বাণ থিয়েটাৰত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ দুশ নৱপ্ৰজন্মৰ কন্ঠত জয়ন্ত হাজৰিকাৰ গীত

উৎকট গৰমতো প্ৰতিযোগীৰ অভূতপূৰ্ব সমাহাৰ

0 7

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২২ জুলাই : চিৰসেউজ, দৰদী গীতেৰে শ্ৰোতাৰ অন্তৰ জয় কৰি যোৱা বিশিষ্ট কন্ঠশিল্পী, সুৰকাৰ, সংগীতশিল্পী জয়ন্ত হাজৰিকাৰ গীতসমূহ চিৰযুগমীয়া কৰি ৰখাৰ মানসেৰে তেজপুৰৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান “সংগীতম” এ বিগত দুটা বছৰৰ পিছত এইবাৰো তেজপুৰৰ বাণ থিয়েটাৰত আয়োজন কৰা সদৌ অসম ভিত্তিক তৃতীয় বাৰ্ষিক জয়ন্ত হাজৰিকাৰ গীতৰ প্ৰতিযোগিতাত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় দুশ প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰি উৎকট গৰমতো আজি অভূতপূৰ্ব পৰিৱেশৰ সৃষ্টি কৰে । দুটা শাখাত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতা আজি পুৱা সংগীতমৰ শীৰ্ষ গীতৰ মাজত পুৰোধা শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে বাণ থিয়েটাৰৰ সভাপতি তথা বিশিষ্ট গীতিকাৰ সুৰকাৰ বংকিম শৰ্মাৰ লগতে বিশিষ্ট সংগীতশিল্পী তথা জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ লিখন শৰ্মা, বাণ থিয়েটাৰৰ উপসভাপতি ভৱানন্দ দাস, সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী আৰু কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই ।সংগীতমৰ সকলো সদস্য – সদস্যা আৰু বিষয়ববীয়াৰ উপস্থিতিত শুভাৰম্ভণি অনুষ্ঠানটিত এই প্ৰতিযোগিতাত বিচাৰকৰ আসন অলংকৃত কৰা মঙলদৈৰ বিশিষ্ট সংগীতশিল্পী, গায়ক, সুৰকাৰ, জীৱেন্দ্ৰ মোহন দেৱশৰ্মা আৰু ডিব্ৰুগড়ৰ সংগীতশিল্পী, তথা আকাশবাণীৰ শিল্পী, লোকশিল্পী জয়ন্ত দত্তৰ লগতে সকলো বন্তি প্ৰজ্বলককে বিশেষ ভাৱে সন্মানিত কৰে। উল্লেখ্য যে, পুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ প্ৰতিযোগী সকল বাণ থিয়েটাৰত উপস্থিত হোৱাৰ পিছত নিজৰ নাম পঞ্জীয়ন কৰিবলৈ হেতা ওপৰা লগোৱাৰ পিছত বাণ থিয়েটাৰৰ প্ৰেক্ষাগৃহ মুখৰিত হৈ পৰে জয়ন্ত হাজৰিকাৰ মেলডীভৰা গীতেৰে। প্ৰতিযোগিতাত “ক” শাখাৰ প্ৰথম প্ৰতিযোগীক নগদ ১০, ১০০ টকা আৰু অঞ্জনজ্যোতি শৰ্মা সোঁৱৰণী বঁটা , দ্বিতীয় প্ৰতিযোগীক বিজয়া বৰাৰ সোঁৱৰণত নগদ ৭,৭০০ আৰু অমিয়া বৰগোঁহাই সোঁৱৰণী বঁটা আৰু তৃতীয় প্ৰতিযোগীক নগদ ৫,৫০০ টকা আৰু কৃষ্ণকান্ত বৰদলৈ সোঁৱৰণী বঁটাৰ লগতে নীল চন্দ্র গোস্বামী সোঁৱৰণী বিশেষ বঁটা প্ৰদান কৰা হ’ব। সেইদৰে “খ” শাখাৰ প্ৰথম প্ৰতিযোগীক শোভন চন্দ্র বৰাৰ সোঁৱৰণত নগদ ১৫, ৫০০ টকা আৰু অন্নদা দাস, অনু দাস সোঁৱৰণী বঁটা, দ্বিতীয় প্ৰতিযোগীক যাদৱানন্দ তালুকদাৰ আৰু হেমপ্ৰভা তালুকদাৰৰ সোঁৱৰণত নগদ ১২, ২০০ টকা আৰু প্ৰভাত শৰ্মা, লাৱণ্য প্ৰভা সোঁৱৰণী বঁটা আৰু তৃতীয় প্ৰতিযোগীক নগদ ৮,৮০০ টকা আৰু তৰুলতা চেতিয়া, হিড়িম্বেশ্বৰ চেতিয়া সোঁৱৰণী বঁটাৰ লগতে শিৱৰাম ভূঞাৰ সোঁৱৰণত বিচাৰকৰ বিশেষ বঁটা প্ৰদান কৰা হ’ব।উল্লেখ্য যে, ৰুচীশীল গীত – মাতৰ প্ৰতি উঠি অহা প্ৰজন্মৰ আগ্ৰহ দেখি বাণ থিয়েটাৰৰ সভাপতি তথা প্ৰবীণ গীতিকাৰ – সুৰকাৰ বংকিম শৰ্মাই এয়া এক উৎসাহজনক খবৰ বুলি সাংবাদিকৰ আগত মন্তব্য কৰি পুৰস্কাৰক একাষৰীয়াকৈ থৈ ই এক আশাব্যঞ্জক খবৰ বুলি অভিহিত কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More