নলবাৰী মহকুমা বিহু সন্মিলনীৰ সোণালী জয়ন্তীৰ আৰম্ভণি

১৮ এপ্ৰিলত অসমভিত্তিক বিহু কুঁৱৰী প্ৰতিযোগিতা

0 36

শতাব্দ প্ৰতিনিধি, নলবাৰী, ১৭ এপ্ৰিলঃ আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে নলবাৰী মহকুমা বিহু সন্মিলনীৰ সোণালী জয়ন্তী উৎসৱৰ আৰম্ভণি অনুষ্ঠান।নলবাৰী গৰ্ডন স্কুল খেলপথাৰত আয়োজিত এই অনুষ্ঠান আজি পুৱাৰ ভাগত পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে বিহু সন্মিলনীৰ সভাপতি গনেশ তামুলী আৰু কাৰ্যকৰী সভাপতি মনোজ কুমাৰ চৌধুৰীৰ লগতে ৫০ গৰাকী বিশিষ্ট ব্যক্তিয়ে। ইয়াৰ পিছত লাড়ু-পিঠাৰ প্ৰদৰ্শনীমূলক প্ৰতিযোগিতা, জেং বিহু প্ৰতিযোগিতা, ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাঙ্কণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। সন্ধিয়া মুকলি বিহু প্ৰতিযোগিতা, উৰুলী প্ৰতিযোগিতা অনুষ্ঠিত হয়। চান্দা সংস্কৃতি অবিহনে নলবাৰী মহকুমা বিহু সন্মিলনীয়ে বিহু উদযাপন কৰি অহা বুলি উল্লেখ কৰি উদযাপন সমিতিৰ সম্পাদক চন্দন হালৈ আৰু বুবুল তালুকদাৰে কয় যে এইবেলি বিহুত কেতবোৰ ব্যতিক্ৰমী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কাৰ্যসূচী অনুসৰি, ১৮ এপ্ৰিলত আবেলি ২ বজাত ছাত্ৰ-ছাত্ৰীৰ মাজত ক্ৰীড়া প্ৰতিযোগিতা,আবেলি ২-৩০ বজাত আবৃত্তি প্ৰতিযোগিতা আৰু আবেলি ৩ বজাত পুৰুষ-মহিলাৰ খোজকঢ়া প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব। সন্ধিয়া ৭ বজাত নবীন তামুলী সোঁৱৰণী সদৌ অসম বিহু কুঁৱৰী প্ৰতিযোগিতা উদ্বোধন কৰিব বিশিষ্ট চিকিৎসক ধীৰেন নাথে। এই অনুষ্ঠানত প্ৰয়াত নবীন তামুলীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰিব পুত্ৰ গনেশ তামুলীয়ে।উল্লেখ্য, বিহু কুঁৱৰী প্ৰতিযোগিতাত প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্তক ক্ৰমে ২৫০০০/-, ১৫০০০/- আৰু ১০০০০/- টকা আগবঢ়োৱাৰ লগতে ট্ৰফী আৰু মানপত্ৰ প্ৰদান কৰা হ’ব। নিশা ৯ বজাত সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে। ১৯ এপ্ৰিলত বিয়লি ৩ বজাত ৰছী টনা প্ৰতিযোগিতা আৰু বিয়লি ৩-৩০ বজাত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব। সন্ধিয়া ৭ বজাত সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব সাংস্কৃতিক সংগঠক পবিন শৰ্মাই। অনুষ্ঠানত মুখ্য অতিথি হিচাপে বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা আৰু অতিথি হিচাপে বিশিষ্ট ব্যৱসায়ী অনুপম শৰ্মা, বিশিষ্ট অভিনেতা দিলীপ কুমাৰ দাসকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। এই অনুষ্ঠানত অতিথি শিল্পী হিচাপে কণ্ঠ শিল্পী জুবলী আৰু ৰিদিপ্তাই অংশ ল’ব। উল্লেখ্য, বিহুতলীত উপস্থিত হোৱা ব্যক্তিৰ মাজৰ পৰা অসমীয়া সাজ-পাৰ প্ৰতিযোগিতাত নিৰ্বাচন কৰি পুৰুষ-মহিলাক অসমীয়া সাজ-পাৰ বঁটা প্ৰদান কৰা হ’ব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More