ধন কুবেৰ এল’ন মাস্ক, জেফ বেজ’, মুকেশ আম্বানিৰ মাজত এখন শীতল যুদ্ধ

0 42

ভাৰতবৰ্ষৰ কেইবাশ নিযুত লোকক লক্ষ্য কৰি লৈ বিশ্বৰ তিনিজন ধন কুবেৰ এল’ন মাস্ক, জেফ বেজ’, মুকেশ আম্বানিৰ মাজত এখন শীতল যুদ্ধৰ আৰম্ভণি ইতিমধ্যে আৰম্ভ হৈছে। ১৩৮ কোটি জনসংখ্যাৰ দেশ ভাৰতত ক্ৰমাৎ বৃদ্ধি পাই অহা ডিজিটেল জীৱন শৈলীৰ সুযোগ গ্ৰহণ কৰিবলৈ এতিয়া উন্মুখ হৈ পৰিছে বিশ্বৰ কেইবাটাও ইণ্টাৰনেট সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠান।  তথ্য প্ৰযুক্তিৰে ভাৰতবৰ্ষক এখন ডিজিটেলী সক্ষম সমাজলৈ  ৰূপান্তৰ আৰু জ্ঞানভিত্তিক অৰ্থনীতি গঢ়ি তুলিবৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰা অভিলাসী ‘ডিজিটেল ইণ্ডিয়া’ আঁচনিখনৰ ফলত এতিয়া ইণ্টাৰনেট সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠান সমূহৰ মাজত আৰম্ভ হৈছে তুমুল ব্যৱসায়িক প্ৰতিদ্বন্দিতা।
২০১৬ চনত ৰাষ্ট্ৰসংঘই ইণ্টাৰনেট ব্যৱহাৰৰ সহজলভ্যতাক এটা মানৱাধিকাৰ বুলিয়েই স্বীকৃতি প্ৰদান কৰি মানৱাধিকাৰ সম্পৰ্কীয় বিশ্বজনীন ঘোষণা পত্ৰত ইয়াৰ এটা দফা সংযোজন কৰিছে।
টেলিকম ৰেগুলেটৰী অথ’ৰিটী অৱ ইণ্ডিয়াৰ পৰিসংখ্যা অনুযায়ী ভাৰতবৰ্ষত বৰ্তমান ইণ্টাৰনেট গ্ৰাহকৰ সংখ্যা প্ৰায় ৮৩৪ নিযুত। এই মুহূৰ্ত্তত বিশ্বৰ ভিতৰত ভাৰততে দ্বিতীয় সৰ্বাধিক ইণ্টাৰনেট ব্যৱহাৰকাৰী আছে।  ইণ্টাৰনেট আৰু ম’বাইল এছ’চিয়েছনছ অৱ ইণ্ডিয়াই প্ৰকাশ কৰা ২০২১ চনৰ প্ৰতিৱেদনখধৰ তথ্য মতে ২০২০ চনত ভাৰতত সক্ৰিয় ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা আছিল ৬২২ নিযুত অৰ্থাৎ দেশখনৰ মুঠ জনসংখ্যাৰ ৪৩ শতাংশ। এই সংখ্যা বৃদ্ধি হৈ ২০২৫ চনত ৯০০ নিযুত আৰু ২০৪০ চনত ১.৫ বিলিয়ন হোৱাৰ সম্ভাৱনা আছে। নগৰাঞ্চলৰ তুলনাত দেশখনৰ গ্ৰাম্যাঞ্চলত অৱশ্যে ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা কিছু কম। কিন্তু সমীক্ষা অনুযায়ী গ্ৰাম্যাঞ্চলত বৰ্তমান অতি দ্ৰুতগতিত ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি হোৱাটো পৰিলক্ষিত হৈছে। ‘ট্ৰাই’ৰ তথ্য মতে ভাৰতৰ গ্ৰাম্যাঞ্চলত ২০১৭ চনত ৩৩ শতাংশৰ বিপৰীতে ২০২০ চনত ইন্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি হৈ ৩৮ শতাংশ হৈছেগৈ। চৰকাৰী-বেচৰকাৰী   প্ৰায় সকলো ক্ষেত্ৰতে ডিজিটেল ব্যৱস্থা বাধ্যতামূলক হৈ পৰাত ইন্টাৰনেট সেৱা প্ৰদানকাৰী সকলৰ বাবে দেশখনত এতিয়া এখন বৃহৎ বজাৰ মুকলি হোৱাৰ পথত। ইতিমধ্যে কেইবাটাও দেশীয় প্ৰতিষ্ঠানে অ’পটিকেল ফাইবাৰৰ যোগেদি  ৪জি পৰ্যন্ত এনে সেৱাৰ বিস্তাৰ কৰিছে যদিও দেশৰ বহুতো ভিতৰুৱা আৰু প্ৰত্যন্ত অঞ্চলত ই সম্ভৱ হোৱা নাই। সেয়ে এতিয়া উপগ্ৰহীয় ব্যৱস্থাৰ যোগেদি দ্ৰুতগতিৰ ইণ্টাৰনেট সেৱা যোগানৰ বাবে কেইবাটাও প্ৰতিষ্ঠানে কঁকালত টঙালি বান্ধিছে।
ভাৰতী এয়াৰটেল আৰু হিউগছ কমিউনিকেশ্যনছ লিমিটেডে যুটীয়া ভাবে OneWeb ৰ দ্বাৰা সমগ্ৰ ভাৰতত পৃথিৱীৰ নিম্ন কক্ষপথ(Low Earth Orbit)ত অৱস্থিত উপগ্ৰহৰ যোগেদি দ্ৰুতগতিৰ ইণ্টাৰনেট সেৱা আগবঢ়োৱাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে। চলিত বছৰৰ শেষৰফালে তেওঁলোকে অন্যান্য ঠাইৰ উপৰিও ফাইবাৰ সংযোগে স্পৰ্শ নকৰা দুৰ্গম অঞ্চললৈকো সেৱা আৰম্ভ কৰিব। তেনেদৰে ৰিলায়েন্স জিঅ’ৱে লাক্সেমবাৰ্গৰ SES নামৰ উপগ্ৰহীয় টেলিকম প্ৰতিষ্ঠানটোৰ লগত যুটীয়াভাৱে উপগ্ৰহ ভিত্তিক ব্ৰডবেণ্ড সেৱা প্ৰদানৰ বাবে গঠন কৰিছে জিঅ’ স্পেচ টেকন’লজী লিমিটেড। স্থিৰ আৰু পৃথিৱীৰ মধ্যমীয়া কক্ষপথৰ উপগ্ৰহ ব্যৱস্থাৰ দ্বাৰা এই প্ৰতিষ্ঠানটোৱে ভাৰত আৰু কাষৰীয়া দেশসমূহত উচ্চ গতিৰ ইণ্টাৰনেট সেৱা প্ৰৱৰ্তন কৰিব। প্ৰয়োজনীয় অনুমতিৰ বাবে এই প্ৰতিষ্ঠান দুটাই চৰকাৰৰ ওচৰত ইতিমধ্যে প্ৰস্তাৱ দাখিল কৰিছে। ভাৰতবৰ্ষৰ বৃহৎ বজাৰ খনৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বৰ শীৰ্ষস্থানৰ ধনী ব্যক্তি এল’ন মাস্কৰ ষ্টাৰলিংকেও ইয়াত Starlink Satellite Communications Private Limited নামৰ এটা প্ৰতিষ্ঠান মুকলি কৰি ব্যৱসায়ৰ পাতনি মেলিছিল যদিও চৰকাৰৰ প্ৰয়োজনীয় অনুমতি নোপোৱাত সাময়িক ভাৱে ই থমকি ৰ’বলগীয়া হৈছে। প্ৰতিষ্ঠানটোৱে জনোৱা মতে তেওঁলোকৰ উপগ্ৰহসমূহ পৃথিৱীৰ নিচেই কাষতে থকা বাবে তেওঁলোকে প্ৰদান কৰা ইণ্টাৰনেট সেৱা আন সমূহতকৈ দ্ৰুত গতিৰ আৰু বিনা বাধাই উপলদ্ধ হ’ব। ইয়াৰ উপৰিও টাটা গোষ্ঠীৰ Nelco ৱে কানাডাৰ Telesat ৰ লগত যুটীয়াভাৱে, এমাজনৰ Kuiper আদি প্ৰতিষ্ঠানে ভাৰতৰ লোভনীয় ইণ্টাৰনেট বজাৰখনত খোপনি পুতিবলৈ নিজৰ নিজৰ ব্যৱসায়িক প্ৰচেষ্টা অহৰহ অব্যাহত ৰাখিছে। আশা কৰা হৈছে অহা কেইবছৰমানৰ ভিতৰত দেশখনৰ পাহাৰীয়া, প্ৰত্যন্ত আৰু যোগাযোগৰ কোনো সুবিধা নথকা অঞ্চলসমূহ এই উপগ্ৰহীয় ইণ্টাৰনেট ব্যৱস্থাৰ দ্বাৰা প্ৰভূত পৰিমাণে উপকৃত হ’ব। প্ৰাকৃতিক দুৰ্যোগৰ বেলিকা এই ব্যৱস্থাই দেশখনৰ দুৰ্যোগ প্ৰশমনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More