শতাব্দ প্ৰতিনিধি, নলবাৰী, ১৮ এপ্ৰিলঃ সকলো জল্পনা-কল্পনা আৰু উৎকন্ঠাৰ অন্তত নলবাৰী পৌৰসভাৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হৈছে জয়শ্ৰী তালুকদাৰ পাঠক । মুঠ ১৭ টা ৱাৰ্ড থকা নলবাৰী পৌৰসভাৰ নিৰ্বাচনত আটাইকেইটা ৱাৰ্ডতে বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰাৰ পিছত বিগত দিন কেইটাত ১৭ নম্বৰ ৱাৰ্ডৰ নিৰ্বাচিত বিজেপি সদস্য জয়ন্ত বুজৰবৰুৱাই সভাপতিৰ চকীত বহিব বুলি চৰ্চা চলি থকাৰ মাজতে ৬ নম্বৰ ৱাৰ্ডৰ নিৰ্বাচিত সদস্য (বিজেপি) জয়শ্ৰী তালুকদাৰ পাঠকৰ নাম সভানেত্ৰী হিচাপে ঘোষিত হোৱা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। আজি নলবাৰী নাট্য মন্দিৰত অনুষ্ঠিত নৱ নিৰ্বাচিত ৱাৰ্ড সদস্যসকলৰ শপত গ্ৰহণ অনুষ্ঠানত সকলোকে আচৰিত কৰি জয়শ্ৰী তালুকদাৰ পাঠকৰ নাম সভানেত্ৰী হিচাপে আৰু উপ সভাপতি হিচাপে অগপৰ ড° ৰবীন দাসৰ নাম ঘোষণা কৰাৰ লগতে শপত গ্ৰহণো কৰোৱা হয়। এই শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু সাংসদ দিলীপ শইকীয়া উপস্থিত থাকে। উল্লেখ্য, জাপাৰকুছিৰ যুৱ সমাজকৰ্মী কমল পাঠকৰ পত্নী জয়শ্ৰী তালুকদাৰ পাঠক নলবাৰী পৌৰ সভাৰ জৰিয়তে প্ৰত্যক্ষ ৰাজনৈতিক ক্ষেত্ৰত খোজ পেলাই নলবাৰী পৌৰসভাৰ সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ আসনত বহিবলৈ হ’বলৈ সক্ষম হৈছে। নৱ নিৰ্বাচিত পৌৰপতি জয়শ্ৰীয়ে নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা, সাংসদ দিলীপ শইকীয়াৰ পৰামৰ্শ অনুসৰি আটাইকেইগৰাকী সদস্যৰ সৈতে লগ হৈ নলবাৰী পৌৰসভাৰ সমগ্ৰ এলেকাৰ সৰ্বাংগীন উন্নয়ন কৰাৰ চেষ্টা কৰিব বুলি মন্তব্য কৰে। উল্লেখ্য, মুঠ ১৭ টা ৱাৰ্ড থকা নলবাৰী পৌৰসভাৰ আটাইকেইটা ৱাৰ্ডতে এইবাৰ বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছিল। এই ১৭টা ৱাৰ্ডৰ ১৫টাত বিজেপি আৰু দুটা ৱাৰ্ডত অগপ প্ৰাৰ্থীয়ে জয়লাভ কৰাত নলবাৰী পৌৰসভা বিৰোধী শূন্য হৈ পৰিছিল। উল্লেখ্য, ১৭ টা ৱাৰ্ড থকা নলবাৰী পৌৰসভা নিৰ্বাচনত এইবেলি বিজেপি-অগপ মিত্ৰজোঁটৰ চাৰিগৰাকী প্ৰাৰ্থী বিনাপ্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱাৰ পিছত মুঠ ১৩ টা ৱাৰ্ডত অনুষ্ঠিত কৰা হৈছিল নিৰ্বাচন।