বগীনদীত বন বিভাগৰ অতৰ্কিত অভিযানঃ বৃহৎ পৰিমাণৰ চোৰাং কাঠ, গাড়ী, বেঞ্চ শ্ব’ মেছিন জব্দ

সোৱণশিৰিৰ বুকুৰে সৰবৰাহ চোৰাং কাঠ

0 42

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২ আগষ্ট : লখিমপুৰ জিলাৰ বিভিন্ন বনাঞ্চলৰ লগতে চৰ-চাপৰি অঞ্চল সমূহত এতিয়াও চোৰাং কাঠৰ বেহা অব্যাহত আছে। একাংশ দুষ্কৃতিকাৰীৰ বাবেই নিতৌ বনাঞ্চল সমূহ ধ্বংস হব ধৰিছে। সোমবাৰেও জিলাখনৰ বগীনদী থানাৰ অন্তৰ্গত ভীমপৰা ঘাটৰ লগতে বগীনদী কেন্দ্ৰস্থলৰ পৰা বন বিভাগে বৃহৎ পৰিমানৰ চোৰাং কাঠ জব্দ কৰা কাৰ্যই এই কথা স্পষ্ট কৰি তুলিছে। লখিমপুৰ আঞ্চলিক বন বিষয়াজনৰ পৰা লাভ কৰা তথ্য অনুসৰি সোমবাৰে বন বিভাগে গোপন সুত্ৰৰ পম খেদি বগীনদীৰ শৰ্মা টিম্বাৰ ডিপোত অভিযান চলায়। অভিযানৰ কালত বন বিভাগৰ লগতে বগীনদী আৰক্ষীয়ে যৌথ ভাৱে চোৰাং কাঠ কঢ়িওৱা এ এছ ০৭ এ চি ৬১৩৬ নম্বৰৰ এখন বলেৰ’ পিকআপ ভান জব্দ কৰিবলৈ সক্ষম হয়। এই ভানখনে সোৱণশিৰি নদীৰ ভীমপৰা ঘাটৰ পৰা এনেদৰে অবৈধ ভাৱে চোৰাং কাঠ সৰবৰাহ কৰি আহিছিল বুলি বন বিষয়াজনে জানিবলৈ দিয়ে। ইফালে লখিমপুৰ আৰু কাকৈ বনখণ্ডৰ এটা বৃহৎ বন বিষয়া-কর্মীয়ে সোমবাৰে দুপৰীয়া শৰ্মা টিম্বাৰ ডিপুত অভিযান চলাই ডিপোটোৰ ভিতৰৰ পৰা প্ৰায় ৭০ চেফটি হাতে ফলা তথা চোৰাং কাঠ জব্দ কৰাৰ লগতে ডিপুৰ ভিতৰত অবৈধ ভাবে কাঠ ফলা কার্যত ব্যৱহৃত এটা বেঞ্চ শ্ব’ মেছিন চেট জব্দ কৰিবলৈ সক্ষম হয়। বন বিভাগে কালিয়েই ভীমপৰা ঘাটৰ পৰাও প্রায় ৩০-৪০ চেফটি চোৰাং কাঠ জব্দ কৰে। যিসময়ত চৰকাৰে শিমলু গছ কটা কাৰ্য নিষিদ্ধ কৰি ৰাখিছে তেনে সময়তে সোৱণশিৰিৰ চৰ-চাপৰিত এতিয়াও অবাধ হাৰত শিমলু গছ কাটি সেইবোৰ ফালি চিৰি সোৱণশিৰিৰ বুকুৰে বিভিন্ন স্থানলৈ সৰবৰাহ কৰি অহা হৈছে। ইফালে এই ঘটনা সন্দৰ্ভত লখিমপুৰৰ বন বিভাগে এন এল ২৪ / ২০২২-২৩ গোচৰ ৰুজু কৰি প্ৰাথমিক তদন্ত অব্যাহত ৰখাৰ লগতে সঠিক তদন্তৰ বাবে বন বিভাগে বনকৰ্মী হেমচন্দ্ৰ দাস আৰু চক্ষুৰ আলিক দায়িত্ব অর্পণ কৰিছে। প্রাপ্ত খবৰ অনুসৰি শৰ্মা টিম্বাৰ ডিপুটো ৰতন গগৈ নামৰ এজন লোকে ভাড়াত চলাই আহিছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More