তিনিচুকীয়াত পুনৰ অনাঅসমীয়াৰ আক্ৰমণত ধৰাশায়ী খাটি খোৱা খিলঞ্জীয়া যুৱক

0 8

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১২ জুন : তিনিচুকীয়া চহৰত অনাঅসমীয়াৰ দপদপনি এতিয়া আৰু কোনো নতুন কথা হৈ থকা নাই ৷ বিজয়া দশমীৰ দিনা সামান্য অজুহাতত অনাঅসমীয়া গুণ্ডা প্ৰকৃতিৰ লোকে চহৰখনৰ মাজমজিয়াত সহস্ৰাধিক লোকৰ সন্মুখত কৰ্তব্যৰত আৰক্ষী বিষয়াক দুৰ্ব্যৱহাৰৰ কৰাৰ দৰে দুৰ্ভাগ্যজনক ঘটনাও তিনিচুকীয়াত সংঘটিত হৈ গৈছে ৷ কিন্তু ধনৰ বলত বলীয়ান বহিৰাগত বনিয়াই সাধাৰণ কথাতে খাটি খোৱা অসমীয়া যুৱকক প্ৰচণ্ড মাৰপিট কৰি বীৰত্ব জাহিৰ কৰিব বিচৰা কাণ্ডক কেন্দ্ৰ কৰি ইয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ দেওবাৰে সন্ধিয়া তিনিচুকীয়া চহৰত সংঘটিত তেনে এক অবাঞ্চিত ঘটনা আজি বিভিন্ন দল, সংগঠনৰ ক্ষোভৰ কাৰণ হৈ পৰিছে ৷ জানিব পৰা মতে অনলাইনযোগে ক্ৰয় কৰা সামগ্ৰী দিবলৈ গৈ দেওবাৰে সন্ধিয়া সৰু কথাতে উদণ্ড বহিৰাগত বনিয়াৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হয় অংকিত দত্ত নামৰ তিনিচুকীয়াৰ এজন খিলঞ্জীয়া যুৱক ৷ প্ৰাপ্ত তথ্য অনুসৰি দেওবাৰে সন্ধিয়া তিনিচুকীয়াৰ গেলাপুখুৰী পথৰ অসামৰিক চিকিৎসালয়ৰ সমীপৱৰ্তী এলাইড টাৱাৰ নামৰ বহুমহলীয়া অট্টালিকাটোৰ তিনি মহলাৰ ৩০৪ নং ফ্লেটৰ নিবাসী জনৈক গৌৰৱ ধানুকা নামৰ অনাঅসমীয়াজনে সামান্য কথাতে আমাজন নামৰ প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা অনলাইনযোগে ক্ৰয় কৰা সামগ্ৰী ডেলিভাৰী দিবলৈ যোৱা অসমীয়া যুৱক অংকিত দত্তক কেৱল গালিগালাজ কৰাতে ক্ষান্ত নাথাকি লাঠীৰে প্ৰহাৰ কৰাত অংকিতে মূৰত বেয়াকৈ দুখ পায় ৷ লক্ষ্যনীয়ভাৱে যুৱকজনে অট্টালিকাটোৰ তিনি মহলাৰ ৩০৫ নং ফ্লেটৰ বাসিন্দাকহে ডেলিভাৰী দিবলৈ গৈছিল ৷ উক্ত ঘটনাৰ খবৰ পোৱাৰ পাছত যুৱকজনৰ কেইবাজনো সতীৰ্থ ঘটনাস্থলীত উপস্থিত হৈ ৰক্তাক্ত অংকিতক চিকিৎসা বাবে অসামৰিক চিকিৎসালয়লৈ লৈ যায় ৷ ইফালে গতি বেগতিক দেখি গৌৰৱ ধানুকা তাৰপৰা উধাও হয় ৷ ইতিমধ্যে ভুক্তভোগী যুৱকজনে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে ৷ আনহাতে খাটি খোৱা খিলঞ্জীয়া যুৱকৰ ওপৰত বহিৰাগতৰ এই আক্ৰমণৰ ঘটনাক একমুখে গৰিহণা দি ধানুকাৰ বিৰুদ্ধে তৎকালে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More