প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনৰ আবক্ষ মূৰ্তি, সোঁৱৰণী গ্ৰন্থ উন্মোচন

শিপাৰ লগত সম্পৰ্কহীন মানুহ আৰু টাবত ৰোৱা ফুল একে-হাইদৰ হুছেইন

0 20

বেলশৰৰ পৰা চম্পক বৈশ্য , ১৮ এপ্ৰিলঃ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, সুচিকিৎসক, মানৱদৰদী ডাঃ ভূমিধৰ বৰ্মনৰ এটি আবক্ষ মূৰ্তি আজি উন্মোচন কৰা হয়। প্ৰবীন ৰাজনীতিক গৰাকীৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে নলবাৰী জিলাৰ বেলশৰৰ সমীপৰ ভকতৰ পুখুৰী পাৰৰ ‘শান্তিভূমি’ত স্থাপন কৰা এই আৱক্ষ মূৰ্তিটো আনুষ্ঠানিকভাৱে উন্মোচন কৰে প্ৰতিথযশা সাহিত্যিক, বিশিষ্ট শিক্ষাবিদ ড° দয়ানন্দ পাঠকে। প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে তেওঁৰ সজল স্মৃতিত আজি অনুষ্ঠিত কৰা স্মৃতিচাৰণ সভাত আবক্ষ মূৰ্তি উন্মোচক ড° পাঠকে ভাষণ প্ৰসংগত কয়– ‘প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জননেতা ডাঃ ভূমিধৰ বৰ্মন সাধাৰণ মানুহৰ মাজত থকা এজন সাধাৰণ মানুহ আছিল। এই গুণটোৱে তেওঁক মানুহৰ মাজত বহু ওপৰলৈ লৈ গৈছিল।’ তেওঁ পুনৰ কয় যে এজন সু চিকিৎসকৰ পৰা সফল ৰাজনীতিবিদলৈ ডাঃ বৰ্মনে মানুহৰ মাজতে থাকি সেৱা আগবঢ়াইছিল। ৰাজনৈতিক ভেম বা বিলাসৰ পৰা তেওঁ বহু দূৰত আছিল বুলিও তেওঁ মন্তব্য কৰে। ভকতৰাম বৰ্মন স্মাৰক ন্যাসৰ উদ্যোগত আৰু পৰিয়ালবৰ্গৰ সহযোগত অনুষ্ঠিত উক্ত অনুষ্ঠানত প্ৰবীন ৰাজনীতিক গৰাকীৰ সোঁৱৰণত সাংবাদিক অৰূপ ৰঞ্জন বৰ্মনৰ সম্পাদনাত প্ৰকাশিত ‘দীনবন্ধু’ শীৰ্ষক সোৱঁৰণী গ্ৰন্থখন আনুষ্ঠানিকভাবে উন্মোচন কৰে প্ৰবীন সাংবাদিক, বিশিষ্ট সমালোচক হাইদৰ হুছেইনে। উন্মোচনী ভাষণত হুছেইনে কয়–‘শিপাৰ লগত সম্পৰ্কহীন কোনো শিক্ষাই, কোনো উদ্ভাৱনী চিন্তাই মানুহক মহৎ কাম কৰিবলৈ প্ৰেৰণা নিদিয়ে। শিপাৰ লগত সম্পৰ্কহীন মানুহ আৰু টাবত ৰোৱা ফুল একেই। ডাঃ ভূমিধৰ বৰ্মন আছিল মাটিৰ মানুহ, শিপাৰ লগত সম্পৰ্ক থকা মানুহ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More