ছন পৰিব নেকি শোণিতপুৰৰ পথাৰ

খৰাং সদৃশ পৰিস্থিতি

0 48

 শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৭ জুন : উন্নয়নৰ ঢাকঢোল বজালেও এতিয়া উপযুক্ত জলসিঞ্চন ব্যৱস্থাৰ অভাৱত শোণিতপুৰৰ সৰ্বত্ৰ পথাৰত চিৰাল ফাট মেলিছে৷ উল্লেখযোগ্য যে জেঠ মাহৰ আধা যোৱাৰ সময়ত কৃষকে পথাৰত হাল বাব পৰা নাই আৰু দ পথাৰত কৰা বৰো ধানো বিভিন্ন স্হানত ক্ষতি হোৱা বুলি প্ৰকাশ কৰিছে কৃষকে৷ খৰাঙৰ দৰে ভয়ংকৰ অৱস্থাৰ উদ্ভৱ হোৱা জিলাখনৰ বহু কৃষিভূমি ইতিমধ্যেই নিঃশেষ হোৱাৰ বিপৰীতে অৱশিষ্ট কৃষি ভূমিৰ জলহীন অৱস্থাই ৰাজ্যৰ কৃষিক্ষেত্ৰত জলসিঞ্চন ব্যৱস্থা প্ৰকৃততে কিমান ফলপ্ৰসূ হৈছে সেই কথাকেই প্ৰতিপন্ন কৰিছে৷ উল্লেখযোগ্য যে, শোণিতপুৰত বৰ্তমান থকা জলসিঞ্চন ব্যৱস্থাই কৃষকক প্ৰয়োজনৰ সময়ত উপযুক্ত পৰিমাণৰ পানী যোগান ধৰাত তাহানিৰ পৰাই ব্যৰ্থ হৈ আহিছে আৰু বৰ্তমানেও সেই একেই অৱস্থা অব্যাহত আছে৷ এনে অৱস্থাত পুখুৰী বা সমীপৰ খালদোঙৰ পৰা পানী সংগ্ৰহ কৰাই কৃষকৰ বিকল্প পথ য’দিও বৰ্তমান তীব্ৰ খৰাঙৰ ফলত সেইবোৰো শুকাই কৰকৰিয়া মাৰিছে৷ উল্লেখযোগ্য যে,জিলাখনৰ কিছু পৰিমানে খেতিপথাৰ বাছি থকা ৰঙাচকুৱা, জামুগুৰি, ঢলাইবিল, সোনাবিল, বিহগুৰি, বাঁহবাৰী, ৰঙাপৰা, বালিপৰা, চাৰিদুৱাৰ, মিছামাৰী, জহামাৰী, ঠেলামৰা, বেছেৰীয়া, পৰ্বতীয়া অঞ্চলৰ বৰপথাৰ, খেলেপীয়া পথাৰ, ধনপৰা, ৰঘুগুৰি, আৰিমৰা, কোৰকানি, ক’লা চোং, নভঙানি, বৰুৱাবাৰী পথাৰ, লুহীয়া পথাৰ আদিৰ লগতে বৃহত্তৰ ডিপোটা – মিলনপুৰ অঞ্চলৰ উহনি পথাৰ, খেতিপথাৰ, পক্ষীয়াঝাৰ পথাৰ, মোৱামাৰী পথাৰ, হলেশ্বৰ পথাৰ, তেলেতীয়া পথাৰ, ডেকাৰগাঁও আদি সকলোতে বৰ্তমান পথাৰত চিৰালফাট মেলিছে৷ একেই অৱস্থা নপাম, বৰগুৰি, গেৰেকী আদি অঞ্চলতো৷ আনহাতে পূৰ্বে পাম্পৰ সহায়ত একাংশ কৃষকে পথাৰত পানীৰ ব্যৱস্থা নিজাববীয়াকৈ কৰিছিল যদিও বৰ্তমান বিদ্যুতৰ মাচুল অত্যধিক পৰিমাণে বৃদ্ধি পোৱাত কৃষক সকলে সেইদৰেও পানীৰ যোগান পথাৰলৈ কৰিব পৰা নাই৷ কেৱল বৰষুণৰ ওপৰতে নিৰ্ভৰ কৰি ধানখেতি কৰা কৃষক সকলে এতিয়া মূৰে কপালে হাত দিব লগীয়া হৈছে যদিও বতৰ বিজ্ঞানৰ তথ্য অনুসৰি শোণিতপুৰত অহা ১৩ জুনলৈকে বৰষুণ হোৱাৰ সম্ভাৱনা নাই৷ এনে অৱস্থাত এইবাৰ পানীৰ অভাৱতেই জিলাখনৰ বহু পৰিমাণৰ কৃষিভূমি ছন পৰাৰ দুৰ্ভাৱনা বৃদ্ধি পাইছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More