“নামঘৰীয়া”ৰ স্ৰষ্টা, সাহিত্য অকাদেমী বঁটা প্ৰাপক, নমস্য সাহিত্যিক অতুলানন্দ গোস্বামীৰ পৰলোকপ্ৰাপ্তিত অসম সাহিত্য সভাৰ শোকপ্ৰকাশ

তেজপুৰৰো বিভিন্ন অনুষ্ঠানৰ শোক

0 16

শতাব্দ প্ৰতিনিধি তেজপুৰ , ২৭ জুলাইঃ :অসমীয়া ভাষা – সাহিত্যৰ উত্তৰণ আৰু বিকাশৰ অৰ্থে ওৰেটো জীৱন সেৱা আগবঢ়াই অহা ৰাজ্যখনৰ নমস্য সাহিত্যিক, বহু কালজয়ী উপন্যাস, গল্প আৰু মননশীল প্ৰবন্ধকে ধৰি অন্য চিন্তা উদ্ৰেককাৰী লেখাৰ স্ৰষ্টা অতুলানন্দ গোস্বামীৰ আজি পুৱা পৰলোকপ্ৰাপ্তিৰ বতৰাত অসম সাহিত্য সভাৰ প্ৰতিগৰাকী সদস্য ম্ৰীয়মান হৈ পৰিছে। অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়া আৰু প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই প্ৰেৰণ কৰা এক শোক বাৰ্তাত “নামঘৰীয়া” কে ধৰি অনেক কালজয়ী সৃষ্টিৰ স্ৰষ্টা তথা সাহিত্য অকাদেমী বঁটা প্ৰাপক প্ৰথিতযশা সাহিত্যিক গৰাকীৰ কায়িক অবৰ্তমানে অসমীয়া ভাষা – সাহিত্য ক্ষেত্ৰখনৰ অপূৰণীয় ক্ষতি কৰিলে বুলি উল্লেখ কৰি বিদেহ আত্মাৰ সদগতি কামনাৰে পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। আনহাতে এইগৰাকী বৰেণ্য সাহিত্যিকৰ পৰলোকপ্ৰাপ্তিত শোণিতপুৰ জিলা সাহিত্য সভা, তেজপুৰ সাহিত্য সভা, দ পৰ্বতীয়া শাখা সাহিত্য সভা, পদ্মনাথ গোহাঞি বৰুৱা শাখা সাহিত্য সভা, উত্তৰ পশ্চিম তেজপুৰ শাখা সাহিত্য সভাকে ধৰি তেজপুৰৰ বাণ থিয়েটাৰ, সদৌ অসম লেখিকা সমাৰোহ সমিতি, সদৌ অসম সাংবাদিক সন্থা, শোণিতপুৰ জিলা জাৰ্নেলিষ্ট ইউনিয়ন, অসমীয়া ক্লাব, তৰুণ অসম সংঘ, তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থা আদিয়ে গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ সদগতি কামনা কৰিছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More