বানত বিপৰ্যয় বাঁহবাৰী মৌজাত

কালভাৰ্ট, পথ ছিঙি নিয়াৰ যাতায়াত ব্যাহত

0 10

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ২৮জুনঃ জৰাসৰৰ বানে তেজপুৰৰ নিকটৱৰ্তী বালিপৰাত বিধ্বংসীৰূপ ধাৰণ কৰাৰ সমান্তৰাল ভাবে তেজপুৰৰ তথা চাৰিদুৱাৰ ৰাজহচক্ৰৰ হাটখোলা বাঁহবাৰী, বিন্দুকুৰি, ঘগৰা, ডেকাচুবুৰী, মোৱামাৰী আদিত ব্যাপক ক্ষতি কৰিছে৷ জৰাসৰ আৰু ডিপোতা নৈৰ বাঢ়নি পানীয়ে আজি ঘগৰা বিন্দুকুৰী পথৰ এটা কালভাৰ্ট ছিঙি নিয়াৰ লগতে একেটা পথৰে আন এচোৱা ছিঙি নিয়ে৷ ইতিমধ্যে গাঁও সমূহত পানীয়ে সকলো খেতি পথাৰ বুৰাই পেলোৱাৰ উপৰি বৰ্তমান এই গাঁও সমূহৰ প্ৰতিটো পৰিয়ালৰ বাসগৃহ একঁকাল পানীত বুৰ গৈছে৷ সম্প্ৰতি ৰাইজৰ মাজত হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হোৱাৰ সময়তে বাঁহবাৰী ডেকাচুবুৰী অঞ্চলতো বিপৰ্যয়ৰ সৃষ্টি হৈছে৷ উল্লেখযোগ্য যে ইয়াত ৰাইজে নিজাববীয়াকৈ ধন সংগ্ৰহ কৰি তথা ২০হেজাৰ টকা সঞ্চয় গোটৰ পৰা ঋণ লৈ এটা বান্ধ নিৰ্মাণ কৰিছিল প্ৰায় এমাহ পূৰ্বে৷ কিন্তু আজি এই বান্ধটোৰ এচোৱাও প্ৰলয়ংকৰী বানে খহাই নিয়াত অঞ্চলটোত হাঁহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More