নতুন নিযুক্তিৰ তালিকা প্ৰকাশত লক্ষীমপুৰ জিলা হাইস্কুল অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষক সন্থাৰ ক্ষোভ

0 1,076

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৭জুনঃ ২০১০ চনত নিযুক্ত হাইস্কুল ঠিকাভিত্তিক শিক্ষক সকলক চৰকাৰে আজিলৈকে চাকৰি নিয়মীয়া নকৰি নতুনকৈ ৰাজ্যত শিক্ষক নিযুক্তি দিয়াত ব্য়াপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে উচ্চ ন্যায়ালয়ে অসমৰ ৫৯২৪ জন হাইস্কুল ঠিকাভিত্তিক শিক্ষকৰ বাবে পদ সংৰক্ষণ কৰিব লৈ নিৰ্দেশ দিছিল আৰু নিযুক্তি প্ৰক্ৰিয়া চলাব পাৰিব বুলিও উল্লেখ কৰিছিল। সেই অচিলা লৈয়ে চৰকাৰে ঠিকাভিত্তিক শিক্ষকসকলক আওকাণ কৰি নতুন নিযুক্তি দিয়াত এতিয়া ঠিকাভিত্তিক শিক্ষকসকল চৰম অনিশ্চয়তাত ভূগিছে। চৰকাৰে ২০২০ চনৰ জুলাই মাহৰ পৰা ঠিকাভিত্তিক শিক্ষকৰ দৰমহা কেইটা বঢ়াই দিয়াৰ বাহিৰে ১ জুলাই ২০২০ আৰু ১৩ আগষ্ট ২০২০ তাৰিখে জাৰি কৰা অসম চৰকাৰ মাধ্যমিক শিক্ষা বিভাগৰ অধিসূচনাৰ দফা সমূহ কাৰ্যকৰী নকৰিলে।শিক্ষক সকলৰ আজিও NPS, GIS কৰ্তন, death benefits, service book আদি হৈ নুঠিল। কাজেই প্ৰায় নিয়মীয়াকৰণৰ নামত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ শিক্ষক সকলক অসন্তুষ্ট কৰি তুলিছে। মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক গুৰুত্বপূৰ্ণ ৰায়দান অনুসৰি অসমৰ  ৫৯২৪ জন হাইস্কুল ঠিকাভিত্তিক শিক্ষকৰ বাবে পদ সংৰক্ষণ কৰিব লৈ নিৰ্দেশ দিছিল। মাধ্যমিক শিক্ষা বিভাগৰ PC/sec/125/2020/327 dated Kahilipara 6/9/2021 পত্ৰ যোগেদি হাইস্কুল ঠিকাভিত্তিক শিক্ষকৰ বাবে ৫২৪৩পদ সংৰক্ষিত কৰি থয়। ২০২২ চনৰ ২৮ ডিচেম্বৰত প্ৰকাশিত বিজ্ঞাপনত হাইস্কুল ঠিকাভিত্তিক শিক্ষকৰ বাবে সংৰক্ষিত পদত নিযুক্তিৰ আশংকা কৰি মহামান্য উচ্চ ন্যায়ালয়ত কৰা আবেদন IA(Civil)1384/2023 অনুসৰি 5243 পদ সংৰক্ষণ কৰি ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰে। কিন্ত আদালতৰ ৰায়ক অৱমাননা কৰি লখিমপুৰ জিলা বিদ্যালয় পৰিদৰ্শক কাৰ্যালয়ে লখিমপুৰ জিলাৰ হাইস্কুল ঠিকাভিত্তিক শিক্ষকৰ বাবে সংৰক্ষিত পদ সমূহত নিযুক্তিৰ তালিকা প্ৰকাশ কৰিছে। এই সন্দৰ্ভত লক্ষীমপুৰ জিলা হাইস্কুল অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষক সন্থাৰ সভাপতি  কেশৱ ফুকন আৰু সম্পাদক চম্পক বৰাৰ নেতৃত্বত এদল শিক্ষকে আজি জিলা বিদ্যালয় পৰিদৰ্শকক সাক্ষাৎ কৰি নিজৰ ক্ষোভ ব্যক্ত কৰি তেওঁলোকক ন্যায় প্ৰদান কৰিবলৈ দাবী জনায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More