাপনাৰে গ্ৰাহকক কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰি। পৰিমাৰ্জিত ব্যৱহাৰ, পৰিস্কাৰ-পৰিচ্চন্নতা আৰু সততাই হ’ল হোটেল ব্যৱসায় উত্তৰণৰ অন্যতম মাপকাঠি। সম্প্ৰতি তেওঁ সভা সমিতি, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আদিলৈয়ো খাদ্য যোগান ধৰি গুণবিশিষ্টতাৰ বাবে সুনাম অৰ্জন কৰিছে।
মাধৱ ফুকন প্ৰয়াত ৰতিৰাম ফুকন আৰু ৰেণু ফুকনৰ সন্তান । ব্যৱসায়ৰ লগতে সামাজিক কাম কাজৰ লগত জড়িত এজন জনপ্ৰিয় যুৱক। অদুৰ ভৱিষ্যতে প্ৰায় ১০০ গৰাকী থলুৱা যুৱক-যুৱতীক সংস্থাপন দিয়াৰ লক্ষ্যৰে আগবঢ়া মাধৱ এসময়ত এজন ছাত্ৰ নেতাও আছিল।১৯৯৯/২০০০ বৰ্ষৰ উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ পদ অলংকৃত কৰি অহা মাধৱ ফুকনৰ এটা পৰোপকাৰী মনোভাৱ থকাৰ বাবেও জনতাৰ আদৰৰ পাত্ৰ। মাধৱ ফুকনৰ এই যাত্ৰাত সাহস হৈ থিয় দিছে তেঁওৰ সহধৰ্মিনী চায়াশ্ৰী গগৈয়ে।নিজ পুত্ৰ আয়ুশৰ নামেৰে নামাংকৃত আয়ুশ ৰেষ্টুৰেণ্ট তেওঁৰ নতুন সপোন। আপুনিও জুতি লব পাৰে আয়ুশৰ আটোমটোকাৰী কক্ষত মন পচন্দৰ দেশী, বিদেশী খাদ্যৰ সৈতে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More