বাৰ্মুদা ত্ৰিভুজৰ ৰহস্য ভেদ! বৈজ্ঞানিকে জনালে বিমান-জাহাজ কিয় হেৰাই

0 52
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ মে’ : বাৰ্মুদা ট্রায়াঙ্গল বিশ্বৰ অন্যতম ৰহস্যময় স্থান। কোৱা হয় যে, সমুদ্রৰ এই ৰহস্যময় অঞ্চলৰ ওপৰেদি যিয়েই যায় তাকেই এক অদৃশ্য শক্তিয়ে টানি লৈ যায়। বিগত ১০০ বছৰৰ ইতিহাসত ইয়াত প্রায় ৭৫খন বিমান হেৰাই গৈছে আৰু নিখোজ হৈছে বিমানত থকা ১ হাজাৰৰো অধিক মানুহ। বহু দশক ধৰি এক অজানা ৰহস্যময় স্থান হিচাবে শীর্ষত আছিল বিশ্বৰ এই বিতর্কিত অঞ্চল বাৰ্মুদা ট্রায়েঙ্গল বা বাৰ্মুদা ত্ৰিভুজ।1652507443128
* বিজ্ঞানী কাৰ্ল ক্ৰুজেলনিকৰ দাবী
সম্প্রতি আন্তর্জাতিক এক সংবাদ মাধ্যমত অষ্ট্রেলিয়াৰ এগৰাকী বৈজ্ঞানিকে দাবী কৰিছে যে, তেওঁ বাৰ্মুদা ত্ৰিভুজৰ ৰহস্যৰ সমাধান কৰি পেলাইছে। বিজ্ঞানী কার্ল ক্রুজেলনিকে দাবী কৰিছে যে, বাৰ্মুদা ট্রায়েঙ্গলক ঘেৰি এলিয়েনৰ ঘাটি বা আটলান্টিছৰ হেৰুৱা চহৰ’ সম্পৰ্কীয় যিবোৰ কথা আৰু কাহিনী প্ৰচলিত হৈ আহিছে, তাত প্ৰকৃততে এনে একোৱেই নাই। কোনো প্রমাণ অবিহনেই এনে ধৰণৰ এলিয়েনৰ ঘাটি বা হেৰুৱা চহৰৰ কথা কোৱা একেবাৰেই উচিত নহয়। পানীত হেৰাই যোৱা বিমান আৰু জাহাজ নিখোজ হোৱাৰ লগত এলিয়েন ঘাটি বা ‘আটলান্টিছৰ হেৰুৱা চহৰ’ৰ কোনো সম্পর্ক নাই। সম্প্রতি আন্তর্জাতিক সংবাদ মাধ্যম মেট্র’ৰ এক বাতৰিত কোৱা হৈছে যে, বাৰ্মুদা ট্রায়াঙ্গলত বিপুলসংখ্যক জাহাজ আৰু বিমান নিখোজ হোৱাৰ পিছত মানৱিক ত্রুটি আৰু বেয়া বতৰেই দায়ী বুলি অনুমান কৰিছে অষ্ট্ৰেলিয়ান বিজ্ঞানী কার্ল ক্রুজেলনিকে।
* ডেভিলছ ট্রায়াঙ্গল
বাৰ্মুদা ট্রায়েঙ্গল ঘেৰি নানা লোক-কথা প্রচাৰ হওঁতে হওঁতে ৰহস্যময় এই স্থান ধীৰে ধীৰে  ‘ডেভিলছ ট্রায়াঙ্গল’ নামেৰেও পৰিচিতি হৈ পৰিছে। এয়া বিশ্বৰ এনে এক স্থান; যাক ঘেৰি মানুহৰ মনত এক মাৰাত্মক কৌতুহল সৃষ্টি হৈছে। পাঁচটা স্থানৰ ভিতৰত এই স্থানক বিশ্বৰ অন্যতম এক ৰহস্যময় স্থানত পৰিণত কৰিছে। এইটো হৈছে সমুদ্রৰ মাজৰ ৭০০,০০০ বর্গ কিলোমিটাৰৰ এক ব্যস্ত এলেকা। সেয়ে এই ঠাইত প্রায়েই দুর্ঘটনা ঘটে। বিজ্ঞানীসকলে কয় যে, বাৰ্মুদা ত্ৰিভুজ বিষুৱৰেখাৰ ওচৰা ওচৰি আৰু আমেৰিকাৰ পৰা ইয়াৰ দূৰত্ব তেনেই কম, সেয়ে ইয়াত যানজঁট বেছি।
* ওখ ঢৌ আৰু পাইলটৰ ভুল
বাৰ্মুদা ট্রায়াঙ্গলত নিখোজ হোৱাৰ সংখ্যা শতাংশৰ ফালৰ পৰা বিশ্বৰ অন্য যিকোনো ঠাইৰ দৰেই। তেওঁ ফ্লাইট ১৯-ৰ পাঁচখন বিমান নিখোজ হোৱাৰ কাৰণো কৈছে। যাৰ পিছতেই বাৰ্মুদা ট্রায়াঙ্গলৰ ৰহস্য আৰম্ভ হৈছিল। তেওঁ কয় যে, সেইদিনা আচলতে ১৫ মিটাৰ ওখ তৰঙ্গ আছিল, যি বিমানবোৰত গভীৰ প্রভাৱ পেলাইছিল। তেওঁ কয় যে, সেইসমূহ ফ্লাইটত একমাত্র অভিজ্ঞ পাইলট আছিল লেফটেনেন্ট চার্লছ টেলৰ, যাৰ মানৱিক ত্রুটিসমূহ দুর্ঘটনাৰ কাৰণ হৈছিল। তেওঁ কয় যে, পেট্র’ল প্রবাহৰ আগৰে পৰা ৰেডিও ট্রান্সক্রিপ্টবোৰে স্পষ্ট কৰিছে যে, ফ্লাইট ১৯ আচল অৱস্থানৰ পৰা বিচ্যুত হৈছে। গভীৰ পানীত জাহাজ আৰু বিমানৰ ধ্বংসাৱশেষ বিচাৰি পোৱা কঠিন; সেয়ে নিখোজ হোৱাৰ কোনো প্রমাণ নাই।
* ভাৰততো আছে ‘বাৰ্মুদা ত্ৰিভুজ’!
ভাৰততো আছে এনে এক ৰহস্যময় ত্রিভুজ? অবাক হ’লেও সত্য! উৰিষ্যা, ঝাড়খণ্ড আৰু পশ্চিমবংগৰ তিনিটা অঞ্চলৰ মাজত এক ত্রিভুজাকাৰ এলেকাক ভাৰতৰ বাৰ্মুদা ট্রায়াঙ্গল বুলি অভিহিত কৰা হয়। যি তিনিটা বিন্দুৱে এই ত্রিভুজ গঠন কৰিছে সেইকেইটাৰ অৱস্থান উৰিষ্যাৰ আমাৰদা এয়াৰফিল্ড, ঝাড়খণ্ডৰ চাকুলিয়া আৰু বাঁকুড়াৰ ওচৰৰ পিয়াৰডোবাত। বাৰ্মুদাৰ দৰে উধাও নহ’লেও এই ঠাইত বিমান দুর্ঘটনা ঘটিছে ১৬ বাৰ। মৃত্যু হৈছে সকলো মিলি ২৫ জন। ঠিক কি কাৰণে এইসমূহ দুর্ঘটনা ঘটিছে সেয়া আজিও অজানা। আমাৰদা এয়াৰফিল্ড প্ৰস্তুত কৰা হৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত। এতিয়া পৰিত্যক্ত হ’লেও এসময়ত প্রচুৰ যুদ্ধ বিমান উঠা নমা কৰিছিল এই এয়াৰস্ট্রিপত। উৰিষ্যাৰ ময়ূৰভঞ্জ জিলাৰ গোবিন্দ্রাসপুৰ এলেকাৰ কাষতেই আছে আমাৰদা ৰে’ল ষ্টেচন। তাৰ ওচৰতে ৬০০ একৰ মাটিত এই এয়াৰফিল্ড। ১৯৪৪ চনৰ ৪ মে’ত প্রথম দুখন যুদ্ধবিমানৰ খুন্দা লাগে ‘ভাৰতৰ বাৰ্মুদা ট্রায়াঙ্গল’ত। আমেৰিকান লিবাৰেটৰ যুদ্ধবিমান আৰু হার্ভার্ড দ্য হেভিলেণ্ড ব্রিটিছ যুদ্ধবিমানৰ মুখামুখি সংঘর্ষ হয়। প্রাণ যায় ৪ জনৰ। সেয়াই আৰম্ভণি। তিনি দিন পিছত পুনৰ দুর্ঘটনা। এইবাৰ টেক অফ কৰাৰ পিছত ১০ জন থকা এখন বিমান ধ্বংস হৈ যায়। এক সপ্তাহ পিছত আৰু এখন যুদ্ধবিমান দুর্ঘটনাৰ মুখত পৰে। শেহতীয়া দুর্ঘটনাটো ঘটিছে ২০১৮ চনত। ৰহস্য সৃষ্টি হোৱাৰ সকলোতকৈ ডাঙৰ কাৰণ হ’ল, বিমানবোৰত কোনো যান্ত্রিক ত্রুটি পোৱা হোৱা নাই আৰু বতৰো একেবাৰে অনুকূল আছিল। ওচৰৰে ঝাড়খণ্ডৰ জাদুগোৰাত এটা ইউৰেনিয়ামৰ খনি আছে। ইউৰেনিয়ামৰ তেজস্ক্রিয়তাৰ কাৰণে বিপর্যয় ঘটিছে বুলি বিভিন্ন সময়ত অনুমান কৰা হৈছে যদিও সেয়া প্রমাণিত হোৱা নাই।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More