শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১২জুনঃ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে নিখিল বড়ো প্ৰাথমিক শিক্ষক সংস্থা,সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ আৰু প্ৰাথমিক ষ্টেটপুল শিক্ষক সন্থাৰ সহযোগত ৰাজ্যৰ নিম্ন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক পদ সৃষ্টিৰ দাবীৰ সমৰ্থনত ৰাজ্যজুৰি চলাই থকা গণ স্বাক্ষৰ অভিযান আজি তেজপুৰত আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়। তেজপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি জ্যোতি ভট্টাচাৰ্য্য আৰু সম্পাদক অৱনী কুমাৰ বৰাই স্বাক্ষৰ প্ৰদান কৰি গণ স্বাক্ষৰ অভিযানৰ আৰম্ভণি কৰে। তেজপুৰৰ শিক্ষক ভৱনত আৰম্ভ কৰা এই স্বাক্ষৰ সংগ্ৰহ কাৰ্যসূচীত উপস্থিত থাকি প্ৰধান শিক্ষক পদ সৃষ্টিৰ দাবীৰ সমৰ্থনত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ কাৰ্যনিৰ্বাহক সদস্য সকল দিলীপ কুমাৰ নাথ, ভগৱান বৈশ্য,সপোন্টী গোস্বামী আৰু আম্বিয়া বেগম, তেজপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উপ-সভাপতি গৌৰৱ মহন্ত,উপ-সভানেত্ৰী লক্ষী দেৱী, সহকাৰী সম্পাদক জয়ন্ত কুমাৰ বৰা, আলোচনী সম্পাদক জনাৰ্দন পাঠক, সাংস্কৃতিক সম্পাদক বিজিত কলিতা,ভৱন সম্পাদক হৰেন দাস প্ৰমুখ্যে অৰ্ধশতাধিক শিক্ষকে স্বাক্ষৰ প্ৰদান কৰে। তেজপুৰত আৰম্ভ কৰাৰ এঘন্টা পিছতে ঢেকিয়াজুলি চহৰত ঢেকিয়াজুলি খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীয়ে গণ স্বাক্ষৰ অভিযান আৰম্ভ কৰে। ঢেকিয়াজুলি ৰামকৃষ্ণ সেৱা মিছনৰ সমুখত আৰম্ভ কৰা এই কাৰ্যসূচীত উপস্থিত থাকি খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি গোবিন্দ খতিৱৰা আৰু সম্পাদক ভগৱান বৈশ্যই সমবেত ৰাইজক উদ্দেশ্যি দিয়া চমু ভাষণত প্ৰধান শিক্ষক পদ অবিহনেই নিম্ন প্ৰাথমিক বিদ্যালয়সমূহ চৰকাৰে চলাই থকাৰ কথা উল্লেখ কৰি সুকীয়া দৰমহা গাঁথনি অবিহনে সহকাৰী শিক্ষকৰ দৰমহা প্ৰদান কৰিয়েই ‘ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক’ৰ দায়িত্বত শিক্ষকক খটুৱাই থকাৰ বিষয়ে অৱগত কৰে। এই কাৰ্যসূচীত উপস্থিত থাকি প্ৰধান শিক্ষক পদ সৃষ্টিৰ দাবীৰ সমৰ্থনত স্বাক্ষৰ প্ৰদান কৰে মিছামাৰীৰ বিশিষ্ট ব্যক্তি সূৰ্য শৰ্মা,বাঁহবেৰা গাঁও পঞ্চায়তৰ পৰা নিৰ্বাচিত আঞ্চলিক পঞ্চায়তৰ সদস্যা মনালিছা শৰ্মা,ঢেকিয়াজুলিৰ জ্ঞান-বিজ্ঞান সমিতিৰ কাৰ্যকৰী সভাপতি দেৱী প্ৰসাদ অধিকাৰী, সাংবাদিক -সমাজকৰ্মী নাৰায়ণ ফয়েল আৰু বহুকেইজন স্থানীয় ব্যক্তিয়ে।
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.