নতুন ক্ষেপণাস্ত্ৰ পৰীক্ষাত ভাৰতৰ সফলতা

0 20
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ ছেপ্টেম্বৰঃ ভাৰতে পুনৰ এক নতুন ক্ষেপণাস্ত্ৰ পৰীক্ষাত সফলতা অৰ্জন কৰিছে। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা আৰু ভাৰতীয় সেনাই ৮ ছেপ্টেম্বৰ বৃহস্পতিবাৰে ৬টা ফ্লাইট পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে। উৰিষ্যাৰ চণ্ডীপুৰ উপকূলৰ ওচৰত ভাৰতে সফলতাৰে কুইক ৰিয়েকচন ছাৰ্ফেচ টু এয়াৰ মিছাইল চিষ্টেম (QRSAM) পৰীক্ষা কৰে। ডি আৰ ডি অ’ৰ সূত্ৰ অনুসৰি সেনাই বিভিন্ন ক্ষেত্ৰত অস্ত্ৰ পৰীক্ষণত কিমান সফল হৈছে তাৰ মূল্যায়ন কৰা হৈছে। মূলতঃ এই নতুন ক্ষেপণাস্ত্ৰটো তীব্ৰ বেগেৰে লক্ষ্য উৰুৱাই দিয়াত অতি সফল হৈছে। কুইক ৰিয়েকচন ছাৰ্ফেচ টু এয়াৰ মিছাইল চিষ্টেম (QRSAM) মূলতঃ এটা মধ্যমীয়া দূৰত্বৰ ছাৰ্ফেচ টু এয়াৰ মিছাইল চিষ্টেম। ইয়াক মূলতঃ ডি আৰ ডি অ’ নিৰ্মাণ কৰে। আকাশ মাৰ্গত যিকোনো আক্ৰমণ ৰোধ কৰিবলৈ ভাৰতীয় সেনা কিমান সক্ষম সেই বিষয়ে পৰীক্ষা কৰা হৈছে আৰু এই নতুন ব্যৱস্থাটো সেনাৰ হাতত অৰ্পণ কৰা হৈছে। ডি আৰ ডি অ’ৰ পুনে, ডেৰাডুন, হায়দৰাবাদ, বালাছোৰত থকা ইউনিটসমূহে ইয়াৰ উন্নয়নত মুখ্য ভূমিকা পালন কৰিছে। ডি আৰ ডি অ’ৰ সূত্ৰ অনুসৰি ৬টা পৰীক্ষাত এই নতুন ব্যৱস্থাই লক্ষ্যত নিখুঁতভাৱে আঘাত কৰিব পৰা দেখা গৈছে। টেলিমেট্ৰি, ৰাডাৰ, ইলেক্ট্ৰ’ অপটিকেল ট্ৰেকিং চিষ্টেমৰ জৰিয়তে লাভ কৰিব পৰা তথ্যৰ ভিত্তিত এই নতুন ব্যৱস্থা কাৰ্যকৰী কৰা হ’ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ডি আৰ ডি অ’ আৰু ভাৰতীয় সেনাক এই সাফল্যৰ বাবে অভিনন্দন জনায়। লগতে তেওঁ কয় যে এই নতুন ব্যৱস্থা সশস্ত্ৰ বাহিনীৰ বাবে অতি সহায়ক হ’ব।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More