বায়খো উৎসৱত জুইৰ সৈতে নাচিছে বায়ব্ৰাই

0 23

গোৱালপাৰা, ১৭ এপ্ৰিল:-গোৱালপাৰা জিলাৰ এক নং বৰঝৰা নদীয়াপাৰা গাঁৱৰ নলঙ্গা পাহাৰত থকা বায়খো মন্দিৰৰ প্ৰাঙ্গণত আজি সন্ধিয়াৰ পৰা আৰম্ভ হৈছে ৰাভা জাতীয় উৎসৱ বায়খো পূজা । কৃষি ভিত্তিক এই উৎসৱত ৰাভাসকলে জুইৰ সৈতে খেলা-নৃত্য কৰে। বায়খো দেৱীক আৰাধনা কৰি ৰাভা সকলে পৰম্পৰাগতভাৱে পৱিত্ৰতাৰ পৰিচয় দিয়ে । বায়খো এগৰাকী শক্তিশালী দেৱী। ৰাভাসকলে সাহসেৰে লিপ্ত হয় । যাক কিল্লা দিবিকায় বুলিও কয় ।বায়খো পূজাত অগ্নি পৰীক্ষাত অংশগ্ৰহণ কৰাসকলক বায়ব্ৰা বুলি কয় । এই বায়ব্ৰাসকলে সাত দিন সাত ৰাতি বায়খো থানত পৰম্পৰা নীতিৰে নিজকে শুদ্ধি কৰি দেৱীক আৰাধনা কৰি থাকিব লাগে । বায়খো পূজাৰ জৰিয়তে ৰাভাসকলে ৰোগ,ব্যাধি,অপায়,অমংগল আদি দূৰ কৰাৰ কামনা কৰাৰ লগতে শস্যৰ নদন বদন হোৱাটো বিচাৰে । এক নং বৰঝৰা নদীয়াপাৰাত আজিৰ পৰা তিনিদিন ধৰি চলিব বায়খো পূজা । আজি সন্ধিয়া ধুমুহা-বৰষুণক আওকান কৰি বায়ব্ৰাসকলে অগ্নি পৰীক্ষা সমাপ্ত কৰে।প্ৰবাদ আছে বায়খো পূজা দিনা ধুমুহা বৰষুণ আহিবই ।এয়া ৰাভাসকলৰ বিশ্বাস । আনহাতে ৰাভা যুৱক-যুৱতীয়ে বায়খো উৎসৱতে প্ৰণয় গীতেৰে নিজৰ মনৰ আপোন মানুহক প্ৰেম ভালপোৱা নিবেদন কৰাৰো পৰম্পৰা আছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More