পেৰুত উদ্ধাৰ ৭৬টা কেঁচুৱাৰ কবৰ

১০০০ বছৰ পূৰ্বে হৃদয় কাটি দিছিল বলিদান

0 17
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ অক্টোবৰঃ প্ৰত্নতত্ত্ববিদসকল খনন কাৰ্যত এক ভয়ংকৰ অভিজ্ঞতাৰ সাক্ষী হৈছিল। কাৰণ দক্ষিণ আমেৰিকাৰ পেৰুত কেইবা ডজন শিশুৰ কংকাল উদ্ধাৰ কৰা হৈছে, যিবোৰক বলিদান দিয়া বুলি কোৱা হৈছিল। প্ৰত্নতাত্ত্বিকসকলে জনোৱা মতে, এই স্থানৰ পৰা আৰু বহু কংকাল পোৱাৰ সম্ভাৱনা আছে। পেৰুৰ জো হুয়ানচাকোৰ ওচৰৰ পাম্পা লা ক্ৰুজত খনন কাৰ্য পৰিচালনা কৰিছে ফ্ল’ৰিডা বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিজ্ঞানৰ সহকাৰী অধ্যাপক গেব্ৰিয়েল প্ৰিয়েটোৱে। কংকালবোৰলৈ চাই তেওঁ বুজি উঠিছে যে ল’ৰা-ছোৱালীবোৰৰ হৃদপিণ্ড উলিওৱা হৈছিল। ইয়াৰ পৰা এতিয়ালৈকে মুঠ ৭৬টা কংকাল উদ্ধাৰ কৰা হৈছে। তেওঁ কয় যে ৭৬টা কংকালৰ সকলোবোৰেই অতি সুন্দৰকৈ কাটি দিয়া হৈছিল। তেওঁৰ ভাষাত— “এনে দেখা যায় যে শিশুকেইটাৰ হৃদপিণ্ডৰ ওচৰৰ হাড়বোৰ কাটি বোধহয় আঁতৰাই পেলোৱা হৈছিল।” সংবাদ মাধ্যম লাইভ চাইন্সৰ আগত অধ্যাপক প্ৰিয়েটোৱে কয়— “কেঁচুৱাবোৰক পূব দিশলৈ মুখ কৰি পুতি থোৱা হৈছিল। কৃত্ৰিম টিলাৰ ওপৰত কিয় পুতি থোৱা হ’ল আমি জানিব পৰা নাই। কাৰণ আমি ভাবিছিলোঁ যে এইবোৰ ঠাইতে শিশুক সমাধিস্থ কৰিব নোৱাৰি।” পাম্পা লা ক্ৰুজত বহু বছৰ ধৰি খনন কাৰ্য চলি আছে। এতিয়ালৈকে ইয়াত ৩২৩টা শিশুৰ কংকাল উদ্ধাৰ কৰা হৈছে, যিসকলক বলিদান দিয়া হৈছিল। ৩ জন প্ৰাপ্তবয়স্ক সহ ১৩৭জন বলিদানৰ কংকাল উদ্ধাৰ কৰা হৈছে। এই কংকালবোৰ লাছ লামাছ নামৰ ঠাইৰ পৰা উদ্ধাৰ কৰা হৈছিল। এই অৱশিষ্টবোৰৰ পৰা এইটোও দেখা গ’ল যে শিশুসকলৰ হৃদপিণ্ড উলিওৱা হৈছিল। প্ৰিয়েটোৰ মতে, এতিয়ালৈকে পোৱা প্ৰত্নতাত্ত্বিক তথ্যই প্ৰকাশ কৰিছে যে হুয়ানচাছাৰ ওচৰত আৰু বহু শিশুৰ কংকাল পোৱাৰ সম্ভাৱনা আছে। এই ভুক্তভোগীৰ সংখ্যা ১০০০ৰো অধিক হোৱাটো সম্ভৱ। অধ্যাপকগৰাকীয়ে লগতে কয় যে ৭৬টা নতুন কংকালৰ বাবে ৰেডিঅ’ কাৰ্বন ডেটিঙৰ প্ৰয়োজন আছিল। ১১০০ৰ পৰা ১২০০ খ্ৰীষ্টাব্দৰ ভিতৰত এই স্থানত প্ৰথম বলিদানৰ ভুক্তভোগীৰ কংকাল উদ্ধাৰ কৰা হৈছিল। এই সময়ছোৱাত চিমু জনগোষ্ঠীৰ আশে-পাশে থকা অঞ্চলটোৰ উন্নতি ঘটিছিল। চিমু জনগোষ্ঠীৰ লোকসকল মূলতঃ ধাতুৰ কামৰ বাবে পৰিচিত আৰু জনপ্ৰিয় আছিল। ইমান বৃহৎ পৰিমাণৰ বলিদান আৰু সৰ্বোপৰি সমাধিৰ লগত চিমু জনগোষ্ঠী কেনেকৈ আৰু কিয় জড়িত হ’ব পাৰে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। চিমু মানুহে চাৰিওফালৰ অঞ্চল আৰু ওচৰৰ নতুন কৃষি পথাৰত কৃত্ৰিম জলসিঞ্চন ব্যৱস্থা গঢ়ি তুলিছিল। আনকি তেওঁলোকৰ কিছুমানে হয়তো কৃষি ব্যৱস্থাৰ পবিত্ৰতাৰ বাবে ত্যাগো স্বীকাৰ কৰিছিল।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More