প্ৰবীণ বিহুৱতী আভা চমুৱাৰ আকস্মিক বিয়োগত তেজপুৰত শোক

0 78

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৬এপ্ৰিলঃ ৰঙালীৰ উলাহৰ মাজতে তেজপুৰৰ এগৰাকী প্ৰবীন বিহুৱতী আভা চমুৱা(৫৬)ৰ বিয়োগে তেজপুৰত শোকৰ ছাঁ পেলাইছে৷উল্লেখযোগ্য যে,এসময়ত তেজপুৰ তথা শোণিতপুৰৰ লগতে ৰাজ্যৰ বিভিন্ন স্হানত অনুষ্ঠিত মুকলি বিহু প্ৰতিযোগিতাত বিহুকুঁৱৰীৰ খিতাপ অৰ্জন কৰিছিল সৰবৰহী আভা চমুৱাই৷তেজপুৰৰ বাঁহবাৰী গণক চুবুৰীত প্ৰয়াত উপেন শইকীয়া আৰু প্ৰয়াত স্বৰ্ণপ্ৰভা শইকীয়াৰ কন্যা তথা জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ শইকীয়াৰ জ্যেষ্ঠ ভগ্নী প্ৰয়াত চমুৱা বহুমুখী প্ৰতিভাৰ গৰাকী আছিল৷ অঞ্চলটোৰ এই সংস্কৃতিবান পৰিয়ালত ১৯৬৭ৰ পহিলা অক্টোবৰত জন্ম গ্ৰহণ কৰা চমুৱাই বিহগুৰি কন্যা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত দৰং মহাবিদ্যালয়ত অধ্যয়ন কৰে৷অসমীয়া বিষয়ত সন্মান সহ স্নাতক পাঠ্যক্ৰম সমাপ্ত কৰা চমুৱাই ১৯৮০ত বাঁহবাৰীত একাংশ যুৱকৰ প্ৰচেষ্টাত গঠন হোৱা আৰু সেই সময়ত বিশেষ সুনাম অৰ্জন কৰা আই অসমী বিহুদলৰ প্ৰথমগৰাকী নাচনী হিচাপে অংশ লয়৷ ইয়াৰ পাছতে তেজপুৰৰ লগতে শোণিতপুৰ তথা ৰাজ্যৰ আন প্ৰান্তৰতো দলৰ স’তে মুকলি বিহু প্ৰতিযোগিতা তথা বিহুকুঁৱৰী প্ৰতিযোগিতাত অংশলৈ ভালেসংখ্যকবাৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়৷বাঁহবাৰীৰ শতবৰ্ষ গৰকা ঐতিহ্যমণ্ডিত বাঁহবাৰী ঊষা নাট্য সমাজৰ স’তেও ওতপ্ৰোতভাবে জড়িত হোৱা চমুৱাৰ অভিনয় দক্ষতাও যথেষ্ট আছিল আৰু ইয়াতে বহুকেখন নাটকত বলিষ্ঠ অভিনয় কৰিছিল৷পাছত প্ৰদীপ চমুৱাৰ স’তে বিবাহপাশত আৱদ্ধ হৈ পটীয়াচুবুৰীৰ চৰ্দাৰ বাহাদুৰ উপপথৰ নিজা বাসগৃহত বাসকৰা এইগৰাকী প্ৰবীন শিল্পীৰ শৰীৰত আকস্মিক ভাবে এক জটিল ৰোগ ধৰা পৰে আৰু যোৱা প্ৰায় এমাহ তেওঁ বাংগালোৰস্থিত এক ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত ১৪এপ্ৰিলৰ পুৱা ৫-১৫বজাত তেওঁৰ বিয়োগ ঘটে৷কালি বিয়লি এইগৰাকী বিহুৱতীৰ নশ্বৰ দেহ তেজপুৰৰ নিজা বাসভৱন আহি পোৱাৰ পূৰ্বৰে পৰাই বহুসংখ্যক গুণমুগ্ধই অপেক্ষা কৰি আছিল আৰু নশ্বৰদেহ আহি পোৱাৰ পাছতে ইয়াতে বহুসংখ্যক ব্যক্তি তথা অনুষ্ঠানৰ প্ৰতিনিধিয়ে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে৷পাছত বহুসংখ্যক লোকৰ উপস্থিতিত তেজপুৰৰ পৰোৱাস্হিত ৰাজহুৱা শ্মশানত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়৷অতি সৰবৰহী এইগৰাকী শিল্পীৰ আকস্মিক বিয়োগত তেওঁৰ গুণমুগ্ধ সকলক শোকস্তব্ধ কৰি তুলিছে৷তেওঁৰ বিয়োগত তেজপুৰৰ বহুসংখ্যক বিশিষ্ট ব্যক্তি তথা বাঁহবাৰী ঊষা নাট্য সমাজকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে৷মৃত্যুৰ সময়ত তেওঁ স্বামী প্ৰদীপ চমুৱা আৰু এক মাত্ৰ পুত্ৰ শুদীপ্ত চমুৱাৰ লগতে ভালেসংখ্যক আত্মীয় তথা গুণমুগ্ধক এৰি গৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More