পাভ সংৰক্ষিত বনাঞ্চলত বসবাস কৰা অৰ্ধ শতাধিক খিলঞ্জীয়া পৰিয়ালক ভূমি প্ৰদানৰ সিদ্ধান্ত লখিমপুৰ জিলা প্ৰশাসনৰ

ৰাজহ চক্ৰ- বন বিভাগৰ জৰীপ সম্পন্ন 

0 25
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৪ ফেব্ৰুৱাৰীঃ এসময়ত বনৰীয়া ম’হৰ বিচৰণ স্থলী হিচাপে পৰিচিত লখিমপুৰৰ পাভ সংৰক্ষিত বনাঞ্চলত অবৈধ ভাৱে বসবাস কৰি থকা শতাধিক পৰিয়ালক যোৱা ১১ জানুৱাৰীত লখিমপুৰ জিলা প্ৰশাসনে পাভ সংৰক্ষিত বনাঞ্চলৰ ৫০১ হেক্টৰ ভূমিত উচ্ছেদ চলোৱাৰ পিছত ইয়াৰে একাংশ খিলঞ্জীয়া লোক উচ্ছেদৰ পৰা ৰেহাই লাভ কৰিছিল৷ এই কথাই অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি অহাৰ সময়তে শেহতীয়াকৈ এনে খিলঞ্জীয়া লোকসকলক প্ৰশাসনে ভূমি আৱণ্টনৰ ব্যৱস্থা কৰিছে৷ ২০০৬ চনৰ এফ আৰ চি তথা ফৰেষ্ট ৰাইট এক্টৰ অধীনত জনজাতীয় লোকক এনেদৰে বনভূমিত বসবাস কৰাৰ বাবে ভূমি আৱণ্টনৰ ব্যৱস্থা আছে৷ সেই অনুসৰি লখিমপুৰ জিলা প্ৰশাসনে তথা বিহপুৰীয়া চক্ৰ বিষয়া আৰু নাওবৈচা চক্ৰ বিষয়াৰ কাৰ্যালয়ে পাভ সংৰক্ষিত বনাঞ্চলত বসবাস কৰি থকা এনে জনজাতীয় লোকসকলক শেহতীয়াকৈ ভূমি আৱণ্টনৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ প্ৰাপ্ত তথ্য অনুসৰি পাভ সংৰক্ষিত বনাঞ্চলৰ নাওবৈচা ৰাজহ চক্ৰৰ অন্তৰ্গত ললিতি মৰাঙৰ ৩৬ টা খিলঞ্জীয়া মিচিং পৰিয়াল আৰু বিহপুৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কাৱৈভুৰুকাৰ ৪০ টা খিলঞ্জীয়া মিচিং পৰিয়ালক প্ৰত্যেককে ভূমি আৱণ্টন ব্যৱস্থা গ্ৰহণ কৰিছে৷ এই পৰিয়ালসমূহে ১ বিঘাৰ পৰা ৫ বিঘা পৰ্যন্ত বনাঞ্চলৰ ভূমি লাভ কৰিব বুলি বনবিভাগে জানিবলৈ দিছে৷ লক্ষণীয় কথা যে এই মিচিং পৰিয়ালসমূহে পাভ সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখল কৰি সংৰক্ষিত বনাঞ্চলত বসবাস কৰি আহিছিল৷ উক্ত খিলঞ্জীয়া লোকসকলে দীৰ্ঘদিন ধৰি সংৰক্ষিত বনাঞ্চলৰ বহু ভূমি দখল কৰি আহিছিল যদিও শেহতীয়াকৈ প্ৰশাসনে উল্লেখিত পৰিমানৰ ভূমিহে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷ উল্লেখ্য যে উক্ত পৰিয়ালসমূহে বনাঞ্চলৰ ভূমিত সিঁচৰিত হৈ বসবাস কৰি আহিছিল যদিও শেহতীয়াকৈ এই লোকসকলক সংৰক্ষিত বনাঞ্চলৰ সীমান্তৱৰ্তী এলেকাত একেলেথাৰিয়ে ভূমি আৱণ্টনৰ সকলো প্ৰচেষ্টা গ্ৰহণ কৰি ইতিমধ্যে বন বিভাগ আৰু ৰাজহ বিভাগে জৰীপ সম্পন্ন কৰি তুলিছে৷ অহা ১৫ মাৰ্চৰ ভিতৰত এই লোকসকলক ভূমি চমজাই দিয়াৰ ব্যৱস্থা কৰিছে প্ৰশাসনে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More