নিমিষতে ধ্বংস কৰিব শত্ৰুৰ বিমান

থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিছাইলৰ সফল পৰীক্ষণ

0 22
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ আগষ্টঃ ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই (DRDO) থলুৱাভাৱে নিৰ্মিত চমু দূৰত্বৰ পৃষ্ঠৰ পৰা বায়ুলৈ নিক্ষেপ কৰিব পৰা ক্ষেপণাস্ত্ৰৰ পৰীক্ষামূলকভাৱে সফলতাৰে পৰীক্ষা কৰিছে। এই পৰীক্ষণ কালত নৌসেনাৰ গৱেষকসকলো উপস্থিত আছিল। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰই জনোৱা মতে, ২৩ আগষ্টত উৰিষ্যাৰ চণ্ডীপুৰ মিছাইল টেষ্ট ৰেঞ্জ (ইণ্টিগ্ৰেটেড টেষ্ট ৰেঞ্জ বা আইটিআৰ)ৰ পৰা নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰটোৱে বংগোপসাগৰৰ ওপৰেৰে গৈ আকাশত থকা লক্ষ্যত আঘাত কৰিবলৈ সক্ষম হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ডি আৰ ডি অ’ আৰু নৌসেনাক এই সাফল্যৰ বাবে অভিনন্দন জনায়। তেওঁ কয়— ‘’এই মিছাইলে ভাৰতীয় নৌসেনাক আৰু অধিক শক্তিশালী কৰিব।’’ একাংশ সামৰিক বিশ্লেষকৰ মতে এই সফলতাই ভাৰতৰ বায়ু প্ৰতিৰক্ষাত এক নতুন যুগৰ সূচনা কৰিব পাৰে। ইয়াৰ পূৰ্বে জুন মাহতো এই ক্ষেপণাস্ত্ৰ সফলতাৰে পৰীক্ষামূলকভাৱে নিক্ষেপ কৰা হৈছিল। মঙলবাৰে নৌসেনাৰ জাহাজখনৰ পৰা নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰই উৰণীয়া লক্ষ্যত নিখুঁতভাৱে আঘাত হানে বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ক্ষেপণাস্ত্ৰটোৰ স্বয়ংক্ৰিয় ‘ইলেক্ট্ৰ’-অপ্টিকেল ট্ৰেকিং চিষ্টেম’ৰ দ্বাৰাও উৰণৰ পূৰ্বে উৰণীয়া লক্ষ্য চিনাক্ত কৰিবলৈ সক্ষম হৈছে। প্ৰসংগক্ৰমে এই স্বল্প দূৰত্বৰ ‘ছাৰ্ফেচ টু এয়াৰ’ মিছাইলটোক সামৰিক ভাষাত ‘ভাৰটিকেল লঞ্চ শ্বৰ্ট ৰেঞ্জ ছাৰ্ফেচ টু এয়াৰ মিছাইল’ (VL-SRSAM) বুলি কোৱা হয়। শত্ৰুৰ বিমান আৰু ক্ষেপণাস্ত্ৰৰ আক্ৰমণ প্ৰতিহত কৰিব পৰা এই থলুৱা ক্ষেপণাস্ত্ৰৰ ডিজাইন, নিৰ্মাণ, পৰীক্ষণ, নিৰীক্ষণ আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আন কেইবাটাও চৰকাৰী সংস্থাই ডি আৰ ডি অ’ৰ সহযোগী হিচাপে কাম কৰিছে। ইয়াৰ ভিতৰত আছে ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট লেবৰেটৰী (ডি আৰ ডি এল), হায়দৰাবাদৰ ৰিচাৰ্চ চেণ্টাৰ বিল্ডিং (আৰ চি আই) আৰু পুনেৰ আৰ এণ্ড ডি ইঞ্জিনিয়াৰ আদি কেইবাটাও প্ৰতিষ্ঠানৰ বিজ্ঞানী।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More