নিজে সজা বিমানেৰে ইউৰোপ ঘূৰিছে কেৰালাৰ যুৱকে

0 19

তাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ জুলাই : কৰ’না ভাইৰাছ প্ৰতিহত কৰিবলৈ ঘোষণা কৰা লকডাউনৰ ফলত ক্ষতিগ্ৰস্ত হোৱাৰ পিছত স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে বিমান পৰিবহণ উদ্যোগ। এনে সময়তে কেৰালাৰ এজন যুৱকে ঘৰতে নিৰ্মাণ কৰা বিমানেৰে ইউৰোপৰ এটা মূৰৰ পৰা আনটো মূৰলৈ উৰি ফুৰিছে। তাকো পৰিয়ালসহ। অশোক আলিছেৰিল থামাৰক্ষন নামৰ যুৱকজনৰ ঘৰ কেৰালাৰ আলাপপুজাত। বৰ্তমান তেওঁ ব্ৰিটেইনৰ বাসিন্দা। আনকি ব্ৰিটেইনতো যেতিয়াই তেওঁ আজৰি সময় পায় তেতিয়াই তেওঁ নিজৰ বিমান উৰুৱাই পৰিয়ালৰ সৈতে ইউৰোপৰ বিভিন্ন দেশ ভ্ৰমণ কৰি আছে। অশোকৰ হাতত আছে বিমান চলোৱাৰ অনুজ্ঞাপত্ৰ। ইতিমধ্যে তেওঁ জাৰ্মানী, অষ্ট্ৰিয়া, চেক গণৰাজ্য আদি দেশ ভ্ৰমণ কৰিছে। সম্প্ৰতি অশোকে পত্নী অভিলাষা আৰু দুগৰাকী কন্যা থাৰা আৰু দিয়াক লৈ কেৰালাৰ আলাপপুজাত থকা গাঁৱৰ ঘৰত ছুটী কটাবলৈ আহিছে। তেওঁৰ মতে, ভাৰতত এনে ঘৰুৱা বিমান নিৰ্মাণৰ নিয়ম শিথিল কৰিলে ব্ৰিটেইনত এনে বহু কোম্পানী আছে যিয়ে প্ৰয়োজনীয় অংশ যোগান ধৰিব পাৰে। ২০০৬ চনত তেওঁ পালাক্কাড ইঞ্জিনিয়াৰিং কলেজৰ পৰা বি টেক উত্তীৰ্ণ হৈ উচ্চ শিক্ষাৰ বাবে ব্ৰিটেইনলৈ গৈছিল। বৰ্তমান অশোকে তাত বহুজাতিক অটোম’বাইল নিৰ্মাণকাৰী কোম্পানী এটাত কাম কৰি আছে। কৰ’নাৰ বাবে লকডাউনত বহু সময় পাইছিল তেওঁ। আৰু সেই সময়খিনি ব্যৱহাৰ কৰি সপোনৰ উৰণীয়া বাহনখন নিৰ্মাণ কৰিছিল। সৰু ছোৱালীজনীৰ নামেৰে বিমানখনৰ নাম ৰাখিছিল ‘জি-ডিয়া’। বিমানখন নিৰ্মাণ কৰিবলৈ সময় লাগিছিল ১৮ মাহ। ভাৰতীয় মুদ্ৰাত ব্যয় হৈছে এক কোটি ৮০ লাখ। অশোকৰ দ্বাৰা নিৰ্মিত এই বিমানখন প্ৰতি ঘণ্টাত সৰ্বোচ্চ ২০০ কিলোমিটাৰ গতিবেগেৰে উৰিবলৈ সক্ষম। ইয়াৰ বাবে প্ৰতি ঘণ্টাত ২০ লিটাৰ ইন্ধনৰ প্ৰয়োজন হয়। বিমানখনত ১৮০ লিটাৰ ইন্ধন সংৰক্ষণৰ ব্যৱস্থা আছে। কিন্তু বিমান নিৰ্মাণৰ ধাৰণাটো কেনেকৈ তেওঁৰ মনলৈ আহিল? এই সম্পৰ্কে অশোকে কয় যে ব্ৰিটেইনত ঘৰুৱা বিমানৰ বিষয়টো নতুন কথা নহয়। কিন্তু বেছিভাগেই সেই বিমানবোৰ দুখন আসনযুক্ত। প্ৰথমতে তেওঁ তেনে বিমান ভাড়াত লৈ আকাশত উৰিছিল। কিন্তু পিছলৈ পৰিয়াল বাঢ়ি গ’ল। পত্নী আৰু দুগৰাকী কন্যাৰ সৈতে চাৰিজন হ’ল। ফলত দুখন আসনযুক্ত বিমানত তেওঁলোকৰ স্থান উপলব্ধ নথকাৰ বাবে তেওঁলোকে এখন চাৰিজনীয়া বিমান বিচাৰিবলৈ আৰম্ভ কৰে। কিন্তু এনে বিমান সাধাৰণতে পোৱা নাযায়। ফলত তেওঁ নিজে এখন বিমান নিৰ্মাণ কৰাৰ সিদ্ধান্ত লয়। ইয়াৰ বাবে জোহান্সবাৰ্গৰ এটা সংস্থালৈ গৈ চাই আহিল কেনেকৈ কাম কৰিব পাৰি। ইয়াৰ পিছতে তেওঁ অংশবোৰ কিনি লাহে লাহে নিজেই বিমানখন নিৰ্মাণ কৰিবলৈ ধৰিলে। ব্ৰিটেইনৰ অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষৰ বিষয়াসকল মাজে মাজে তেওঁৰ কাম চাবলৈ আহিছিল। অশোকৰ কামত তেওঁলোক সুখী।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More