দেশৰ ৪০টা ৰেল ষ্টেচনত নিৰ্মাণ হ’ব মিনি শ্বপিং মল

0 22

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২ আগষ্ট : দেশৰ বিমান বন্দৰত কিতাপৰ পৰা আৰম্ভ কৰি কাপোৰ-কানিলৈকে সকলো বস্তুৰ শ্ব’ৰুম আছে। শেহতীয়াকৈ শিয়ালদহ ষ্টেচনত গহনাৰে পৰা আৰম্ভ কৰি ছাতি আৰু মছলালৈকে শ্ব’ৰুম মুকলি কৰা হৈছে। এইদৰে দেশৰ ৪০টা ষ্টেচনৰ সংস্কাৰ কৰা হ’ব বুলি ৰে’লৱেই প্ৰকাশ কৰিছে। দেশৰ ৪০টা ষ্টেচনত নিৰ্মাণ হ’ব শ্বপিং মল। এই মিনি শ্বপিং মলবোৰত কেৱল কেইখনমান দোকানেই নহয়, ফাইন ডাইনিঙৰ সুবিধাও থাকিব। কেইবছৰমান আগলৈকে বিভিন্ন ৰেল ষ্টেচনৰ দেৱালত পিক্, লেতেৰা প্লেটফৰ্ম দেখা পোৱা গৈছিল। কিন্তু লাহে লাহে সেই ছবিখন সলনি হৈছে। ৰে’লৱেই যাত্ৰীৰ সুবিধা আৰু আৰামৰ প্ৰতি গুৰুত্ব দিছে। এইবাৰ ভাৰতীয় ৰেলৱে ষ্টেচন অধিক পৰিৱৰ্তন হৈ গৈ আছে। জানিব পৰা মতে ফুড ক’ৰ্টটো পৰিকল্পনা অনুসৰি মিনি শ্বপিং মলত হ’বলৈ গৈ আছে। ৰে’ল যাত্ৰীৰ উপৰি সাধাৰণ জনতাও তালৈ যাব পাৰিব। ষ্টেচনৰ ছাদত নিৰ্মাণ কৰা হ’ব এই মিনি শ্বপিং মলসমূহ। ইতিমধ্যে বিভিন্ন ষ্টেচনৰ বাবে আবণ্টনৰ সিদ্ধান্ত লোৱা হৈছে। ৰে’লৱে কৰ্তৃপক্ষই প্ৰস্তুত কৰিছে এই পৰিকল্পনাৰ ব্লুপ্ৰিণ্ট। খবৰ অনুসৰি জম্মু-তাৱাইৰ বাবে ২৬২ কোটি টকা, প্ৰয়াগৰাজ ষ্টেচনৰ বাবে ৯৬০ কোটি টকা, লক্ষ্ণৌৰ বাবে ৪৯৪ কোটি টকা, গোৱালিয়ৰৰ বাবে ৫৪৫ কোটি টকা, উদয়পুৰৰ বাবে ৩৫৮ কোটি টকা, নিউ জলপাইগুৰিৰ বাবে ৩৫৩ কোটি টকা, ভুৱনেশ্বৰৰ বাবে ৩০৮ কোটি টকা, কন্যাকুমাৰীৰ বাবে ৬১ কোটি টকা, নেল্লোৰৰ বাবে ৯১ কোটি টকা, চেন্নাইৰ বাবে ৮৪২ কোটি টকা, এৰনাকুলামৰ বাবে ৪৪৫ কোটি টকা। ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ জৰিয়তে এই প্ৰকল্প ৰূপায়ণ কৰা হ’ব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More