দিছপুৰ লাষ্টগেটত বিধায়ক অখিল গগৈৰ প্ৰতিবাদ

0 9
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩ আগষ্টঃ চৰকাৰী বিদ্যালয়ত শিক্ষাৰ গুণগত মান নিশ্চিত কৰাৰ দাবীত আজি শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে দিছপুৰ লাষ্টগেটস্থিত আম্বেদকাৰৰ প্ৰতিমূৰ্তিৰ সমীপত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। বিধায়ক অখিল গগৈয়ে শিক্ষাৰ সংস্কাৰৰ নামত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ তীব্ৰ বিৰোধীতা কৰে। তেওঁ চৰকাৰী বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান আৰু অংক বিষয় ইংৰাজী মাধ্যমত শিক্ষা প্ৰদানৰ সিদ্ধান্তৰ বিৰোধীতা কৰে। তেওঁ গণিত আৰু বিজ্ঞান বিষয়ত দ্বি-ভাষী পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ দাবী জনায়। আনহাতে অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ সমান্তৰালভাৱে ইংৰাজী মাধ্যমত শিক্ষা প্ৰদানৰ সিদ্ধান্তৰ বিৰোধ কৰি তেওঁ মাতৃভাষা মাধ্যমৰ শিক্ষা প্ৰদানৰ ক্ষেত্রত এন ই পি ২০২০ৰ ৪.১৪ আৰু ১.১১ নিৰ্দেশনা বাহাল ৰখাৰ দাবী জনায়। লগতে তেওঁ কোনো অপ্ৰাদেশীকৃত বিদ্যালয়ক ভৱিষ্যতে প্রাদেশিকীৰণ নকৰাৰ সিদ্ধান্ত আৰু অসমৰ চৰকাৰী খণ্ডৰ বিদ্যালয় বন্ধ কৰা তথা সংলগ্ন কৰা ব্যৱস্থা বাতিল কৰাৰ দাবী জনায়। প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি তেওঁ দাবী সম্বলিত এখন স্মাৰক পত্র মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে। লগতে প্ৰতিলি প্ৰেৰণ কৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুলৈ। তেওঁ কয় যে চৰকাৰী এই সিদ্ধান্তসমূহ অসমৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক সমাজ, অসমৰ শিক্ষা জগত আৰু অসমৰ জনগণৰ ভৱিষ্যতৰ বাবে ভয়ংকৰ দুৰ্যোগৰূপে চিহ্নিত হ’ব। সেয়েহে চৰকাৰৰ এই চাৰিটা সিদ্ধান্ত অতিশীঘ্ৰে বাতিল কৰিবলৈ দাবী জনালো বুলি তেওঁ কয়। তেওঁ লগতে কয় যে অসমৰ চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষাৰ মান অধোগতি হোৱাৰ অথবা আশাপ্ৰদ নোহোৱাৰ প্ৰধান কাৰণ হ’ল চৰকাৰী শিক্ষানুষ্ঠানসমূহত গুণগত শিক্ষাৰ অভাৱ। যথোপযুক্ত শিক্ষক নিযুক্তি নিদিয়া, শিক্ষকসকলক সময় উপযোগী প্রশিক্ষণৰ ব্যৱস্থা নকৰা, বিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ মান উন্নত নকৰা, শিক্ষকসকলক অশৈক্ষিক কামত ব্যৱহাৰ কৰা, শিক্ষানুষ্ঠানসমূহৰ শৈক্ষিক পৰিৱেশৰ ওপৰত যথোপযুক্ত তদাৰকীৰ ব্যৱস্থা নকৰা আৰু সঠিক পৰিকল্পনাৰ অভাৱৰ বাবেহে আজি অসমৰ চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ শৈক্ষিক মান নিম্নগামী হৈছে। ভাৰতৰ বাহিৰে পৃথিৱীৰ কোনো দেশতে শিক্ষার্থীক মাতৃভাষাৰ পৰিৱৰ্তে আন এটা ভাষাত শিক্ষা গ্রহণ কৰাৰ ব্যৱস্থা দেখা নাযায় বুলি তেওঁ কয়। চৰকাৰে এই সিদ্ধান্ত সমূহ বাতিল নকৰিলে ৰাইজৰ দলে আন্দোলন অব্যাহত ৰাখিব বুলি তেওঁ কয়।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More