নতুন আৱিষ্কাৰেৰে মহীয়ান মালভোগ খুতৰা

বাৰীৰ চুকতে লুকাই আছে পৃথিৱী বচাব পৰা মুকুতা

0 704

দাদুল দেৱকৃষ্ণ বৰুৱা

অপতৃণ বুলি যদি ইমানদিনে উভালি পেলাই আহিছে, তেন্তে এতিয়াৰ পৰা আৰু সেই ভুলটো নকৰিব। কাৰণ আমি বহু সময়ত অপতৃণ বুলি ভাবি অহা এইবিধ শাক আচলতে বাৰী চুকৰ মুকুতা। শামুকৰ পেটত মুকুতা বিচাৰি পোৱাৰ দৰে শেহতীয়াকৈ এইবিধ শাকত বিজ্ঞানীয়ে বিচাৰি পাইছে এক বিশেষ ক্ষমতা; যি হয়তো সলাই পেলাব পাৰে পৃথিৱীৰ ভৱিষ্যৎ ! হয়, মালভোগ খুতৰাৰ কথাই কৈছোঁ। অসমীয়াত মালভোগ খুতুৰা, হাঁহঠেঙীয়া; হিন্দীত লোনিয়া, কুলফা, খুৰচা আৰু ইংৰাজীত Common Purslane, Pussley, Pigweed নামেৰে পৰিচিত এইবিধ বনৰীয়া শাকৰ বৈজ্ঞানিক নাম হৈছে Portulaca oleracea। যোৱা ৫ আগষ্টত আমি অদৰকাৰী বুলি ভবা এইবিধ বনৰীয়া শাকক লৈ আন্তঃৰাষ্ট্ৰীয় আলোচনীত প্ৰকাশিত এক গৱেষণা পত্ৰই খুলি দিছে এখন নতুন দুৱাৰ। কোৱা হৈছে যে জলবায়ু পৰিৱৰ্তনে জুৰুলা কৰা পৃথিৱীখনত খৰাং প্ৰতিৰোধী শস্য কেনেকৈ গঢ়ি তুলিব পাৰি তাৰ গুৰুত্বপূৰ্ণ ইংগিত পোৱা গৈছে এইবিধ সাধাৰণ উদ্ভিদত। বিজ্ঞানীসকলে ‘ছুপাৰ প্লাণ্ট’ আখ্যা দিছে মালভোগ খুতৰাক।1659837979925

* প্ৰাণশক্তি যাৰ দুৰ্দান্ত
মালভোগ খুতৰাৰ শিপা ২৫ বছৰলৈকে জীয়াই থাকে। বৰষুণ বা পানী পালেই ই লহপহকৈ ঠন ধৰি উঠে। শাকবিধৰ পাত ভিটামিন, আইৰণ, মিনাৰেল্চ, প্ৰটিন, কেলচিয়াম ভৰপুৰ। সকলোবোৰ শাক-পাচলিৰ ভিতৰত আটাইতকৈ বেছি Omega-3 আৰু ফেটি এচিড মালভোগ খুতৰাতেই পোৱা যায়। তদুপৰি আমি অপতৃণ বুলি ভাবি অহা এইবিধ শাকৰ পাতত আটাইবোৰ সেউজীয়া শাক-পাচলিতকৈ অধিক ভিটামিন A পোৱা যায়; যি কেন্সাৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰে আৰু ইয়াত থকা Omega-3 হৃদৰোগ প্ৰতিৰোধক। কেন্সাৰ আৰু হৃদৰোগৰ দৰে মাৰাত্মক ৰোগ প্ৰতিৰোধী এই মালভোগ খুতৰাই ৰক্তহীনতা দূৰ কৰাৰ লগতে হাড় মজবুত কৰাৰ উপৰি সম্পূৰ্ণ স্বাস্থ্য উন্নত কৰে। দৈনিক খাদ্যৰ লগত চালাদ হিচাবে খালে এনাৰ্জী লেভেল উন্নত কৰি তজবজীয়া স্বাস্থ্য প্ৰদান কৰে, শাৰীৰিক শক্তি বঢ়ায়, সৰু ল’ৰা-ছোৱালীৰ মানসিক স্বাস্থ্য উন্নত কৰি Autism আৰু ADHD জাতীয় disorder হোৱাৰ পৰা ৰক্ষা কৰে। এইবিধ শাক ব্যৱহাৰৰ পৰা হোৱা স্বাস্থ্য লাভ বা পৰিৱৰ্তন ১৫ দিনৰ পৰা এমাহৰ ভিতৰতে লক্ষ্য কৰিব পাৰি। তেজ বমি হ’লে মালভোগ খুতৰাৰ ৰস ৪-৫ চামুচ খালে ভাল হয়। প্ৰস্ৰাৱ কম হ’লেও এনেদৰে খালে প্ৰস্ৰাৱ বেছি হয়। নিয়মিতভাৱে পাত, গুটিৰ ৰস খাই থাকিলে বৃক্ক, পিত্তস্থল, হাওঁফাওঁ সবল হয়। জুই বা গৰম পানীয়ে পোৰা ঠাইত মালভোগ শাক পিহি লগাই দিলে পোৰণি মৰে। গুটিৰ ৰসে যক্ষ্মা ৰোগ, গ্ৰহণী, পেটৰ জ্বলা-পোৰা কৰা ভাল কৰে। গছৰ ৰস নিয়মিত খাই থাকিলে গনৰীয়া ৰোগ ভাল হয়।1659837979910

* কিদৰে খালে অধিক লাভৱান হ’ব পাৰি
আয়ুৰ্বেদত মালভোগ খুতৰা বিভিন্ন ৰোগৰ ঔষধ হিচাবে ব্যৱহৃত হয়। ৰন্ধনত ইয়াৰ বেছিভাগ ঔষধি গুণ নষ্ট হৈ যায়। সেয়ে ইয়াক জুচ বা চালাদ হিচাবে খালে অধিক লাভৱান হ’ব পাৰি। ইয়াৰ গা-গছ, পাত, কলি সকলো অংশই খাব পাৰি। টান গা গছ অংশ বাদ দি কুহুমীয়া পানীৰে ধুই কটাৰীৰে সম্পূৰ্ণ গছ, পাত টুকুৰা টুকুৰকৈ কাটি আন পাচলিৰ (গাজৰ, টিয়ঁহ, পিয়াজ, বিলাহী আদি) চালাদৰ ওপৰত ছটিয়াই লৈ খাব পাৰি। সোৱাদৰ বাবে সৈন্ধব বা ক’লা নিমখ ব্যৱহাৰ কৰিব পাৰি।

* সকলোৱে খোৱা উচিত নহয়
মালভোগ খুতৰাত oxalic acid থাকে। যি এচিদ আমি দৈনন্দিন ব্যৱহাৰ কৰা আন বহু পাচলিতো থাকে। এই এচিদে ইউৰিনেৰি ট্ৰেক্টত oxalate stone থকা ৰোগীৰ ক্ষেত্ৰত অনুঘটকৰ কাম কৰে। অৰ্থাৎ ৰোগ বঢ়াব পাৰে। ১০০ গ্ৰাম শাকত এই এচিড ১.৩১ গ্ৰাম থাকে যিটো পৰিমাণ পালেং শাক (০.৯৭ g/১০০g) তকৈ অধিক। সেয়ে oxalate stone থকা লোকে খোৱা অনুচিত।

আমি অনাদৰ আৰু অৱহেলা কৰি অহা বাৰীৰ শাক-পাতবোৰত যে সু-স্বাস্থ্যৰ বাবে প্ৰয়োজনীয় উপাদানৰ লগতে পৰিৱেশ-পৰিস্থিতি চম্ভালি ল’ব পৰা চমৎকাৰী বৈশিষ্ট্য আছে তাৰেই শেহতীয়া নিদৰ্শন মালভোগ খুতৰা। অপতৃণ বুলি অৱহেলা কৰি অহা মালভোগ খুতৰাতে যে লুকাই আছে খৰাং প্ৰতিৰোধী শস্য গঢ়াৰ চাবিকাঠি সেয়া আমাৰ বাবে আছিল সপোনৰো অগোচৰ। যিটো কথা জানিবৰ বাবে আমি Yale Universityৰ গৱেষকলৈ অপেক্ষা কৰিব লগা হ’ল। আমাৰ অসম মুলুকত কত যে চমৎকাৰী উদ্ভিদ আছে; অথচ আমি ‘নুবুজোঁ নলওঁ গম’।1659837979892

* বাৰীৰ চুকৰ ‘ছুপাৰ প্লাণ্ট’
জলবায়ু পৰিৱৰ্তনে জুৰুলা কৰিছে পৃথিৱী। যাৰ বাবে বিজ্ঞানীসকলে বিভিন্ন ক্ষেত্ৰত পৰীক্ষা-নিৰীক্ষা অব্যাহত ৰাখিছে, পৃথিৱীক কিদৰে কৰি ৰাখিব পৰা যায় বহনক্ষম। আৰু শেহতীয়া এক পৰীক্ষাত পৃথিৱীত খৰাং প্ৰতিৰোধী শস্য কেনেকৈ গঢ়ি তুলিব পাৰি তাৰ গুৰুত্বপূৰ্ণ ইংগিত পাইছে সাধাৰণ যেন লগা উদ্ভিদ মালভোগ খুতৰাত। যোৱা ৫ আগষ্টত Science Advances আলোচনীত প্ৰকাশিত এক প্ৰতিবেদনত Yale Universityৰ বিজ্ঞানীসকলে ব্যাখ্যা কৰিছে যে, কেনেকৈ Common Purslane নামেৰে জনাজাত মালভোগ খুতৰা (বৈজ্ঞানিক নাম Portulaca oleracea)ই দুটা ভিন্ন বিপাকীয় পথক একত্ৰিত কৰি এক নতুন ধৰণৰ সালোক সংশ্লেষণ উৎপন্ন কৰে যিয়ে অপতৃণবিধক অতি উৎপাদনশীল হৈ থকাৰ সময়তো খৰাং সহ্য কৰিব পৰাকৈ সক্ষম কৰি ৰাখে। মালভোগ খুতৰাৰ এই দুয়োটা বিৱৰ্তনশীল অভিযোজন থকাটোৱে শাকবিধক বিশেষ কৰি তোলে; কাৰণ ই অত্যন্ত উৎপাদনশীল আৰু খৰাং সহনশীল হ’ব পাৰে, যিটো এবিধ উদ্ভিদৰ বাবে এক অস্বাভাৱিক সংমিশ্ৰণ। গৰিষ্ঠসংখ্যক বিজ্ঞানীয়ে ভাবিছিল যে মালভোগ খুতৰাৰ পাতৰ ভিতৰত C4 আৰু CAM এ পৃথকে পৃথকে কাম কৰে। ইয়েলৰ বিজ্ঞানী দলটোৰ নেতৃত্বত আছিল প্ৰতিবেদনখনৰ সহকাৰী লেখক আৰু পোষ্ট ডক্টৰেট গৱেষক Jose Moreno-Villena আৰু Haoran Zhou। তেওঁলোকে মালভোগ খুতৰাৰ পাতৰ ভিতৰত জিন প্ৰকাশৰ ভৌগোলিক অনুসন্ধান কৰি আৱিষ্কাৰ কৰিছে যে C4 আৰু CAM কাৰ্যকলাপ সম্পূৰ্ণৰূপে একত্ৰিত। ইহঁতে একেটা কোষতে কাম কৰে, C4 পথে CAM প্ৰক্ৰিয়াৰ উপজাত সামগ্ৰীসমূহ প্ৰক্ৰিয়াকৰণ কৰে। খৰাঙৰ সময়ত এই কৌশলে এবিধ C4 উদ্ভিদক অস্বাভাৱিকভাৱে উচ্চ মাত্ৰাৰ সুৰক্ষা প্ৰদান কৰে। ইয়াৰ উপৰি বিজ্ঞানীসকলে বিপাকীয় প্ৰবাহৰ আৰ্হি প্ৰস্তুত কৰিছিল যিয়ে তেওঁলোকৰ প্ৰকৃত তথ্যৰ সৈতে মিল থকা এক সংহত C4+CAM ব্যৱস্থাৰ সৃষ্টিৰ ভৱিষ্যদ্বাণী কৰিছিল। গৱেষকসকলৰ মতে এই নতুন বিপাকীয় প্ৰক্ৰিয়াটো বুজি পালে বিজ্ঞানীসকলে দীৰ্ঘদিনীয়া খৰাং পৰিস্থিতি ভালদৰে সহ্য কৰিবলৈ কুঁহিয়াৰৰ দৰে অভিযান্ত্ৰিক শস্যৰ বাবে সতেজ পদ্ধতি উদ্ভাৱন কৰিবলৈ সক্ষম হ’ব পাৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More