নামনি মাজুলীত অঘটনঃ বুটমাহ, মাটি কঁঠাল খাই অসুস্থ আশীজন

0 25

প্ৰাক্তন বিধায়ক, সমাজকৰ্মী যোগেশ্বৰ দলেৰ স্মৃতি দিৱসত বুটমাহ, মাটিকঁঠাল খোৱা সকলো লোক বিষক্ৰিয়াত আক্ৰান্ত : ১৮ জন গুৰতৰ ভাৱে অসুস্থ : এজনক লখিমপুৰ আৰু তিনিজনক যোৰহাটলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ

শতাব্দ প্ৰতিনিধি, মাজুলী, ৬ আগষ্ট : মাজুলী জিলাৰ নামনি মাজুলীৰ কৰতিপাৰ গাঁও পঞ্চায়তৰ মহৰিচুক গাঁৱত বুটমাহ আৰু মাটি কঁঠাল খাই প্ৰায় আশীজন লোক গুৰুতৰ ভাৱে অসুস্থ হৈ পৰিছে । ইয়াৰে ১৮ জন মাজুলীৰ গড়মূৰ জিলা চিকিৎসালয়ত ভৰ্ত্তি হৈ আছে আৰু ৬০ গৰাকী নিজৰ ঘৰতে চিকিৎসাধীন হৈ আছে । গড়মূৰ জিলা চিকিৎসালয়ত ভৰ্ত্তি হৈ থকা মিনতি দলে (৪০)ক আজি বিয়লি লখিমপুৰ জিলা চিকিৎসা মহাবিদ্যালয়লৈ আৰু ৰিংকু দলে (২৫), পাহি দলে (১৫),মুনু দলে( ২৪)ক যোৰহাট মেডিকেল কলেজ হস্পিতাললৈ ৰেফাৰ কৰিছে । আনহাতে, মহৰিচুক গাঁৱৰ দেৱৰঞ্জন দলে, টুটু দলে, ধ্ৰুৱজ্যোতি দলে, মুন্না দলে, ৰিংকু দলে, অনিল দলে, দেৱজিত দলে, সোণালী দলে, বালি দলে, মেনকা দলে, ৰিতা দলে, ত্ৰৈলোক্য দলে, সুৰেন দলে, মদন পাহাদী, জুলি দলে, গীতাৰ্থ দলে, ফনীধৰ দলে, মৃদুলা দলে গড়মূৰ জিলা চিকিৎসালয়ত ভৰ্ত্তি হৈ চিকিৎসা গ্ৰহণ কৰি আছে । আনহাতে, মহৰিচুক আৰু চাৰিঘৰীয়া গাঁৱৰ আন একাংশ লোক নিজৰ ঘৰতেই চিকিৎসাধীন হৈ আছে । চাৰিঘৰীয়াৰ শিক্ষক অজিত পেগু, মহৰিচুকৰ নিতুল দলে, ৰেণু দলেকে আদি বহুতো লোক নিজৰ ঘৰতে চিকিৎসা গ্ৰহণ কৰি আছে । আন বহুতো লোকৰ পেটৰ বিষ, বমি হৈছিল যদিও বৰ্তমান সুস্থ হৈ পৰিছে । উল্লেখযোগ্য যে যোৱা ৪ আগষ্টত পুৱা ৯ বজাত মহৰিচুকত মাজুলীৰ প্ৰাক্তন বিধায়ক, মাজুলী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক, বিশিষ্ট সমাজকৰ্মী যোগেশ্বৰ দলেৰ ১৭ সংখ্যক স্মৃতি দিৱস উদযাপন কৰিছিল। স্মৃতি দিৱস উদযাপন কৰা সমিতিয়ে মহৰিচুকৰ ব্যৱসায়ী তেজী সিংৰ দোকানৰ পৰা বুটমাহ আৰু মাটি কঁঠাল আনি ৰাইজক খুৱাইছিল । যোগেশ্বৰ দলেৰ স্মৃতি সৌধৰ কাষতে পালন কৰা স্মৃতি দিৱসৰ বুটমাহ আৰু মাটি কঁঠাল খোৱাৰ পাছত দুপৰীয়ালৈ পেটবিষ, শৌচ, বমি আৰম্ভ হৈছিল । বুটমাহ আৰু মাটি কঁঠাল খোৱা সকলো লোকৰে ভীষণ পেটবিষ হোৱাত অঞ্চলটোত হুৱাদুৱাৰ লাগে । লগত লগে আক্ৰান্ত সকলো লোকক গড়মূৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে । যোগেশ্বৰ দলে স্মৃতি চাৰণ উদযাপন সমিতিৰ সম্পাদক অজিত পেগুয়ে জনোৱা মতে, বুটমাহ আৰু মাটি কঁঠাল খোৱাৰ পিছত উক্ত বিষক্ৰিয়াত আক্ৰান্ত হয়। আজি মাজুলীৰ জিলা উপায়ুক্ত পুলক মহন্ত বিধায়ক ভুবন গাম, যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ শশীধৰ ফুকন মহৰিচুকত উপস্থিত হৈ এটা স্বাস্থ্য শিবিৰ বহুৱাই সকলো দিশ তদাৰক কৰিছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More