চক্ৰবেহুত আৰ্তনাদ জোনমণি

0 203

চক্ৰবেহুত আৰ্তনাদ জোনমণি

প্ৰশান্ত গগৈ

মা
দে বিদায় দে মোক
মই আৰু জীয়াই নাথাকিম ।
উশাহটো চুটি হৈ আহিছে
বৰ কষ্ট পাইছো মা । বৰ কষ্ট পাইছো …
তহঁত কুশলে থাকিবি অ’ মা । কুশলে থাকিবি …

বঙহৰ নহলেও
অতিকৈ আপোন ভবা মানুহবোৰৰ
মূখাৰ আঁৰৰ মুখবোৰ চিনি নাপালো ।
জীৱন পথত খোজ বুটলি বুটলি
জীৱিকাৰ পথত আপোন বুলি ভবা মানুহবোৰ
একো একোটা ৰক্ত পিপাসু !
” জনহিত জন হিতাৰ্থে ”
ৰাইজৰ হৈ কাম কৰাত অংগীকাৰবদ্ধ হলো ।
সেই সিদ্ধান্ত ভুল আছিল চাগৈ ! মা…

দেউতা ঢুকুৱাৰ পিছতে
কব নোৱাৰাকৈ মোৰ দায়িত্ব বাঢ়িল ।
দাদাৰ বেমাৰটো ভাল কৰিবলৈ
গডৰেজত দুটকামান সাঁচিলো
দৰমহাৰ পইছা কেইটা ছটিয়াবলৈ নুজোৰে
তোৰ- দাদাৰ ভৰণ পোষণ আৰু দুয়োৰে ঔষধ
ময়ো তাৰে খাই বৈ চলি অলপ সাঁচিলো ।

মা
মোৰ দৰেই একেই বুলি ভাবিছিলো মানুহবোৰ
একেবাৰে ভুল আছিল মোৰ এই সিদ্ধান্ত ।
উফঃ বৰ বিষাইছে অ’ মা । বৰ বিষাইছে …
লগতে থাকি চক্ৰবেহু সাজিলে
গমকে নাপালো অ’ মা ।
একেবাৰে ধৰিৱ নোৱাৰিলো
জানি বুজি সুখী হবি অ’ মা ! সুখী হবি …
বীৰ অভিমন্যুৰ দৰে মই যুঁজিলো
কিন্তু নোৱাৰিলো অ’ মা …. নোৱাৰিলো ।
গোটেইসোপা আপোন মানুহে চোন
আগুৰি ধৰিলে ।
লাহে লাহে মই দুৰ্বল হৈ পৰিলো
সিহঁতৰ কোলাহল বাঢ়ি আহিল
যান্ত্ৰণাত মই যিমানে চিঞৰিছো
সিমানে সিহঁতৰ হৰ্ষ – উল্লাস
মই যিমানেই যান্ত্ৰণাত আৰ্তনাদ কৰিছো । কান্দিছো
সিহঁত আনন্দ বন্যাত উটি ফুৰিছে
মোৰ সতীত্বত …. !!!! আহঃ …
মা
উশাতো ঘূৰাই আনিব পৰা নাই অ’ মা
উশাহটো ঘূৰাই আনিব পৰা নাই ।

বিদায় । বিদায় মা …. বিদায়
কালিলৈ পুৱা বগা কাপোৰে ঢাকি দিবি মোৰ দেহটো ।

 

 

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More