বাংলাদেশী ফ্ৰিলেন্সাৰৰ সফলতা

0 80

বাংলাদেশী ফ্ৰিলেন্সাৰৰ সফলতা

অসমৰ মানুহে সহজে কম মজুৰিত কঠোৰ পৰিশ্ৰম কৰা বাংলাদেশী বনুৱা সকলৰ প্ৰতি এক সহজাত হেয় মনোভাব পোষণ কৰা কথাটো সাধাৰণ কথা । এই বাংলাদেশী বনুৱাসকলৰ লগত অসমৰ মানুহৰ সম্পৰ্ক পুৰণি । 1970 ৰ দশকত উজনি অসমৰ গাঁৱত এইবাৰ মৈমনসিঙীয়াক নে চিলেটীয়াক ধান দাবলৈ দিয়া হ’ল তেনে কথা মুকলিকৈ আলোচনা কৰাটো এক সাধাৰণ কথা আছিল । খৰালি সময়ত বিহাৰৰ পৰা  মাটি কাটিবলৈ অহা বনুৱাৰ দৰে আঘোন মাহত বাংলাদেশৰ মৈমনসিং, চিলেটৰ পৰা ধান দাবলৈ মানুহ আহিছিল । কিন্তু এই লোকসকলৰ ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰমৰ মাজতে বিকাশ আৰু উন্নতিৰ মন্ত্ৰ লুকাই আছে সেই কথা অসমৰ মানুহে আজিও ভালদৰে উপলব্ধি কৰিব পৰা নাই । ই বৰ পৰিতাপৰ কথা ।
বানপানী আৰু ধুমুহাৰ দৰে প্ৰাকৃতিক দুৰ্যোগে নিয়মীয়াকৈ জুৰুলা কৰি থকাৰ বাবে দেশখনৰ লোকসকলে যিমান পৰিশ্ৰম  কৰে সেই অনুপাতে সুফল পোৱাৰ পৰা বঞ্চিত হৈ আহিছে । কিন্তু হাজাৰ প্ৰতিকূল পৰিস্থিতিকো আওকান কৰি পুনৰ দুগুন শক্তিৰে মূৰ দাঙি উঠাটো দেশখনৰ মানুহৰ জন্মগত স্বভাৱ । যোৱা কিছুবছৰৰ পৰা প্ৰাকৃতিক দুৰ্যোগৰ প্ৰকোপ কিছু কমাৰ বাবে দেশখনৰ চকুত লগা উন্নতি হোৱা দেখিবলৈ পোৱা গৈছে । যোৱা কিছুবছৰৰ পৰা দেশখনৰ মুঠ ঘৰুৱা উৎপাদন 7% হাৰত বৃদ্ধি হৈ আছে । 2009 চনৰ 100 বিলিয়ন ডলাৰৰ অৰ্থনীতিৰ দেশখন 2019 লৈ 303 বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে । এই সময়চোৱাত দৰিদ্ৰতাৰ হাৰ 56% ৰ পৰা 22% লৈ হ্ৰাস পাইছে । বিশ্বৰ বস্ত্ৰৰ বজাৰ বাংলাদেশী বস্ত্ৰ উদ্যোগে নিজৰ হাতৰ মুঠিলৈ আনিবলৈ সক্ষম হৈছে । আজি বিশ্বৰ দ্ৰুতগতিত বিকাশ লাভ কৰা দেশবোৰৰ ভিতৰত বাংলাদেশ দ্বিতীয় স্থানত আছে । বিশেষজ্ঞ সকলৰ মতে অচিৰেই বাংলাদেশে প্ৰথম স্থান অধিকাৰ কৰিব ।  ইতিমধ্যে দেশখন বিশ্বৰ আটাইতকৈ কম বিকশিত দেশৰ তালিকাৰ পৰা ওলাই আহিছে । মানৱ উন্নয়নৰ সূচ্যাংকৰ বহুবোৰ ক্ষেত্ৰত দেশখনৰ মান ওপৰলৈ আহিছে । পুৰুষসকলৰ লগতে মহিলাসকলেও দেশৰ উন্নয়নত সমানে অংশীদাৰ হৈছে । মহিলা সবলীকৰণ আৰু লিঙ্গ বৈষম্য দূৰ কৰাত দেশখন সফল হৈছে । মানৱ উন্নয়ন সূচ্যাংক্যৰ কেইবাটাও ক্ষেত্ৰত বাংলাদেশে ভাৰতক পিছ পেলাইছে । বিকাশৰ গতিৰ লগতে টকাৰ মূল্যমান আৰু কেইবাটাও দিশত বাংলাদেশে ভাৰতক তীব্ৰ প্ৰত্যাহবান জনাইছে আৰু অনুমান কৰামতে কেইবছৰমানৰ ভিতৰতে বিকাশ আৰু টকাৰ মূল্যমানৰ ক্ষেত্ৰত বাংলাদেশে ভাৰতক পিছ পেলাবও পাৰে । অৰ্থাৎ অদূৰ ভৱিষ্যতে ভাৰতৰ 1 টকাৰ বিনিময় মূল্য বাংলাদেশৰ 1 টাকাতকৈ কম হ’বও পাৰে । বৰ্তমান ভাৰতীয় এটকাৰ মূল্য বাংলাদেশী 1:14 টকাৰ সমান । 2008 চনত ভাৰতৰ  1 টকাৰ মূল্য বাংলাদেশৰ 1:75 টকাৰ সমান আছিল । এনেদৰে বাংলাদেশে সকলো দিশতে উন্নতি কৰিছে । আচলতে অসমীয়া লোকে বাংলাদেশৰ মানুহৰ যিধৰণৰ কঠোৰ পৰিশ্ৰম আৰু জীৱন সংগ্ৰাম দেখিআহিছে তাৰ পাছতো দেশখনে উন্নতি কৰিব নোৱাৰাটোহে আচৰিত হ’বলগীয়া কথা ।

সম্প্ৰতি এই লেখাত বাংলাদেশৰ নতুন প্ৰজন্মই ফ্ৰিলেন্স কামৰ দ্বাৰা ঘৰতে থাকি বিদেশৰ পৰা বিপুল পৰিমানৰ টকা উপাৰ্জন কৰাৰ বিষয়ে আলোচনা কৰিব বিচাৰিছো । এজন ফ্ৰিলেন্সাৰক  (freelancer) তেওঁৰ নিয়োগকৰ্তা বা ক্লায়েন্টে (কোনো দেশী বা বিদেশী কোম্পানী, অনুষ্ঠান আদি) কোনো প্ৰজেক্ট, সেৱা বা কামৰ বাবে নিৰ্দিষ্ট মাননীৰ বিনিময়ত কামত নিয়োগ কৰে । একোজন ফ্ৰিলেন্সাৰে একে সময়তে বেলেগ বেলেগ ক্লায়েন্টৰ বাবে বেলেগ বেলেগ কাম কৰিব পাৰে । সেইদৰে ক্লায়েন্ট আৰু ফ্ৰিলেন্সাৰ বেলেগ বেলেগ দেশৰ হ’ব পাৰে । তেওঁলোকৰ মাজত দেখা দেখি নহ’বও পাৰে । সহজ ভাষাত কবলৈ গ’লে একোজন ফ্ৰিলেন্স সাংবাদিকে একেখন কাগজ বা মেগাজিনত নিলিখি বেলেগ বেলেগ কাগজ, মেগাজিনৰ বাবে ধনৰ বিনিময়ত লিখাৰ দৰে কথা ।

বহুতো দেশী বিদেশী কোম্পানী, অনুষ্ঠান আদিয়ে খৰচ কমাবৰ বাবে বা অন্য কাৰণত বহুতো কাম নিজৰ কৰ্মচাৰীৰ দ্বাৰা নকৰাই বাহিৰৰ লোকৰ দ্বাৰা কৰাই লয় । সাধাৰণতে কম্পিউটাৰ আৰু ইন্টাৰনেটৰ সহায়ত ডিজিটেল মাধ্যমত কৰা এনে কামবোৰৰ ভিতৰত আছে কনচাল্টেন্সি, ৱেব ডিজাইন, লগ ডিজাইন কৰা, এপ ডেভেলপমেন্ট, কন্টেন্ট ডেভেলপমেন্ট, কিতাপৰ সম্পাদনা কৰা, ডাটা এন্ট্ৰি, কম্পিউটাৰ প্ৰগেমিং, টেক্স কম্পিউটিং, আইনগত কাম, চেলচ, মাৰ্কেটিং আদি বহুতো কাম ।

উল্লেখযোগ্য যে এনেবোৰ কাম কৰিবলৈ কোনো আনুষ্ঠানিক শিক্ষা নালাগে । কম্পিউটাৰ জনাসকলে কাৰোবাৰ পৰা অলপ শিকি দক্ষতা অৰ্জন কৰি এই কামবোৰ কৰিব পাৰে । বিশ্বৰ বিভিন্ন দেশৰ কোম্পানীবোৰে এনেবোৰ কাম নিজে নকৰি কম মূল্যতে ভাৰত, বাংলাদেশ আদি বহুতো দেশৰ লোকৰ দ্বাৰা কৰাই লয় । উল্লেখযোগ্য যে বিশ্বত দ্ৰুত বিকাশ লাভ কৰা ফ্ৰিলেন্স কামৰ 24% ভাৰতে, 16% বাংলাদেশৰ লোকে আৰু 12% আমেৰিকাৰ লোকে কৰে । ভাৰতৰ ফ্ৰিলেন্সাৰ সকলে ঘাইকৈ টেকনলজি আৰু ছফটৱেৰ সম্পৰ্কীয় কামবোৰ কৰে আৰু বাংলাদেশৰ ফ্ৰিলেন্সাৰ সকলে চেলচ আৰু মাৰ্কেটিং সম্পৰ্কীয় কামবোৰ সম্পাদন কৰে । অক্সফোর্ড ইন্টাৰনেট ইনষ্টিটিউটৰ সমীক্ষামতে যোৱা বছৰটোত বাংলাদেশৰ ফ্ৰিলেন্সাৰসকলে এক বিলিয়ন ডলাৰ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু বিশ্বৰ ভিতৰত অষ্টম স্থানত আছে । এই সমীক্ষামতে বাংলাদেশত পঞ্জীয়নভুক্ত 7,000 ফ্ৰিলেন্সাৰ আছে । বাংলাদেশ চৰকাৰৰ ICT বিভাগৰ মতে 2019 চনত দেশখনত 6,50,000 ফ্ৰিলেন্সাৰ আছে আৰু ইয়াৰে 5,00,000 সক্ৰিয় । তথ্যমতে এই পেশাত 9% মহিলা জড়িত হৈ আছে ।  মহিলাৰ জড়িতৰ হাৰ 50% কৰিব পাৰিলে দেশখনৰ অৰ্থনীতিত  এক ত্ৰিলিয়ন ডলাৰৰ অৰিহনা যোগাব পাৰিব বুলি আশা কৰা হৈছে । বাংলাদেশী ফ্ৰিলেন্সাৰ সকলে প্ৰধানকৈ আমেৰিকা, বৃটেইন আৰু জাপানৰ ক্লায়েন্টৰ হৈ কাম কৰে । যদিও দেশখনৰ চৰকাৰে ফ্ৰিলেন্সাৰ সকলক উৎসাহিত কৰিবলৈ বহুত চেষ্টা কৰিছে, বহুতকে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে, তথাপি দেশখনৰ সামগ্ৰীক আন্ত:গাঠনি এইক্ষেত্ৰত বাধা হৈ পৰিছে । সঘনে বিদ্যুৎ ব্যাহত হোৱা, গাওঁ অঞ্চলত দুৰ্বল ইন্টাৰনেট, অনলাইন লেনদেনৰ সমস্যা আদি এইক্ষেত্ৰত প্ৰধান অন্তৰায় হিচাপে চিনাক্ত কৰা হৈছে । অসমৰ যুৱচামেও এই বিষয়ত আগবাঢ়ি উপাৰ্জনৰ পথ মুকলি কৰাৰ প্ৰচুৰ সম্ভাৱনা আছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More