পৰিবহণ বিভাগত নতুন পদ সৃষ্টি কৰা হ’বঃ মুখ্যমন্ত্রী

১৫ আগষ্টৰ পৰা পৰিবহণ বিভাগৰ সকলো সেৱা অনলাইন হ’ব

0 56

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২ আগষ্টঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যক লোকনির্মাণ বিভাগ আৰু পৰিবহণ বিভাগৰ সৈতে এক যুটীয়া বৈঠক অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়ে। যাতে পথ দুৰ্ঘটনাৰ পৰিঘটনা হ্ৰাস কৰিবলৈ দুৰ্ঘটনাপ্ৰৱণ অঞ্চলত প্ৰয়োজনীয় সুৰক্ষা নীতি প্ৰৱৰ্তন কৰাটো নিশ্চিত কৰিব পৰা যায়। উল্লেখ যে আজি জনতা ভৱনত মুখ্যমন্ত্ৰীৰ সভাকক্ষত জিলা পৰিবহণ বিষয়াসকলৰ সৈতে পৰিবহণ বিভাগৰ পর্যালোচনামূলক বৈঠকত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। বৈঠকত মুখ্যমন্ত্রীয়ে পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যক বিভাগসমূহৰ সৈতে বৈঠকত মিলিত হৈ দুর্ঘটনাপ্ৰৱণ অঞ্চলসমূহত সংঘটিত পথ দুর্ঘটনাসমূহ মূল্যায়ণ আৰু বিশ্লেষণ কৰি বহুমূলীয়া জীৱন সুৰক্ষিত কৰিবলৈ অধিক সুৰক্ষা নীতি প্ৰৱৰ্তন কৰিব পৰাকৈ পৰামৰ্শ লৈ সেই দিশত কাৰ্যকৰীমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈও নির্দেশ দিয়ে। তদুপৰি দুৰ্ঘটনা সংক্রান্তীয় মৃত্যুৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীয়ে বিগত এবছৰত পথ দুৰ্ঘটনাত ১০০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱা জিলাসমূহত সংশ্লিষ্ট জিলাখনৰ উপায়ুক্তগৰাকীক এখন সভা অনুষ্ঠিত কৰিবলৈ কয়। এই সভাত সকলো অংশীদাৰৰ সৈতে মিলিত হৈ দুৰ্ঘটনাসমূহ হ্রাস কৰাৰ উপায় উদ্ভাৱন কৰিবলৈও মুখ্যমন্ত্রীয়ে কয়। এই বৈঠক অনুষ্ঠিত কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পৰা জিলা উপায়ুক্তসকললৈ এখন পত্ৰ প্ৰেৰণ কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে। পথ দুৰ্ঘটনাসমূহৰ অধিকাংশই হেলমেট পৰিধান নকৰা বা চিটবেল্ট ব্যৱহাৰ নকৰাৰ বাবে সংঘটিত হয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে আগন্তুক দুৰ্গা পূজাৰ পূৰ্বে পৰিবহণ বিভাগ আৰু আৰক্ষীক এক বৃহৎ পষেকীয়া অভিযান চলাবলৈ নিৰ্দেশ দিয়ে। জনসাধাৰণৰ মাজত পথ সুৰক্ষাৰ নিয়ম মানি চলিবলৈ আৰু জীৱন সুৰক্ষিত কৰি ৰাখিবলৈ এনে সজাগতাৰ সৃষ্টি কৰিবলৈ মুখ্যমন্ত্ৰীয়ে কয়। জনসাধাৰণৰ সুবিধার্থে মুখ্যমন্ত্ৰীয়ে পৰিবহণ বিভাগক ‘সংস্পৰ্শ বিহীন সেৱা’ শিতানত অধিক সেৱা আগবঢ়াবলৈও নির্দেশ দিয়ে। বর্তমান পৰিবহন বিভাগত ৪০ টা সেৱা সংস্পৰ্শ বিহীন সেৱাৰ অধীনত আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে বিভাগটোক এই শ্ৰেণীৰ অধীনত আৰু ৫ টা সেৱা অন্তৰ্ভূক্ত কৰিবলৈও কয়। তেওঁ কয় যে ১৫ আগষ্টৰ পৰা পৰিবহণ বিভাগৰ সকলো সেৱা অনলাইন হ’ব। ‘মেনুৱেল’ সেৱা কেৱল সেইসকল গ্রাহককহে প্ৰদান কৰা হ’ব যাৰ বায়’মেট্ৰিক পৰিচয় আইনৰ জৰিয়তে স্থগিত ৰখা হৈছে। বৈঠকত মুখ্যমন্ত্ৰীয়ে জিলা পৰিবহণ বিষয়াসকলক যান-বাহনৰ ফিটনেছ চাৰ্টিফিকেটৰ ম্যাদ উকলি যোৱাৰ পূৰ্বে গ্ৰাহকক মোবাইল মেছেজ প্ৰেৰণ কৰিবলৈও নিৰ্দেশ দিয়ে। তেওঁ লগতে কয় যে লাৰ্ণাৰ লাইচেন্সৰ বৈধতা শেষ হোৱাৰ ৩০ দিনৰ পূৰ্বে গ্ৰাহকে মোবাইল মেছেজ লাভ কৰাটো সুনিশ্চিত কৰিব লাগে। মুখ্যমন্ত্ৰীয়ে জিলা পৰিবহণ বিষয়াসকলক পৰিবহণৰ কামত নিয়োজিত সকলো ব্যক্তিৰ সৈতে এক বৈঠক অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়ে। যাতে অসমত চলাচল কৰা বাহন বাহিৰত পঞ্জীয়ন কৰিলেও সেইবোৰ বাহন এবছৰৰ ভিতৰত অসমত পঞ্জীয়ন কৰে। মুখ্যমন্ত্ৰীয়ে অভাৰল’ডিং বাহনৰ ওপৰত জৰিমনা বিহাৰ ব্যৱস্থাটোক তীব্ৰতৰ কৰিবলৈ কয়। তেওঁ বিভাগটোক বিত্ত বিভাগৰ সৈতে আলোচনা কৰি পেটিএমৰ দৰে ডিজিটেল পেমেণ্ট প্ৰক্ৰিয়াৰ জৰিয়তে ডিফল্টাৰসকলৰ পৰা জৰিমনা আদায় কৰাটো সুনিশ্চিত কৰিবলৈও নিৰ্দেশ দিয়ে। জনসাধাৰণক সেৱা আগবঢ়োৱাৰ দিশত ডিজিটেল ব্যৱস্থাটো সুবিধাজনক বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে বিভাগটোক সংস্পর্শ বিহীন সেৱাৰ এক নতুন স্তৰলৈ লৈ যাবলৈ কয়। ইয়াৰ বাবে বিভাগটোত নতুন পদ সৃষ্টিৰ বাবেও যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে পৰিবহণ বিভাগক নির্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে পৰিবহণ বিভাগক বিভিন্ন সেৱাৰ জৰিয়তে ৰাজহ আহৰণ বৃদ্ধি কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি চলিত বৰ্ষৰ ৰাজহ সংগ্ৰহৰ লক্ষ্যত উপনীত হ’ব পৰাকৈ দৃঢ়তাৰে পদক্ষেপ ল’বলৈও কয়। বৈঠকত পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, পৰিবহণ বিভাগৰ আয়ুক্ত সচিব আদিল খান আৰু অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত আছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More