প্ৰতিবাদকাৰী মল্লযুঁজাৰুৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ প্ৰতিবাদ তেজপুৰত

0 14

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ২৯মে’: দিল্লীৰ নৱনিৰ্মীত সাংসদ ভৱনৰ সমীপতে কালি দেশৰ গৌৰৱ তথা প্ৰতিবাদকাৰী মল্লযুঁজাৰু সকলৰ ওপৰত আৰক্ষীয়ে চলোৱা দমনকলৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়ত তেজপুৰতো আজি এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হয়৷ উল্লেখযোগ্য যে, দেশৰ আন্দোলনৰত মহিলা মল্লযুঁজাৰু সকলক কেন্দ্ৰীয় চৰকাৰৰ মদতপুষ্ট দিল্লী পুলিচে গ্ৰেপ্তাৰ কৰাৰ অগণতান্ত্ৰিক কাৰ্যক ধিক্কাৰ জনাই তেজপুৰৰ নিকামূল চাৰি আলিত ছাত্ৰ সংগঠন অল ইণ্ডিয়া ডি এছ অ’ৰ উদ্যোগত আজি ’সৰ্বভাৰতীয় ক’লা দিৱস’ পালন কৰা হয়৷ এই প্ৰতিবাদে কাৰ্যসূচীত সংগঠনটোৰ কৰ্মীসকলে হাতে হাতে ফেষ্টুন লৈ গণ আন্দোলনত পুলিচী হস্তক্ষেপ বন্ধ কৰক, দিল্লীৰ মহিলা মল্ল যুঁজাৰুক যৌন নিৰ্যাতন চলোৱা অপৰাধী ব্ৰিজ ভূষণ চৰণ সিঙক গেপ্তাৰ কৰক, চৰকাৰে মহিলাৰ নিৰাপত্তা সুনিশ্চিত কৰক আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ প্ৰতিবাদকাৰী সকলে সম্প্ৰতি দমন মূলক নীতিৰে প্ৰতিবাদী কণ্ঠক ৰোধ কৰিবলৈ ওলোৱাৰ অভিযোগ কৰি লগতে কয় যে, নতুনকৈ দেশৰ সাংসদ ভৱন উদ্বোধনৰ দিনটোতেই দেশৰ গৌৰৱ প্ৰতিবাদী মহিলা মল্লযুঁজাৰু সকলৰ ওপৰত চলোৱা এনে নিৰ্যাতনে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোক কোন দিশে লৈ গৈছে তাকেই প্ৰতিপন্ন কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More