প্ৰবীণ কমিউনিষ্ট নেতা ভোগেশ্বৰ দত্তৰ দেহাৱসান

0 28

ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ এপ্ৰিলঃ নিপীড়িত জনতাৰ মুক্তিৰ বাবে ওৰেটো জীৱন সংগ্ৰাম অৱ্যাহত ৰখা প্ৰসিদ্ধ কমিউনিষ্ট নেতা তথা চি পি আইৰ অসম ৰাজ্য পৰিষদৰ প্ৰাক্তন সম্পাদক, কৃষক নেতা কমৰেড ভোগেশ্বৰ দত্ত আৰু নাই। ১৪ এপ্ৰিলৰ সন্ধিয়া প্ৰায় ৫.৩০ বজাত গুৱাহাটীৰ নিজ বাসভৱনত দত্তৰ দেহাৱসান ঘটে। ছাত্ৰাৱস্থাৰ পৰা এক প্ৰতিবাদী সত্তা কঢ়িয়াই ফুৰা দত্তই শোধনাগাৰ আন্দোলন, ৰায়তক মাটিৰ পট্টা প্ৰদান আন্দোলনকে ধৰি বান খহনীয়াগ্ৰস্তক ভূমি প্ৰদান আদি কেবাটাও আন্দোলনত সন্মুখৰ পৰা নেত়ৃত্ব প্ৰদান কৰিছিল। চি পি আই দলৰ সৰ্বক্ষণ কৰ্মীৰূপে দলটোলৈ আজীৱন সেৱা আগবঢ়োৱা দত্তই জাৰ্মানীকে ধৰি একাধিক বিদেশ ভ্ৰমণ কৰি দলৰ ৰাজনৈতিক পাঠ গ্ৰহণ কৰিছিল। চিপি আই দলৰ ৰাজ্যিক মুখপত্ৰ ‘জনমত’ কাকতৰো সম্পাদক আছিল ভোগেশ্বৰ দত্ত।

লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ জালভাৰী গাঁৱত জন্ম গ্ৰহণ কৰা দত্তই ঢকুৱাখনা হাইস্কুলৰ পৰা মেট্ৰিক উত্তীৰ্ণ হৈ নৰ্থ লখিমপুৰ কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। জন্মভূমিৰ পশ্চিম ঢকুৱাখনা হাইস্কুল স্থাপনকে ধৰি একাধিক শিক্ষানুষ্ঠান -অনুষ্ঠান গঢ় দিয়া দত্তই পিছত ধেমাজিত স্থায়ী বসতি কৰে যদিও নিজৰ জীৱন শ্ৰমজীৱী জনসাধাৰণৰ মুক্তিৰ বাবে উচৰ্গা কৰা দত্তই জীৱনৰ এচোৱা গুৱাহাটীৰ ৰাজগড়স্থিত ৰাজ্যিক কাৰ্যালয়ত কটায়। ৰাজ্যৰ বাঁওপন্থী আন্দোলনৰ অন্যতম প্ৰবক্তা দত্তই কেবাবাৰো সংসদীয় নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ‘কমৰেড’ দত্তৰ বহুসংখ্যক বন্ধু, গুণমুগ্ধ থকাৰ লগতে প্ৰায় সকলোৰে সমস্যা বা দুখৰ বেলিকা তেঁও পাৰ্যমানে সহায় কৰিছিল।

কেইবছৰমান পূৰ্বে এক দুৰ্ঘটনাত গুৰুতৰভাবে আহত হোৱাৰ পিছৰে পৰা শাৰীৰিক অসুস্থতাৰ বাবে দত্তই আন্দোলন-সংগ্ৰামত জড়িত হ’ব পৰা নাছিল। অৱশেষত কালি ৮২ বছৰ বয়সত ইহলীলা ত্যাগ কৰে দত্তই। মৃত্যুৰ সময়ত ভোগেশ্বৰ দত্তই পত্নী তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী শশীমাই দত্তসহ দুই পুত্ৰ, বোৱাৰীৰ লগতে নাতি নাতিনীক এৰি গৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More