ফাটবিহু বিতৰ্কৰ স্থায়ী নিষ্পত্তি আৰু পতিয়নযোগ্য সমাধান

গুৱা পাণৰ শৰাই দি ঘিলামৰাবাসীক ক্ষমা বিচাৰিলে ফাট বিহুৰ বিষয়-ববীয়াই

0 157

শতাব্দ ঢকুৱাখনাৰ প্ৰতিবেদক,৪ জুন: অসমীয়া লোক সংস্কৃতিৰ ভঁৰাল সমৃদ্ধ কৰা এক লোক-উৎসৱ ঢকুৱাখনাৰ ঐতিহ‍্যমণ্ডিত ফাটবিহু। এইবাৰৰ উদযাপনত ফাটবিহুৰ কেইবা দশক জোৰা সুনাম, আতিথ‍্য আৰু পৰম্পৰাক কুঠাৰাঘাত কৰা কেইবাটাও ঘটনাৰ পৰিপ্ৰেক্ষিতত পৰৱৰ্তী সময়ত তীব্ৰ বিতৰ্ক আৰু ন‍্যায় বিচাৰি প্ৰতিবাদৰ পৰিৱেশ সৃষ্টি হৈছিল। যোৱা ১৩ মে’ৰ ফাটবিহুৰ দিনা ঘিলামৰাৰ বৰদৈচিলা বিহুদলৰ ওপৰত ফাটবিহু সমিতি আৰু উদযাপন সমিতিৰ একাংশ বিষয়-ববীয়াই চলোৱা আক্ৰমণৰ ঘটনাৰ স্থায়ী মীমাংসা কৰিবলৈ শনিবাৰে বিয়লি ঘিলামৰা কৃষ্টি ভৱন প্রাংগনত ২২টা সংগঠনৰ প্ৰতিনিধিত্বমূলক এখন সভা অনুষ্ঠিত হয়।ফাটবিহুক সৰ্বতিকাললৈ কলংকিত কৰা এই ঘটনাৰ সন্দৰ্ভত ফাটবিহু সমিতি আৰু উদযাপন সমিতিৰ ঘিলামৰা উন্নয়ন সমিতিলৈ প্ৰেৰিত ক্ষমা বিচৰা প্ৰস্তাৱৰ আধাৰত সভাখন অনুষ্ঠিত হয়। ঘিলামৰা উন্নয়ন সমিতিৰ সভাপতি অকণ গোহাঁইৰ পৌৰোহিত‍্যত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে উন্নয়ন সমিতিৰ সম্পাদক গুণ হাজৰিকাই ।সভাখনত ফাটবিহু সমি‍‍‌তিৰ হৈ প্ৰথমে উপদেষ্টা পূৰ্ণানন্দ গগৈয়ে বক্তব্য ৰাখি উক্ত ঘটনা অতিকে দুৰ্ভাগ্যজনক আৰু অনাকাংক্ষিত বুলি মন্তব্য কৰে। এই ঘটনাই ফাটবিহুৰ গৰিমা আৰু ভাৱমূৰ্ত্তি লাঘৱ কৰা বুলিও তেওঁ কয়।ভৱিষ্যতৰ দিনত যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নঘটে তাৰ বাবে ফাটবিহু সমিতি সজাগ হ’ব। বৰদৈচিলা বিহুদলক কৰা নিৰ্মম প্ৰহাৰক লৈ ঘিলামৰাৰ প্ৰতিটো সামাজিক আত্মসচেতন সংগঠনে আত্মমৰ্যাদা সুৰক্ষিত কৰিবলৈ লোৱা পদক্ষেপক আদৰণি জনাই জ্যেষ্ঠ নাগৰিক গগৈয়ে অকপতে উক্ত ভুলৰ স্বীকাৰ কৰি ঘিলামৰা উন্নয়ন সমিতিলৈ তামোল পাণৰ লগতে ৫১ টকাৰ এখন শৰাই আগবঢ়োৱা কথা উনুকিয়াই ভুল স্বীকাৰ কৰি ৰাজহুৱা সভাত ক্ষমা বিচাৰে । ফাটবিহু সমিতি আৰু উদযাপন সমিতিৰ হৈ উক্ত বৰ্বৰ আক্ৰমণ ঘটনাৰ বাবে ভুল স্বীকাৰ কৰি বক্তব্য ৰাখে ফাটবিহু সমিতিৰ উপদেষ্টা ভোলা নাথ গগৈয়ে। অবাঞ্চিত আৰু অনাকাংক্ষিত ভাবে বিহুমঞ্চত ঘটা ঘটনাৰ বাবে মৰ্মাহত আৰু দুখ অনুভৱ কৰিছো বুলি কৈ সমাজৰ বৃহত্তৰ স্বাৰ্থৰ বাবে কৰা ভুলৰ স্বীকাৰ কৰাৰ মানসিকতা নেতৃত্বৰ থকা বাঞ্ছনীয়, ভৱিষ্যৎ প্ৰজন্মৰ বাবে ফাটবিহুক সম্প্ৰীতি ঐক্যৰ থলী কৰি ৰখাৰ স্বাৰ্থত নিজৰ ভুল সমিতিয়ে স্বীকাৰ কৰা বুলি কয়।সভাত ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই উক্ত ঘটনাৰ পৰৱৰ্তী সময়ত দুবাৰকৈ সভা অনুষ্ঠিত কৰি পৰ্যালোচনা কৰা বুলিও কয়। উক্ত অনাকাংক্ষিত অবাঞ্চিত ঘটনাই ফাটবিহুৰ গৰিমাত চেকা লগালে বুলি কৈ যোৱা ২৫ মে’ত ফাটবিহু সমিতিৰ পৰা শৰাই দি নিষ্পত্তিৰ আহ্বান জনোৱা বুলি ব্যক্ত কৰি ভৱিষ্যতৰ দিনত ফাটবিহুৱে এনে খুটি নাতি আঁতৰাই লোক উৎসৱটোক অধিক মহীয়ান কৰাত ঘিলামৰাবাসীৰ সহায় সহযোগিতা কামনা কৰি উক্ত দিনৰ বাবে সকলোৰে ওচৰত দোষ স্বীকাৰ কৰি পুনৰবাৰ ক্ষমা বিচাৰে। তদুপৰি বিহু সমিতিৰ মুষ্টিমেয় ব্যক্তিৰ উন্নাসিক আচৰণ আৰু উত্তেজনাৰ বাবে বিহু দলটিক কৰা বৰ্বৰ আক্ৰমণে সমগ্ৰ ফাটবিহু সমিতিখন জনদৃষ্টিত লঘু কৰিছে বুলি কৈ ফাটবিহুক কুক্ষিগত কৰি এটা ঠেক গণ্ডীৰ ভিতৰত নাৰাখি মহকুমাৰ পৰিসীমালৈ সম্প্ৰসাৰিত কৰাৰ সুযোগ দিয়া হৈছে বুলি মন্তব্য কৰি সংস্কৃতিৰ চৰ্চাথলী বিহু বাকৰিত হোৱা এনে বৰ্বৰ ঘটনাৰ কাৰণ বিশ্লেষণ কৰাৰ আহ্বান জনায় সমিতিক। শইকীয়াই উক্ত দিনা নিচাজাতীয় সামগ্ৰীৰ সেৱন আৰু একাংশ বিষয়ববীয়াৰ অহংকাৰৰ বাবে এনে পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি কৈ ফাটবিহুক লৈ গৰ্বিত হোৱাৰ এক সুস্থ পৰিৱেশ গঢ়াৰ আহ্বান জনায়। সভাত ফাটবিহুৰ একাংশ উন্মত্ত বিষয়ববীয়াৰ উদণ্ড আচৰণৰ বাবে সমগ্ৰ বিহু সমিতিখনৰ লগতে অসমৰ সংস্কৃতিবান ৰাইজো লজ্জিত হৈছে বুলি মত প্ৰকাশ কৰে। অসমৰ ৰাইজৰ জ্ঞাত হোৱাকৈ উক্ত বিষয়ববীয়া সকলক ফাটবিহু সমিতিয়ে কি সংবিধানগত শাস্তি দিয়ে তালৈ ফাটবিহুপ্ৰেমী সমগ্ৰ অসমবাসীয়ে আগ্ৰহেৰে বাট চাইছে বুলিও মন্তব্য কৰে। সভাত জ্যেষ্ঠ নাগৰিক ডিম্বেশ্বৰ চেতিয়াই ঢকুৱাখনাবাসীৰ একক লোক সম্পদ আৰু জাতীয় সত্তা স্বৰূপ গৌৰৱৰ অনুষ্ঠান ফাটবিহু মঞ্চত সংঘটিত নিৰ্লজ উক্ত কাণ্ডৰ বাবে ধিক্কাৰ গৰিহণা দি অসমীয়া বিহুৰ ঐতিহ্যত এটা উল্লেখযোগ্য শিক্ষা হওঁক আজিৰ ক্ষমা খোজা ঘটনাই বুলি মন্তব্য কৰে। সভাত উন্নয়ন সমিতিৰ সহকাৰী সম্পাদক যোগানন্দ গগৈয়ে বৰদৈচিলা বিহু দল ঘিলামৰাৰ হোৱাৰ বাবেই এই নিৰ্লজ ঘটনা সন্দৰ্ভত ৰাইজ সংগঠনে প্ৰতিবাদী কাৰ্যসূচী লোৱা হোৱা নাছিল বুলি কৈ ঐক্য সম্প্ৰীতি সংস্কৃতি বিনষ্ট কৰি ফাটবিহুৰ মৰ্যাদা ম্লান কৰাৰ বাবেহে ৰাইজ সংগঠন মাৰবান্ধি থিয় দিয়া বুলি কয়।কেৱল সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিলেই নহ’ব বিষয়ববীয়াসকল সংস্কৃতিবান হৈ কৃষ্টি সংস্কৃতি সুৰক্ষিত কৰিব লাগিব বুলিও মত প্ৰকাশ কৰে।সভাৰ অন্তত ফাটবিহু সমিতি আৰু ঘিলামৰা উন্নয়ন সমিতিয়ে যৌথ ভাবে সংবাদমেল অনুষ্ঠিত কৰি এতিয়াৰ পৰা এই বিষয়টোৰ স্থায়ী নিষ্পত্তি আৰু পতিয়নযোগ্য সমাধান হোৱা বুলি মন্তব্য কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More