দুৰ্যোগ ব্যৱস্থাপনাত তিনিচুকীয়া প্ৰথম

0 16

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৯ মে’ : অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ দ্বাৰা প্ৰদান কৰা দুৰ্যোগ ব্যৱস্থাপনা স্ক’ৰকাৰ্ডত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে তিনিচুকীয়া জিলাই ৷ এই স্বীকৃতিস্বৰূপে তিনিচুকীয়া বাইপাছত নৱনিৰ্মিত কনভেনশ্যন চেণ্টাৰত ১৫-১৭ মে’লৈকে অনুষ্ঠিত পঞ্চম উপায়ুক্ত সন্মিলনত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তিনিচুকীয়া জিলাক বঁটা প্ৰদান কৰে ৷ বঁটা গ্ৰহণ কৰে তিনিচুকীয়াৰ উপায়ুক্ত স্বপ্নীল পালে ৷

 তিনিচুকীয়াত গাড়ী চুৰি

নিষিদ্ধ ড্ৰাগছ আৰু মাৰাত্মক নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ এক অন্যতম ঘাটিত পৰিণত হোৱা তিনিচুকীয়া এতিয়া সাধাৰণ লোকৰ বাবে এক নিৰাপত্তাহীন চহৰ ৷ নিশাৰ অন্ধকাৰত তিনিচুকীয়া চহৰৰ মাজমজিয়াতে নিৰাপদ নহয় সাধাৰণ জনতাৰ জীৱন আৰু সম্পত্তি ৷ যোৱানিশা তিনিচুকীয়া চহৰৰ মাজমজিয়াত পুনৰ সংঘটিত হয় এক গাড়ী চুৰিৰ ঘটনা৷ জানিব পৰা মতে ৰাজেশ কালান্ত্ৰী নামৰ ব্যক্তিজনৰ এ এছ ২৩ ই ৭৪৭৩ নম্বৰৰ ৰূপালী ৰঙৰ ইণ্ডিকা গাড়ীখন চহৰখনৰ মাজমজিয়াৰ মানৱ কল্যাণ পথস্থিত এছ বি আই ক’লনীত থকা তেওঁৰ বাসগৃহৰ বাহিৰৰ পৰা কালি মাজনিশা দুৰ্বৃত্তই চুৰি কৰি নিয়ে ৷ ঘটনা সন্দৰ্ভত কালান্ত্ৰীৰ তৰফৰ পৰা সদৰ থানাত এজাহাৰ দাখিল কৰা হৈছে ৷ তিনিচুকীয়া আৰক্ষীয়ে চুৰি গাড়ীখনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও বাতৰি প্ৰেৰণৰ সময়লৈকে কোনো সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More