বাঢ়িছে জলস্তৰ! সমগ্ৰ বিশ্ব পানীৰে প্লাৱিত হ’ব…

0 48
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩১ আগষ্ট : এনে ভয় বহুদিনৰ পৰাই অব্যাহত আছে। পৰিৱেশ বিজ্ঞানী, জলবায়ু বিশেষজ্ঞসকলে বাৰে বাৰে মানুহক এই কথা সোঁৱৰাই আহিছে। কিন্তু কোন দেশ, কি মানুহে, কোনেও হয়তো এই সতৰ্কবাণী মানি লোৱা নাই। গতিকে পৰিস্থিতি একেই আছে বা অধিক বিপজ্জনক হৈ উঠিছে। কিন্তু বিপদ কি? জলমগ্ন হোৱাৰ বিপদত পৰিছে পৃথিৱী। গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে পৃথিৱীখন অলপ অলপকৈ উষ্ণতা বাঢ়িবলৈ ধৰিছে। পৃথিৱীৰ সঞ্চিত বৰফৰ মুকুট গলি গৈ আছে। মেৰু বৰফৰ টুপিটোৱে সেই অতিৰিক্ত পানী সাগৰ পৃষ্ঠত যোগ কৰি আছে। শেহতীয়াকৈ পুনৰ এনে আশংকাৰ খবৰ আহিছে। গ্ৰীণলেণ্ডৰ বৰফৰ তৰপটো ব্যাপকভাৱে গলিলে অতি সোনকালে পৃথিৱীৰ সমুদ্ৰপৃষ্ঠ গড়ে ১০ ইঞ্চি বা ২৭ চেণ্টিমিটাৰ বৃদ্ধি পাব! পৰিমাণ নগণ্য নহয়। সমগ্ৰ বিশ্বতে গড়ে প্ৰায় ১ ফুট পানী বৃদ্ধি হোৱাটোৱেই ৰাতিৰ ভাল টোপনিত ব্যাঘাত জন্মাবলৈ যথেষ্ট। কাৰণ, যিকোনো দিনতেই আপুনি চিনি পোৱা আৰু মোৰ চহৰখনত বা গাঁওখনত পানী সোমাব পাৰে। বিশেষকৈ নিম্ন অঞ্চলবোৰত। বিশ্বৰ সামগ্ৰিক পৰিৱেশ স্বাস্থ্যৰ বাবে ই অতিশয় চিন্তনীয়। বৈজ্ঞানিক ভাষাত ইয়াক ‘জম্বি আইচ’ বা ‘ডুমড আইচ’ বুলি কোৱা হয়। এই বৰফৰ তৰপটো বৰ ডাঠ। এতিয়াও মূল আইচ টিৰ লগত সংলগ্ন হৈ আছে; পৃথক হোৱা নাই। কিন্তু বিজ্ঞানীসকলৰ আশংকা যে ই হয়তো সোনকালে বৰফ নাইকিয়া হ’ব পাৰে। আৰু তেতিয়াই সাগৰৰ জলপৃষ্ঠ বৃদ্ধিৰ এই ভয়ংকৰ পৰিঘটনাটো অধিক ভয়ংকৰ ৰূপত ঘটিব বুলি ভবা হয়। মূল হিমবাহক ‘পিতৃ হিমবাহ’ বোলা হয়। কিন্তু সমস্যাটো হ’ল, জলবায়ু উষ্ণ হৈ থকাৰ লগে লগে এই মূল হিমবাহবোৰত আৰু নতুন বৰফৰ তৰপ জমা হোৱা নাই। ফলত এইবোৰ ক্ষীণ আৰু দুৰ্বল হৈ পৰিছে আৰু তাৰ সৰু সৰু অংশবোৰ মূল হিমবাহৰ পৰা পৃথক হ’বলৈ ওলাইছে। ‘সৰু’ হ’লেও বিশ্বৰ সমুদ্ৰপৃষ্ঠ বৃদ্ধি কৰিবলৈ ই যথেষ্ট। ডেনমাৰ্ক আৰু গ্ৰীণলেণ্ডৰ জিঅ’লজিকেল চাৰ্ভেৰ হিমবিজ্ঞানী জেছন বক্স আৰু উইলিয়াম কলগানে এই বিষয়ে এখন গৱেষণা পত্ৰত এই উদ্বেগ প্ৰকাশ কৰিছে। ‘নেচাৰ ক্লাইমেট চেঞ্জ’ নামৰ আলোচনীখনত প্ৰকাশ পাইছে এই গৱেষণা পত্ৰখন। হিমবিজ্ঞানী উইলিয়াম কলগানে কয় যে, এই মুহূৰ্তত কেইবাটাও বৰফৰ টুকুৰা ভাঙি পানীত ওপঙি আছে। কিন্তু এইবাৰ সাগৰৰ জলপৃষ্ঠৰ পৰিমাণ বৃদ্ধি হ’বলৈ গৈ আছে, যোৱা কেইবছৰমানৰ পৰা বিজ্ঞানীসকলে আশংকা প্ৰকাশ কৰি আহিছে যে গ্ৰীণলেণ্ডৰ বৰফ গলি যোৱাৰ ফলত যিমান পানী বৃদ্ধি হ’ব পাৰে সেয়া ভবাতকৈ প্ৰায় দুগুণ হ’ব পাৰে। এই কথা সোঁৱৰাই দিছিল হিমবাহবিদ জেছন বক্সে। কিন্তু তেওঁলোকে আৰু যি ক’লে, সেই কথাই মানুহৰ ভয় বৃদ্ধি কৰাৰ বাবে যথেষ্ট। কাৰণ, ই প্ৰকৃততে জলস্তৰ ৩০ ইঞ্চি পৰ্যন্ত বৃদ্ধি কৰিব পাৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ‘জলবায়ু পৰিৱৰ্তনৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় চৰকাৰী পেনেল’এ ভৱিষ্যদ্বাণী কৰিছিল যে ২১০০ চনৰ ভিতৰত পানীৰ স্তৰ মাত্ৰ ২-৫ ইঞ্চি বৃদ্ধি হ’ব পাৰে। কিন্তু এই শেহতীয়া পৰ্যবেক্ষণৰ পৰা অনুমান কৰিব পাৰি যে পানী বৃদ্ধি তাতকৈ বহু বেছি হ’বলৈ গৈ আছে। আৰু সেইটোৱেই ভয় বঢ়াইছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More