ঐতিহ্যমণ্ডিত বাসুদেৱ থান নৰোৱা সত্ৰক ধৰ্মীয় পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিব চৰকাৰে

বাসুদেৱ থানত পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

0 14

শতাব্দ ঢকুৱাখনাৰ প্ৰতিবেদক,৪ জুন: ঢকুৱাখনাৰ ঐতিহ‍্যমণ্ডিত শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰ আৰু ঐশ্বৰীয় হাৰ্হি দেৱালয়ক ধৰ্মীয় পৰ্যটন ক্ষেত্ৰ হিচাবে আকষৰ্ণীয় কৰি অসম চৰকাৰে গঢ়ি তুলিব ।এই মন্তব্য অসম চৰকাৰৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ । মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাৰ বাসুদেৱ থান ভ্ৰমণৰ এপষেক পাছত আজি বিয়লি ৪ বজাত বাসুদেৱ থান নৰোৱা সত্ৰত উপস্থিত হয় অসমৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।বাসুদেৱ থান নৰোৱা সত্ৰত সেৱা কৰি ইয়াৰ চৌহদৰ প্ৰাকৃতিক সৌন্দৰ্য দেখি মন্ত্ৰীগৰাকী অভিভূত হয়।মন্ত্ৰী বৰুৱাই উপস্থিত হোৱাৰ পিছতে সত্ৰখনৰ সত্ৰাধিকাৰ, সত্ৰৰ পৰিচালনা সমিতিৰ বিষয়-ববীয়াৰ লগতে বিভিন্ন বিভাগৰ উচ্চ পদস্থ বিষয়া আৰু স্থানীয় ৰাইজৰ সৈতে আলোচনাত মিলিত হয়।ঐতিহ্যমণ্ডিত থানখনৰ গুৰুত্ব আৰু ঐতিহাসিক দিশৰ প্ৰতি গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সদিচ্ছাৰ অনুসৰি পৰ্যায়ক্ৰমে পৰ্যটন স্থলীলৈ ৰূপান্তৰিত কৰিব বুলি জনায় মন্ত্ৰী গৰাকীয়ে। ইয়াৰ কাম অতি প্ৰাৰম্ভিক অৱস্থাত থকাৰ বাবে তেওঁ সবিশেষ কোৱাৰ পৰা বিৰত থাকি কয় যে ঐতিহাসিক পৰিকাঠামোত আঁচোৰ নপৰাকৈ ইয়াৰ সৌন্দৰ্য বৰ্ধন আৰু সামগ্ৰিক উন্নয়নৰ বাবে পৰামৰ্শদাতা গোটে আঁচনিৰ বিস্তৃত প্ৰতিবেদন যুগুত কৰিব। মন্ত্ৰী বৰুৱাৰ ভ্ৰমণৰ সময়ত বিধায়ক নৱকুমাৰ দলে, শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব, লোকনিৰ্মাণ, পৰ্যটন আৰু ভূমি বিভাগৰ উচ্চ বিষয়া কৰ্মচাৰী, ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি কাৰ্তিক কলিতাকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইয়াৰ পিছত বিয়লি ৫-৩০ বজাত তেওঁ ১৭৭১ চনত দেৱলীয়া গাঁৱত স্থাপিত শ্ৰী শ্ৰী ঐশ্বৰীয় হাৰ্হি দেৱালয়ত উপস্থিত হৈ শাক্ত ধৰ্মীয় ৰীতি-নীতিৰে পৰিচালিত জাগ্ৰত দেৱালয়খনৰ উন্নয়নৰ বাবেও চৰকাৰে সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More