নটসূৰ্যৰ প্ৰতি চৰকাৰী অৱহেলা ! তেজপুৰত প্ৰতিক্ৰিয়া

নিৰ্দ্দিষ্ট দিৱসৰ সলনি পৃথক কাৰ্যসূচীতহে নটসূৰ্য বঁটাঃৰজাঘৰীয়াই শ্ৰদ্ধাঞ্জলিও নজনালে সাংস্কৃতিক পুৰোধাক

0 16

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৫আগষ্টঃ ৰাজ্য চৰকাৰৰ দ্বাৰা এইবাৰ ৩১জুলাইৰ নটসূৰ্য দিৱস অবজ্ঞা কৰা হ’ল নেকি! সম্প্ৰতি তেজপুৰত বিভিন্ন মহলত এই প্ৰসংগতো চৰ্চিত হৈছে৷ কাৰণ এইবাৰ ৰাজ্য চৰকাৰে ৰাজ্যৰ সাংস্কৃতিক পুৰোধা গৰাকীৰ স্মৃতি দিৱসৰ দিনটোত কোনো কাৰ্যসূচী পালন নকৰাৰ লগতে সাংস্কৃতিক সঞ্চলকালয়েও এইক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে৷আনকি নটসূৰ্য ফণী শৰ্মাৰ স্মৃতিত জনসংযোগ বিভাগৰ জৰিয়তে ৰাজ্য চৰকাৰে ক্ষণজন্মা শিল্পীগৰাকীৰ স্মৃতিত সঁচৰাচৰ কৰি অহাৰ দৰে শ্ৰদ্ধাঞ্জলি জনোৱা এটা বিজ্ঞাপনো প্ৰকাশ কৰাৰ পৰা বিৰত থাকিল৷তেজপুৰত বেচৰকাৰী ভাবে নটসূৰ্যৰ ৫৩সংখ্যক ফণী শৰ্মা দিৱসৰ কাৰ্যসূচী আয়োজিত হোৱাৰ লগতে শোণিতপুৰ প্ৰশাসনে নটসূৰ্যৰ সমাধীস্হলত শ্ৰদ্ধাঞ্জলি জনালেও ৰাজ্য চৰকাৰৰ বিভাগীয় মন্ত্ৰী গৰাকীয়ে সেই দিনটোত নটসূৰ্যৰ কোনো স্মৃতি অনুষ্ঠানত অংশলোৱা দেখিবলৈ পোৱা নগ’ল৷উল্লেখযোগ্য যে,ৰাজ্যচৰকাৰে ২০০৪ৰ পৰা প্ৰৱৰ্তন কৰা নটসূৰ্য ফণী শৰ্মা স্মৃতি বঁটা ৩১জুলাইত ৰাজ্যখনৰ নাট্যক্ষেত্ৰলৈ বহুল অৱদান আগবঢ়োৱা সুযোগ্য ব্যক্তি একোগৰাকীলৈ আগবঢ়াই আহিছে৷অৱশ্যে নটসূৰ্যৰ স্মৃতি দিৱসৰ বিশেষ দিনটোৰ এক গুৰুত্ব অনুসৰি ৩১জুলাইত আগবঢ়াই অহা এই বঁটা ২০২২ত ৰাজ্যৰ জ্যেষ্ঠ অভিনেতা প্ৰাঞ্জল শইকীয়ালৈ আগবঢ়োৱা হৈছিল ১৭জানুৱাৰীত৷ ইয়াৰ পূৰ্ব ১৭বছৰে ৩১জুলাইত নটসূৰ্যৰ স্মৃতি দিৱসৰ তাৎপৰ্য বাহাল ৰাখি সেই বিশেষ দিনটোত দিয়া সন্মানীয় বঁটাটো এটা পৃথক দিন তথা দিৱসত দিয়া এইখন চৰকাৰে এইবাৰ ৩১জুলাইত এই বঁটা দিয়াতো দূৰৰে কথা বঁটা প্ৰাপকৰ নামটোও ঘোষণা কৰাৰ পৰা বিৰত থাকিল৷উল্লেখযোগ্য যে,নটসূৰ্য গৰাকীৰ সমাধিস্হল নিৰ্মাণৰ কামো এইপৰ্যন্ত এক ঘোষণাহে হৈ থকাৰ বিপৰীতে নটসূৰ্য স্মৃতি বঁটা নটসূৰ্যৰ সোঁৱৰণি দিৱসত আগবঢ়োৱাৰ পৰা বিৰত থকা,বঁটা প্ৰাপকৰ নামটোও ঘোষণা নকৰা তথা ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰৰ ত্ৰিমূৰ্তিৰ অন্যতম নটসূৰ্যক সন্মান জনাই এটা বিজ্ঞাপনো প্ৰচাৰ নকৰা চৰকাৰৰ নটসূৰ্যৰ প্ৰতি উদাসীনতাই তেজপুৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷সম্প্ৰতি এই বঁটা ১৫আগষ্টত ঘোষণা কৰা হ’ব বুলি একাংশই প্ৰকাশ কৰিলেও নিৰ্দিষ্ট বিশেষ দিনটোত এই বঁটা প্ৰদান নকৰা কাৰ্যই নটসূৰ্যগৰাকীক চৰকাৰী ভাৱে অৱজ্ঞা কৰা বুলিও চৰকাৰৰ বিৰুদ্ধে অভিযোগ উঠাৰ লগতে এই বঁটাৰ গুৰুত্বও হ্ৰাস কৰা বুলি চৰ্চিত হৈছে৷এই সন্দৰ্ভত তেজপুৰ অসমীয়া ভাষা উন্নতি সাধিনী সভাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি এক বিবৃতিত কয় যে এইবাৰ ৩১ জুলাইৰ ফণী শৰ্মা দিৱসটি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমাৰ সঞ্চালকালয়ে অনুষ্ঠিত নকৰিলে। ফণী শৰ্মাৰ নামত দিয়া বঁটাটো ২০০৪ চনৰ পৰা ফণী শৰ্মা দিৱসতে প্ৰদান কৰা হৈছিল আৰু ৰাজ্য চৰকাৰে সেই যুগন্ধৰ শিল্পী জনাক তেনেকৈয়ে আনুষ্ঠানিক ভাৱে শ্ৰদ্ধা জনাই আহিছিল। কিন্তু এইবাৰ এই দিৱস অনুষ্ঠিত কৰা নহ’ল কিয় আমি নাজানিলোঁ৷ এইবাৰ চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ পৰা কেন্দ্ৰীয় ভাবে ফণী শৰ্মা দিৱস অনুষ্ঠিত নকৰা সন্দৰ্ভত চৰকাৰী আওতাৰ পৰা ফণী শৰ্মাক পাহৰি যোৱাৰ চেষ্টা কৰা হৈছে নেকি বুলি প্ৰশ্ন কৰি তেজপুৰ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সভাপতি আৰু সাধাৰণ সম্পাদক পুলিন ভট্টাচাৰ্য আৰু শান্তনু বৰুৱাই উল্লেখ কৰে৷আনহাতে বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাই এই সন্দৰ্ভত তাৎক্ষণিক ভাবে কোনোধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ নিবিচাৰি কয় যে,বিষয়টোকলৈ তেওঁ আলোচনা নকৰাকৈ থকা নাই৷ বাণ থিয়েটাৰত চলি থকা নটসূৰ্য ফণী শৰ্মা নাট সমাৰোহ আজি অন্ত পৰাৰ পিছত এই বিষয়ে সবিশেষ জানিলৈ নটসূৰ্যৰ স্মৃতিবিজৰিত বাণ থিয়েটাৰৰ মতামত প্ৰকাশ কৰিব বুলি তেওঁ কয়৷ আনহাতে সাংস্কৃতিক কৰ্মী শান্তনু মহন্তই এই সন্দৰ্ভত কয় যে,চৰকাৰে আন নহ’লেও সেই দিনটোত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰে আয়োজন কৰিব পাৰিলেহেঁতেন৷জাতীয় পুৰোধা সকলক এনেদৰে পাহৰোৱাৰ কৌশল নেকি বুলি তেওঁ কটাক্ষ কৰি লগতে কয় যে আচলতে ৰাজ্য চৰকাৰৰ সকলো সিদ্ধান্ত দেখাত মুখ্যমন্ত্ৰীয়েই লয় যেন লাগে৷গতিকে কোনো ব্যক্তিগত অসুবিধাৰ বাবে হয়তো তেওঁ এইবিষয়ে একো নোকোৱাত বাকী মন্ত্ৰীসকলেও কিবা কৰিব লাগিব বুলি নাভাবিলে৷কিন্তু এই ঘটনা দুৰ্ভাগ্যজনক বুলি মহন্তই মন্তব্য কৰে৷সদৌ অসম সাংবাদিক সন্হাৰ সভাপতি পংকজ কুমাৰ নাথেও এই বিষয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে,ইমান দিনে নটসূৰ্যৰ সমাধিস্হল নিৰ্মাণ কৰাত চৰকাৰী ব্যৰ্থতাৰ পিছত বৰ্তমান নটসূৰ্য স্মৃতি বঁটাটো নিৰ্দিষ্ট দিনটোত প্ৰদান নকৰাত এই বঁটাৰ প্ৰাসংগিকতা হ্ৰাস কৰিব৷এয়া এক দুৰ্ভাগ্যজনক কাৰ্য বুলিও তেওঁ মন্তব্য কৰে৷উল্লেখযোগ্য যে,নটসূৰ্যকলৈ এইবাৰ প্ৰদৰ্শিত চৰকাৰী অমনোযোগিতাক লৈ তেজপুৰৰ সৰ্বস্তৰতে চৰ্চিত হৈছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More