শতাব্দ প্ৰতিনিধি, শিৱসাগৰ, ১৮ এপ্ৰিলঃ শিৱসাগৰ চহৰৰ মাজমজিয়াইদি বৈ যোৱা খৰস্ৰোতা দিখৌ নদীৰ বৰণ হঠাৎ এটা নিশাৰ ভিতৰতেই সলনি হৈ যোৱাৰ চাঞ্চল্যকৰ বাতৰি সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ পোৱাৰ পিছতেই তৎপৰ হৈ পৰিছে শিৱসাগৰ জিলা প্ৰশাসন । শিৱসাগৰ জিলা প্ৰশাসনৰ নিৰ্দেশত প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ এটা দল দিখৌ দলঙৰ সমীপত উপস্থিত হৈ নদীখনৰ পৰা পানীৰ নমুনা পৰীক্ষাৰ বাবে সংগ্ৰহ কৰে । উল্লেখ্য যে, গৰু বিহুৰ আগদিনা পুৱতি নিশা হঠাৎ নদীখনৰ পানী ঘোলা হৈ পৰাৰ লগতে বৃহৎ সংখ্যক থলুৱা মাছ ওপঙি পৰিছিল । পুৰ্বৰ দিখৌ নদীৰ পানীৰ সেই সেউজীয়া চামনীটোৰ পৰিৱৰ্তে দিখৌ নদীৰ পানীৰ বৰণ হৈ পৰে উগ্ৰ গাঢ় নীলা । স্বাভাৱিকতেই কাহানিও নোহোৱা নোপোজা এই নদীৰ পানীৰ ৰং সলনি হোৱা ঘটনা প্ৰত্যক্ষ কৰাৰ পিছতেই নদীপৰীয়া ৰাইজেও অজান আশংকাত নৈ পাৰলৈ যোৱাৰ পৰা বিৰত থকাৰ লগতে পানী ব্যৱহাৰ আৰু খোৱাৰ পৰা বিৰত থাকে। স্পৰ্শকাতৰ তথা জনস্বাৰ্থ জড়িত বিষয়টোক গুৰুত্ব সহকাৰে লোৱা প্ৰশাসনে দিয়া নিৰ্দেশৰ পিছতেই প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ দলটো নদীৰ পাৰত উপস্থিত হৈ পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰে । এক সূত্ৰই জানিবলৈ দিয়া মতে ৰাসায়নিক বিষক্ৰিয়া হোৱাৰ সন্দেহতেই বিষয়াৰ দলটোৱে নদীৰ পানী পৰীক্ষাৰ বাবে গুৱাহাটীস্থিত পৰীক্ষাগাৰলৈ প্ৰেৰণৰ ব্যৱস্থা কৰাৰ কথা জানিবলৈ দিয়ে । অৱশ্যে নদীৰ পানীৰ বৰণ সলনি হোৱাৰ আঁৰৰ প্ৰকৃত ৰহস্য পৰীক্ষাগাৰৰ ফলাফলতহে স্পষ্ট হব ।
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.