পাক-ভাৰতৰ নতুন সম্পৰ্কত জল্পনা-কল্পনা

তাচখণ্ডত মোদী-শ্বৰিফৰ বৈঠক!

0 16

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ এপ্রিল : পাকিস্তানৰ নতুন প্রধানমন্ত্রী চাহবাজ শ্বৰিফৰ লগত ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সম্ভাৱ্য সাক্ষাতক লৈ দুয়োখন দেশৰ শীর্ষ পর্যায়ত আলাপ-আলোচনা আৰম্ভ হৈছে। আগন্তুক জুলাইত তাচখণ্ডত চাংহাই কো-অপাৰেচন অর্গেনাইজেচনৰ শীর্ষ সন্মিলনত উপস্থিত থকাৰ কথা দুই ৰাষ্ট্রনেতা। সেই শীর্ষ বৈঠকৰ মাজতে দুয়োজন নেতাৰ একান্ত বৈঠকৰ আয়োজন কৰিব পৰা যায় নে নাযায় সেই লৈ দুয়োখন দেশৰ কূটনীতিকসকলে পৰ্যবেক্ষণ চলাইছে। ইমৰান খান গাদীচ্যুত হোৱাৰ পিছত ঠিক এক সপ্তাহ পূৰ্বে প্রধানমন্ত্রী পদৰ শপত লৈছে পিমিএল(এন) প্রধান চাহবাজ শ্বৰিফে। প্রধানমন্ত্রী হোৱাৰ পিছতেই ভাৰতৰ প্রধানমন্ত্রীৰ লগত তেওঁ সামাজিক মাধ্যমত কথাবার্তাও হৈছে। মোদীয়ে চাহবাজক তেওঁৰ অভিনন্দন বার্তাত শান্তি আৰু স্থিতাৱস্থা বজাই ৰখাৰ কথা কয়। মোদীৰ শুভেচ্ছাৰ উত্তৰত তেওঁক ধন্যবাদ জনাই পাক প্রধানমন্ত্রীয়ে কয় যে, জম্মু আৰু কাশ্মীৰসহ অমীমাংসিত বিষয়ৰ শান্তিপূর্ণ সমাধান প্রয়োজন। সূত্রৰ খবৰ মতে, দুই নেতাই আৰম্ভ কৰা ‘সংলাপ’ আগুৱাই নিবৰ বাবেই তৎকালীনভাৱে দুয়োজনৰ মুখামুখি বৈঠকৰ কথা ভবা হৈছে। কূটনৈতিক সূত্রত আৰু জনোৱা হৈছে যে, দুই নেতাৰ কথাবার্তা ফলপ্রসূ হ’লে তাচখণ্ড বৈঠকৰ পিছতেই পাকিস্তানলৈ যাব পাৰে প্রধানমন্ত্রী মোদী। পাক পঞ্জাৱৰ কটাচৰাজ মন্দিৰ দর্শন কৰিবলৈ আগ্রহ প্রকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। মোদী পাকিস্তানলৈ গ’লে তেওঁক ইছলামাবাদলৈ আমন্ত্রণ জনাব চাহবাজ শ্বৰিফে। অৱশ্যে তাচখণ্ডত দুয়োজনৰ কথা বা মোদীৰ পাকিস্তান ভ্ৰমণ তেতিয়াহে সম্ভৱপৰ হ’ব, যদিহে পাক সেনাই স্থিতাৱস্থা বজাই ৰাখে। আগন্তুক নৱেম্বৰত অৱসৰ লোৱাৰ কথা বর্তমানৰ পাকিস্তানী সেনাপ্রধান কমৰ জাভেদ বাজৱাৰে। সূত্রৰ খবৰ মতে, নিজে গাদী এৰাৰ আগেয়ে বাজৱাৰক ওফৰাবলৈ উঠিপৰি লাগিছিল সদ্য প্রাক্তন প্রধানমন্ত্রী ইমৰান খান। সেনাৰ ভিতৰতো বাজৱাৰক লৈ নানা অসন্তোষ আছে। ফলত পাক সেনাবাহিনীৰ তেনে ধৰণৰ অস্থিৰ অৱস্থা হ’লে মোদীৰ পাকিস্তান ভ্ৰমণ স্থগিত হ’ব পাৰে। বৈশাখী উৎসৱ উপলক্ষে বিগত কেইবাদিন প্রায় দুহেজাৰ শিখ পুণ্যার্থীক পাকিস্তানলৈ যোৱাৰ বিশেষ ভিছা দিছে ইছলামাবাদে। হাচান আব্দালত পাঞ্জা চাহিব গুৰুদ্বাৰ আৰু নানকানা চাহিবলৈ গৈছে এইসকল পুণ্যার্থী। তেওঁলোকক পাকিস্তানলৈ স্বাগতম জনাই প্রধানমন্ত্রী চাহবাজ শ্বৰিফে আজি টুইট কৰিছে। তেওঁ লিখিছে— ‘‘বৈশাখী উপলক্ষে যিসকল শিখ পাকিস্তানলৈ আহিছে, তেওঁলোক সকলোকে স্বাগতম জনাইছোঁ। এই উৎসৱ আশা, বিকাশ আৰু পুনৰুজ্জীৱনৰ।’’ পাক হাই কমিচনাৰ সূত্রৰ খবৰ মতে, এই বছৰ ১২ৰ পৰা ২১ এপ্রিলৰ ভিতৰত পাকিস্তানলৈ যাবৰ বাবে ২০২২ জনক ভিছা দিছে ইছলামাবাদে। বিগত বছৰ কোভিডৰ দ্বিতীয় ঢৌৰ প্রকোপত ইমান বেছি পুণ্যার্থী পাকিস্তানলৈ যোৱাৰ সুযোগ পোৱা নাছিল। ২০১৪ চনত প্রথমবাৰ প্রধানমন্ত্রী হোৱাৰ সময়ত তেওঁৰ শপতগ্রহণ অনুষ্ঠানলৈ চাহবাজ শ্বৰিফৰ জ্যেষ্ঠ ভাতৃ, পাকিস্তানৰ প্রাক্তন প্রধানমন্ত্রী নৱাজ শ্বৰিফক আমন্ত্রণ জনাইছিল নৰেন্দ্র মোদীয়ে। তাৰ পিছত ২০১৫ চনত এক অঘোষিত ভ্ৰমণত লাহোৰলৈ গৈ শ্বৰিফৰ এক পাৰিবাৰিক অনুষ্ঠানত যোগ দিছিল মোদীয়ে। কিন্তু পৰৱৰ্তী সময়ত ২০১৬ চনত পঠানকোটত আৰু ২০১৯ চনত পুলোৱামাত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত দুয়োখন দেশৰ সম্পর্কৰ অৱনতি ঘটে। দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীৰ মাজত বৈঠকৰ জল্পনা-কল্পনা কৰা হৈছে যদিও সময়তহে এই বিষয়ে সঠিককৈ গম পোৱা যাব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More