পথৰ অনিয়ন্ত্ৰিত গৰু নিয়ন্ত্ৰণৰ বাবে খোৱাৰ খোলাৰ নিৰ্দেশ লক্ষীমপুৰ জিলা দণ্ডাধীশৰ

দুৰ্ঘটনা প্ৰতিৰোধৰ পদক্ষেপ 

0 76

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লক্ষীমপুৰ, ২৫ আগষ্ট: লক্ষীমপুৰ জিলাৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথ সমূহত ঘূৰি ফুৰা অনিয়ন্ত্ৰিত গৰু নিয়ন্ত্ৰণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে লক্ষীমপুৰ জিলা প্ৰশাসনে। এই গৰুবোৰে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথ সমূহত অবাধে বিচৰণ কৰি আকস্মিক দুৰ্ঘটনা সংঘটিত হোৱাৰ কাৰণ হিচাপে পৰিগণিত হোৱাৰ উপৰি জনসাধাৰণৰ জীৱন আৰু সম্পত্তিলৈ ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে বুলি পতিয়ন গৈছে লক্ষীমপুৰ জিলা প্ৰশাসন।ইয়াৰ প্ৰতি লক্ষ্য ৰাখি, ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথ সমূহত সম্ভাব্য দুৰ্ঘটনা প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে এনেধৰণৰ অনিয়ন্ত্ৰিত গৰু নিয়ন্ত্ৰণ কৰিবলৈ লক্ষীমপুৰ জিলা দণ্ডাধীশ সুমিত সত্তাৱানে ভাৰতীয় ফৌজদাৰী আইনৰ ১৩৩ ধাৰাৰ অধীনত গৰু খোৱাৰ (পাওণ্ড) খুলিবৰ বাবে খণ্ড উন্নয়ন বিষয়া আৰু পৌৰ সভা সমূহলৈ এক নিৰ্দেশনা জাৰী কৰিছে। এই নিৰ্দেশনা অনুসৰি ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথ পাৰ হৈ যোৱা গ্ৰামাঞ্চলসমূহত গৰু খোৱাৰ খুলিবৰ বাবে সংশ্লিষ্ট গাঁও পঞ্চায়তখনৰ সচিবৰ জৰিয়তে খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে পদক্ষেপ গ্ৰহণ কৰিব। আনহাতে পৌৰ এলেকাত গৰু খোৱাৰ খুলিবৰ বাবে কাৰ্যবাহী বিষয়া গৰাকীৰ ওপৰত দায়িত্ব ন্যস্ত কৰা হৈছে। পশু চিকিৎসা বিভাগৰ ব্যক্তি, সংশ্লিষ্ট গাঁৱৰ গাঁওপ্ৰধান আৰু গাঁওৰক্ষী বাহিনীৰ ব্যক্তি খোৱাৰ সমিতিৰ সদস্য হব। সংশ্লিষ্ট গাঁও পঞ্চায়ত আৰু পৌৰ সভাৰ দ্বাৰা বাচনিকৃত গাঁও পঞ্চায়ত আৰু পৌৰ সভাখনৰ এজন সদস্যই এই সমিতি সমূহৰ সভাপতিৰ দায়িত্ব বহন কৰিব। আনহাতে সংশ্লিষ্ট গাঁও পঞ্চায়তখনৰ সচিবগৰাকীয়ে আৰু পৌৰ সভাখনৰ কাৰ্যবাহী বিষয়া গৰাকীয়ে নিজ নিজ এলেকাধীন খোৱাৰ সমিতিখনৰ সদস্য-সচিব হিচাপে দায়িত্ব পালন কৰিব। আগন্তুক ত্ৰিশদিনৰ ভিতৰত এই নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ সংশ্লিষ্ট গাঁও পঞ্চায়ত আৰু পৌৰ সভা সমূহক জিলা দণ্ডাধীশ গৰাকীয়ে নিৰ্দেশ জাৰি কৰিছে বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়াই জনাইছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More