ধেমাজি বাণিজ্য মহাবিদ্যালয়ত হস্ততাঁত-বস্ত্ৰশিল্প বিভাগৰ পাঠ্যক্ৰমৰ শুভাৰম্ভ

0 55

শতাব্দ প্ৰতিনিধি, ধেমাজি, ২৮ জুন: ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ হস্ততাঁত-বস্ত্ৰশিল্প বিভাগৰ উদ্যোগত আজি হস্ততাঁত-বস্ত্ৰশিল্পৰ প্ৰশিক্ষণ-পাঠ্যক্ৰম আৰু উৎপাদন কেন্দ্ৰ উদ্বোধন কৰা হয়৷ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড° দুদুমণি ভূঞাই আনুষ্ঠানিকভাৱে ফিতা কাটি কেন্দ্ৰটো উদ্বোধন কৰাৰ পাছতে মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত ভালেসংখ্যক ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতিত এখন গাম্ভীৰ্যপূৰ্ণ সভা অনুষ্ঠিত হয়৷ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড° দুদুমণি ভূঞাই সঞ্চালনা কৰা সভাখনত মহাবিদ্যালয়খনৰ ছাত্ৰীসকলে এটি সমবেত সংগীতৰে শুভাৰম্ভ কৰে৷ উক্ত প্ৰশিক্ষণ কেন্দ্ৰটোৰ সমন্বয়ক ড° ৰাণু পৰিয়াৰে আগবঢ়োৱা আদৰণি ভাষণত যুৱপ্ৰজন্মক বস্ত্ৰশিল্পৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লগতে ইয়াৰ জৰিয়তে হস্তশিল্পৰ পৰম্পৰা ৰক্ষা কৰা আৰু অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তোলাৰ উদ্দেশ্যে এই বিভাগটো শুভাৰম্ভ কৰা হয় বুলি উল্লেখ কৰি আগ্ৰহীসকলক আগবাঢ়ি আহিবলৈ আহ্বান জনায়৷ আনহাতে মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ বীৰেণ চন্দ্ৰ কোঁৱৰে সভাখন উদ্বোধন কৰি মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে গ্ৰহণ কৰা পদক্ষেপক শলাগ লৈ প্ৰশিক্ষণ-উৎপাদন কেন্দ্ৰটো সুচাৰুৰূপে আগবঢ়াই নি বাণিজ্যিক দিশতো সফলতা লাভ কৰাৰ আশা প্ৰকাশ কৰে৷ সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা ধেমাজি হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ পৰিদৰ্শক ভাস্কৰ শইকীয়াই ধেমাজিত উৎপাদিত সূতা বা কাপোৰ আৰু শিপিনীৰ কাৰুকাৰ্যৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে বুলি উল্লেখ কৰি ইতিমধ্যে দ্বিতীয় শুৱালকুছিৰ দিশে আগবঢ়া জিলাখনৰ মাছখোৱা অঞ্চলৰ প্ৰায় প্ৰত্যেক ঘৰতে তাঁতশাল স্থাপন কৰি নীৰৱ শিল্প বিপ্লৱ আগবঢ়াই নিয়াৰ কথা জানিবলৈ দিয়ে৷ ভাষণ প্ৰসংগত তেওঁ ধেমাজিৰ কেইবাগৰাকী মহিলাই হস্তনিৰ্মিত বস্ত্ৰৰে বিদেশৰ বজাৰতো আদৰ পোৱাৰ কথা উল্লেখ কৰে৷ তদুপৰি শিপিনীৰ উৎপাদিত সামগ্ৰীৰ বাণিজ্যিক দিশৰ বিষয়েও আলোকপাত কৰি বিভাগীয়ভাৱে সদায় সহযোগিতা আগবঢ়াই যোৱাৰ আশ্বাস প্ৰদান কৰে৷ উল্লেখ্য যে নতুন শিক্ষানীতিয়ে সাঙুৰি লোৱা বহুমুখী আৰু বৃত্তিমুখী শিক্ষা ব্যৱস্থাৰ লগত সংগতি ৰাখি ধেমাজি বাণিজ্য মহাবিদ্যালয়ত স্নাতক পাঠ্যক্ৰমৰ সমান্তৰালকৈ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ পাঠ্যক্ৰম আৰম্ভ হ’ব৷ ছমহীয়া চাৰ্টিফিকেট পাঠ্যক্ৰমত তাত্বিক আৰু ব্যৱহাৰিক দুয়োটা দিশৰ প্ৰশিক্ষণ দিয়া হ’ব৷ প্ৰতিগৰাকী শিপিনীক স্বাৱলম্বী কৰাৰ স্বাৰ্থত অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ প্ৰশিক্ষণপ্ৰাপ্ত বিষয়া তথা সমল ব্যক্তিৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বুলি বিভাগটোৰ সমন্বয় ৰাণু পৰিয়াৰে উল্লেখ কৰে৷ একেদৰে প্ৰশিক্ষণ তথা পাঠদানৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ কথা উল্লেখ কৰি আগ্ৰহী শিক্ষাৰ্থীসকলক নামভৰ্তি কৰিবলৈ আহ্বান জনায়৷ বিভাগটোৰ সহকাৰী সমন্বয়ক কুইন বৰশইকীয়াই আঁত ধৰা সভাখনত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা ধেমাজি জলসিঞ্চন বিভাগ আৰু মিচিং স্বায়ত্ত পৰিষদৰ গাণনিক বিষয়া প্ৰভাত সোণোৱালে মহাবিদ্যালয়খনৰ এই পদক্ষেপক শলাগ লৈ শিক্ষাৰ্থীসকলৰ বাবে এখন তাঁতশাল প্ৰদান কৰাৰ আশ্বাস দিয়ে৷ মহাবিদ্যালয়খনৰ জ্যেষ্ঠ অধ্যাপক দীপেন কুমাৰ দত্ত আৰু ড° ৰেৱতী বুঢ়াগোহাঁই আৰু ৰাজুমণি ভূঞাই মহাবিদ্যালয়খনত নতুনকৈ সংযোজন কৰা এই হস্ততাঁত-বস্ত্ৰশিল্প বিভাগে যুৱক-যুৱতীসকলৰ স্বনিয়োজনৰ ক্ষেত্ৰত আশাৰ ৰেঙণি কঢ়িয়াই আনিছে বুলি উল্লেখ কৰি তেওঁলোকক আন্তৰিকতাৰে আগবাঢ়ি আহিবলৈ আহ্বান জনায়৷ সভাখনত কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীয়ে গীত পৰিৱেশন কৰি উপস্থিতসকলক আপ্লুত কৰে৷ সভাৰ অন্তত সহকাৰী সমন্বয়ক কুইন বৰশইকীয়াই সভাত অংশগ্ৰহণ কৰা সকলোকে শলাগৰ শৰাই আগবঢ়াই ধন্যবাদ জ্ঞাপন কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More